অসম

assam

ETV Bharat / bharat

ইজৰাইলৰ দূতাবাসৰ সমীপত সংঘটিত বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ জইছ-উল-হিন্দৰ - ইজৰাইলৰ দূতাবাসৰ সমীপত সংঘটিত বিস্ফোৰণ

দিল্লীস্থিত ইজৰাইলৰ দূতাবাসৰ সমীপত সংঘটিত বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিলে সন্ত্ৰাসবাদী সংগঠন জইছ-উল-হিন্দে । যোৱা ২৯ জানুৱাৰীত সংঘটিত হৈছিল বোমা বিস্ফোৰণ ।

ইজৰাইলৰ দূতাবাসৰ সমীপত সংঘটিত বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিলে জইছ-উল-হিন্দে
ইজৰাইলৰ দূতাবাসৰ সমীপত সংঘটিত বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিলে জইছ-উল-হিন্দে

By

Published : Jan 30, 2021, 5:34 PM IST

নেশ্যনেল ডেস্ক, ৩০ জানুৱাৰী: যোৱা ২৯ জানুৱাৰীত দিল্লীস্থিত ইজৰাইলৰ দূতাবাসৰ সমীপত সংঘটিত হোৱা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিলে সন্ত্ৰাসবাদী সংগঠন জইছ-উল-হিন্দে । দিল্লী আৰক্ষীৰ এক বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে, ছ'চিয়েল মিডিয়াত এখন ফটো ভাইৰেল হৈছে আৰু এই ফটোখনৰ জৰিয়তে জইছ-উল-হিন্দ নামৰ এটা সংগঠনে স্বীকাৰ কৰিছে যে ইজৰাইলৰ দূতাবাসৰ সমীপত তেওঁলোকৰ দ্বাৰাই বিস্ফোৰণ সংঘটিত কৰা হৈছিল । লগতে এই বিস্ফোৰণক লৈ সন্ত্ৰাসবাদী সংগঠনটোৱে গৌৰৱান্বিত বুলি উল্লেখ কৰি অতি নিষ্ঠুৰতাৰ পৰিচয় দিছে আৰু অনাগত দিনত ইয়াতকৈও ভয়াৱহ বিস্ফোৰণ সংঘটিত কৰাৰ ভাবুকি দিছে ।

আনহাতে, আৰক্ষীৰ বিশেষ বিভাগে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে । জইছ-উল-হিন্দে সঁচাকৈয়ে এই ঘটনা সংঘটিত কৰিছে নে নিৰাপত্তা সংস্থাসমূহক বিভ্ৰান্ত কৰিবলৈ এনে মন্তব্য কৰিছে সেই বিষয়তো তদন্ত কৰিব আৰক্ষীয়ে । শুক্ৰবাৰে দিল্লীস্থিত ইজৰাইলৰ দূতাবাসৰ সমীপত এক বিস্ফোৰণ সংঘটিত হৈছিল । এই ঘটনাত কোনো হতাহত হোৱা নাই আৰু সম্পত্তিৰো ক্ষতিসাধন হোৱা নাই বুলি জানিবলৈ দিছে দিল্লী আৰক্ষীয়ে ।

এই বিস্ফোৰণ সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ইজৰাইলৰ বৈদেশিক মন্ত্ৰী গাবি আছকেনাজিৰে বাৰ্তালাপ কৰে আৰু ইজৰাইলৰ দূতাবাসৰ কূটনীতিবিদৰ সুৰক্ষাৰ ব্যৱস্থা কটকটীয়া কৰাৰ আশ্বাস দিয়ে ।

লগতে পঢ়ক:কাশ্মীৰত বৃদ্ধি পাইছে শীতৰ প্ৰকোপ

ABOUT THE AUTHOR

...view details