অসম

assam

ETV Bharat / bharat

যোগগুৰু বাবা ৰামদেব আৰু সহযোগীৰ বিৰুদ্ধে জ্যোতি নগৰ থানাত গোচৰ

যোগগুৰু বাবা ৰামদেব, পতঞ্জলীৰ আচাৰ্য বালকৃষ্ণ আৰু জয়পুৰৰ NIMS বিশ্ববিদ্যালয়ৰ পৰিচালক বলবীৰ সিংহৰ বিৰুদ্ধে কৰ'ণা ভাইৰাছ নিৰাময়ৰ ঔষধ প্ৰস্তুত কৰাৰ দাবী জনোৱাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে । জয়পুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অশোক গুপ্তাই জনোৱা অনুসৰি, ৰাজস্থান উচ্চ ন্যায়ালয়ৰ এজন অধিবক্তাৰ অভিযোগৰ ভিত্তিত জ্যোতিনগৰ থানাত গোচৰ ৰুজু কৰা হৈছে ।

jaipur-fir-against-ramdev-others-for-claiming-to-develop-covid-19-cure
jaipur-fir-against-ramdev-others-for-claiming-to-develop-covid-19-cure

By

Published : Jun 28, 2020, 3:37 PM IST

নিউজ ডেস্ক, ২৮ জুন :যোগগুৰু বাবা ৰামদেব, পতঞ্জলীৰ আচাৰ্য বালকৃষ্ণ আৰু জয়পুৰৰ NIMS বিশ্ববিদ্যালয়ৰ পৰিচালক বলবীৰ সিংহৰ বিৰুদ্ধে কৰ'ণা ভাইৰাছ নিৰাময়ৰ ঔষধ প্ৰস্তুত কৰাৰ দাবী জনোৱাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে ।

জয়পুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অশোক গুপ্তাই জনোৱা অনুসৰি, ৰাজস্থান উচ্চ ন্যায়ালয়ৰ এজন অধিবক্তাৰ অভিযোগৰ ভিত্তিত জ্যোতিনগৰ থানাত গোচৰ ৰুজু কৰা হৈছে । তেওঁ পুনৰ জনোৱা অনুসৰি, বাবা ৰামদেবৰ বিৰুদ্ধে আমি বহু কেইখন থানাত গোচৰ ৰুজু হৈছে । কোভিড-১৯ ৰ নিৰাময়ৰ ঔষধ প্ৰস্তুত কৰাৰ দাবী কৰাৰ বাবে তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে ।

লগতে অভিযোগকাৰী অধিবক্তা গৰাকীয়ে জনোৱা অনুসৰি, যি সময়ত সমগ্ৰ বিশ্বই কোভিড-১৯ ৰ ভয়াবহতাত ভুগি আছে তেনে সময়ত ৰামদেবৰ ঔষধ প্ৰস্তুত কৰাৰ দাবী সম্পূৰ্ণৰূপে আইনৰ পৰিপন্থী ।

উল্লেখযোগ্য যে, ২৩ জুনত বাবা ৰামদেৱৰ পতঞ্জলী অনুসন্ধান সংস্থাই এক সংবাদমেলৰ জৰিয়তে কোভিড-১৯ নিৰাময়ৰ বাবে ক'ৰনিল নামৰ এক ঔষধ প্ৰস্তুত কৰাৰ দাবী জনাইছিল যি কৰ'নিলে তিনি দিনত ৰোগীক সুস্থ কৰিব পাৰিব বুলি দাবী জনাইছিল । উক্ত সংবাদমেলৰ পিচতে আয়ুস মন্ত্ৰালয়ে ঔষধ পস্তুত কৰাৰ সকলো দস্তাবেজ আয়ুস মন্ত্ৰালয়ক জমা দিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল । যাৰবাবে বৈজ্ঞানিক কোনো ধৰণৰ নীতি-নিৰ্দেশনা পালন নকৰাকৈ এনে ধৰণৰ ঔষধ প্ৰস্তুত কৰি বজাৰত মুকলি কৰি দিয়াটো সমূৰ্ণৰূপে আইনৰ পৰিপন্থী । এনে প্ৰেক্ষাপততে জ্যোতি নগৰ থানাত ইয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে অধিবক্তাগৰাকীয়ে ।

আনহাতে এই ঘটনাৰ পিচত আচাৰ্য বালকৃষ্ণই জনাই যে, কৰ'নিল প্ৰস্তুত কৰাৰ সময়ত আমি সকলো ধৰণৰ নীতি-নিৰ্দেশনা মানি প্ৰস্তুত কৰিছো ।

বাবা ৰামদেব আৰু সহযোগীৰ বিৰুদ্ধে জ্যোতি নগৰ থানাত গোচৰ

ABOUT THE AUTHOR

...view details