অসম

assam

জম্মু-কাশ্মীৰৰ পুঞ্চত পুনৰ যুদ্ধবিৰতি উলংঘন পাকিস্তানৰ

By

Published : Oct 16, 2020, 12:34 PM IST

ধাৰবাহিকভাৱে তৃতীয় দিনাও পুনৰ যুদ্ধবিৰতি উলংঘন পাকিস্তানৰ । শুকুৰবাৰে পুৱা ৫.১৫ বজাত জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত গুলীচালনা কৰে পাক সেনাই । প্ৰত্যুত্তৰত ভাৰতীয় সেনায়ো গুলীচালনা কৰে ।

জম্মু-কাশ্মীৰৰ পুঞ্চত পুনৰ যুদ্ধবিৰতি উলংঘন পাকিস্তানৰ
জম্মু-কাশ্মীৰৰ পুঞ্চত পুনৰ যুদ্ধবিৰতি উলংঘন পাকিস্তানৰ

নেশ্যনেল ডেস্ক, ১৬ অক্টোবৰ: জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত নিয়ন্ত্ৰণ ৰেখাৰ সমীপত পাক সেনাৰ গুলীবৰ্ষণ । ধাৰবাহিকভাৱে তৃতীয় দিনাও পুনৰ যুদ্ধবিৰতি উলংঘন কৰে পাকিস্তানে । শুকুৰবাৰে পুৱা ৫.১৫ বজাত পুঞ্চ জিলাৰ মানকোট ছেক্টৰত গুলীচালনা কৰে পাক সেনাই । সৰু অস্ত্ৰ আৰু ম'ৰ্টাৰেৰে আক্ৰমণ কৰা পাক সেনাৰ আক্ৰমণৰ প্ৰত্যুত্তৰত ভাৰতীয় সেনায়ো গুলীচালনা কৰে ।

বৃহস্পতিবাৰে পুঞ্চ জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত পাক সেনাই কৰা আক্ৰমণত ভাৰতীয় সেনাৰ এজন জেচিঅ' আহত হৈছিল । যোৱা ১৪ অক্টোবৰত একেখন জিলাৰে দুটা ছেক্টৰত নিৰাপত্তাৰক্ষীৰ ওপৰত গুলীচালনা কৰিছিল পাকিস্তানে । প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মুখপাত্ৰ কৰ্ণেল কেবল আনন্দে কয় যে, পাকিস্তানৰ সেনাই সৰু অস্ত্ৰ আৰু ম'ৰ্টাৰেৰে পুঞ্চ জিলাৰ মানকোট আৰু মেন্ধৰ ছেক্টৰত আক্ৰমণ কৰে ।

চলিত বৰ্ষৰ আৰম্ভণিৰে পৰা পাকিস্তানে দ্বিপাক্ষিক যুদ্ধবিৰতি চুক্তি উলংঘন কৰি আহিছে । পাক সেনাৰ আক্ৰমণত ২৪গৰাকী ভাৰতীয় নাগৰিকৰ মৃত্যু হৈছে । এতিয়ালৈকে ৩,১৯০বাৰ যুদ্ধবিৰতি চুক্তি উলংঘন কৰি পাকিস্তানে কৰা আক্ৰমণত ১০০ৰো অধিক লোক আহত হৈছে । বাসগৃহ, গোহালি, কৃষিভূমিত বোমাবৰ্ষণ কৰি বাৰে বাৰে নিয়ন্ত্ৰণ ৰেখাৰ সমীপত বাস কৰা গঞাক হাৰাশাস্তি ভোগাই আহিছে পাক সেনাই ।

লগতে পঢ়ক:দ্বি-পাক্ষিক সম্পৰ্কক লৈ ভাৰত-পৰ্তুগালৰ মাজত বৈঠক

ABOUT THE AUTHOR

...view details