নিউজ ডেস্ক, 15 এপ্ৰিলঃজম্মু-কাশ্মীৰৰ ৰাজ্যপাল জি চি মুৰ্মুৱে কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ বহুকেইগৰাকী জ্যেষ্ঠ চিকিৎসকৰ সৈতে আলোচনাত মিলিত হয় ৷ ৰাজ্যপালগৰাকীয়ে জ্যেষ্ঠ চিকিৎসকসকলৰ সৈতে কোভিড-19 সন্দৰ্ভত আলোচনাত মিলিত হয় ৷ ৰাজ্যপালৰ কাৰ্যালয়ৰ এগৰাকী মুখপাত্ৰই এইকথা উল্লেখ কৰিছে ৷
ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে চিকিৎসকসকলৰ সৈতে বাৰ্তালাপত মিলিত হৈ কৰ’ণা ভাইৰাছ সন্দৰ্ভত কি কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে সেই পৰিস্থিতি সন্দৰ্ভত বুজ লয় ৰাজ্যপালগৰাকীয়ে ৷ কৰ’ণা ভাইৰাছ প্ৰতিহত কৰিবলৈ কি কি সংহত ব্যৱস্থা গ্ৰহণ কৰিব পৰা যাব আৰু ইয়াৰ প্ৰতিকাৰ হিচাপে কি কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে সেই বিষয়ে বিশদ আলোচনাত মিলিত হয় ৰাজ্যপালগৰাকী ৷