নিউজ ডেস্ক, 6 জুলাইঃ প্ৰসিদ্ধ অৰ্থনীতিবিদ তথা নবেল বঁটাপ্ৰাপক ডঃ অমৰ্ত্য সেনে শেহতীয়াকৈ বিতৰ্কত সোমাই পৰা "জয় শ্ৰী ৰাম" সন্দৰ্ভত নিজৰ মন্তব্য প্ৰকাশ কৰিছে ৷ পুৰণি দিল্লীৰ এটি আবাসিক অঞ্চলত থকা এক দূৰ্গা মন্দিৰ ভাঙি পেলোৱাৰ পিচতেই অৰ্থনীতিবিদগৰাকীয়ে এই সন্দৰ্ভত নিজৰ মতামত প্ৰকাশ কৰে ৷
"জয় শ্ৰী ৰাম"ক লৈ প্ৰতিক্ৰিয়া অৰ্থনীতিবিদ অমৰ্ত্য সেনৰ - Amartya Sen on 'Jai Shri Ram' slogan
নবেল বঁটাপ্ৰাপক ডঃ অমৰ্ত্য সেনে শুকুৰবাৰে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, মা দূৰ্গা, জয় শ্ৰী ৰাম আদিৰ দৰে শ্লোগানৰ বাংলা সংস্কৃতিৰ সৈতে কোনো সম্পৰ্ক নাই ৷ বৰ্তমান সময়ত ভাৰতবৰ্ষত মানুহক প্ৰহাৰ কৰিবলৈ এনেকুৱা শ্লোগান ব্যৱহাৰ কৰি অহা হৈছে ৷ পুৰনি দিল্লীৰ হাউজ কাজীত এটি দূৰ্গা মন্দিৰ ভাঙি পেলোৱাৰ এদিন পিচতেই এইদৰে মন্তব্য কৰে প্ৰসিদ্ধ অৰ্থনীতিবিদজনে ৷

ডঃ অমৰ্ত্য সেন
অৰ্থনীতিবিদগৰাকীৰ মতে, জয় শ্ৰী ৰাম, জয় দূৰ্গা আদি শ্লোগানৰে বাংলা সংস্কৃতিৰ সৈতে কোনো সম্পৰ্ক নাই ৷ যাদৱপুৰ বিশ্ববিদ্যালয়ত আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি এইদৰে মন্তব্য কৰে প্ৰসিদ্ধ অৰ্থনীতিবিদগৰাকীয়ে ৷ তেঁও লগতে কয় যে, বৰ্তমান সময়ত মানুহৰ মাজত হিংসা বিয়পাবলৈ এইদৰে ধৰ্মীয় শ্লোগানৰ ব্যৱহাৰ কৰি অহা হৈছে ৷