অসম

assam

ETV Bharat / bharat

পিডিপিৰ 3 জন সাংগঠনিক বিষয়াসহ 20 জনক নজৰবন্দী প্ৰশাসনৰ - PDP ৰ তিনিজন সাংগঠনিক বিষয়া সহ 20 জন ৰাজনৈতিক নেতা

জিলা উন্নয়ন পৰিষদৰ(DDC) নিৰ্বাচনৰ ভোট গণনা পূৰ্বেই PDP ৰ তিনিজন সাংগঠনিক বিষয়াসহ 20 জন ৰাজনৈতিক নেতাক প্ৰশাসনে প্ৰতিৰোধমূলক জিম্মাত ৰাখিছে ৷ DDC নিৰ্বাচনত ভোট গণনাত বিজেপিয়ে কিছু ক্ষেত্ৰত নিয়ন্ত্ৰণ কৰা অভিযোগ উত্থাপন কৰিছিল প্ৰাক্তন মুখ্য মন্ত্ৰী মেহবুবা মুফতিয়ে ৷

J-K authorities detain at least 20 political leaders on eve of DDC poll counting
পিডিপিৰ তিনিজন সাংগঠনিক বিষয়া সহ 20 জনক প্ৰতিৰোধমূলক জিম্মাত ৰাখিছে প্ৰশাসনে

By

Published : Dec 22, 2020, 7:30 AM IST

Updated : Dec 22, 2020, 9:38 AM IST

নিউজ ডেস্ক, 22 ডিচেম্বৰঃ জম্মু-কাশ্মীৰৰ জিলা উন্নয়ন পৰিষদৰ(DDC) নিৰ্বাচনৰ ভোট গণনা পূৰ্বেই PDPৰ তিনিজন সাংগঠনিক বিষয়াসহ 20 জন ৰাজনৈতিক নেতাক প্ৰশাসনে প্ৰতিৰোধমূলক জিম্মাত ৰাখিছে ৷ তেওঁলোক হৈছে সাৰতাজ মাদনী,মনচুৰ হুছেইন আৰু নেইম আখতাৰ লগতে 20 জন ৰাজনৈতিক নেতা ৷

উল্লেখ্য যে, PDPৰ সভানেত্ৰী তথা প্ৰাক্তন মুখ্য মন্ত্ৰী মেহবুবা মুফতিয়ে DDC নিৰ্বাচনত ভোট গণনাত বিজেপিয়ে কিছু ক্ষেত্ৰত নিয়ন্ত্ৰণ কৰা অভিযোগ উত্থাপন কৰিছিল ৷

টুইটাৰৰ এটা পোষ্টতত এই কথা সদৰি মেহবুবা মুফতিয়ে কয়, পিডিপি নেতা সকলক বিজেপিৰ পৃষ্ঠপোষতাত স্বৈৰতান্ত্ৰিক ভাৱে প্ৰশাসনে নজৰবন্দি কৰি ৰাখিছে ৷ মাদনী আৰু হুছেইনক পুৱা আটক কৰা বিপৰীতে সোমবাৰৰ সন্ধিয়ালৈ নেইম আখতাৰক আটক কৰে বুলি সদৰি কৰে মুফতিয়ে ৷

তেওঁ লগতে কয়, বিজেপিয়ে ডিডিচিৰ নিৰ্বাচনৰ ফলাফল সলনি কৰিবৰ বাবে বিভিন্ন ধৰণৰ কৌশল প্ৰস্তুত কৰিছে ৷ যাৰ ফলস্বৰূপে পিডিপিৰ নেতা সকলক এই দৰে নজৰ বন্দি কৰা হৈছে ৷ তদুপৰি জম্মু-কাশ্মীৰত সম্পূৰ্ণ ৰূপে গণন্ত্ৰক হত্যা কৰা হৈছে বুলি এক ক্ষোভ মিহলি অভিযোগ উত্থাপন কৰে মেহবুবা মুফতিয়ে ৷

লগতে পঢ়ক:জম্মু কাশ্মীৰৰ জিলা উন্নয়ন পৰিষদৰ নিৰ্বাচন LIVE

Last Updated : Dec 22, 2020, 9:38 AM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details