নেশ্যনেল ডেস্ক, 16 ছেপ্তেম্বৰ : জম্মু-কাশ্মীৰৰ সুন্দৰবনী ছেক্টৰত পাকিস্তানে পুনৰ যুদ্ধবিৰতি উলংঘা কৰে ৷ পাকিস্তানী পক্ষৰ গুলীবৰ্ষণত প্ৰাণ হেৰুৱালে সেনা নায়ক অনীশ থমাছে ৷ মঙলবাৰে সুন্দৰবনীত সংঘটিত হয় এই ঘটনা ৷
প্ৰতিৰক্ষা উইঙৰ এক প্ৰেছ বিজ্ঞপ্তিত কোৱা হয়, "জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ সুন্দৰবনী ছেক্টৰৰ নিয়ন্ত্ৰণ ৰেখাত পাকিস্তানী সেনাই যুদ্ধবিৰতি উলংঘা কৰে ৷ ইয়াৰ বিৰুদ্ধে ভাৰতীয় প্ৰতিপক্ষই যোগ্য প্ৰত্যুত্তৰ আগবঢ়ায় ৷ ঘটনাৰ ফলত তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ লগতে পাচত মৃত্যুক সাৱটি লয় ৷"