নিউজ ডেস্ক, 29 মেঃ বুকুত বিষ অনুভৱ কৰাৰ পিচতেই শোকাৱহ মৃত্যু ঘটে এগৰাকী সেনা বিষয়াৰ ৷ মঙলবাৰে জম্মু কাশ্মীৰৰ নিয়ন্ত্ৰণৰেখাত সংঘটিত হয় এই ঘটনা ৷
বুকুত বিষ অনুভৱ কৰা সেনা বিষয়াৰ মৃত্যু
জম্মু কাশ্মীৰত কৰ্মৰত সেনাৰ মেজৰ ৰাহুল সিং নামৰ বিষয়াগৰাকীৰ বুকুত বিষ অনুভৱ কৰাৰ পিচতেই মৃত্যু ৷
মেজৰ ৰাহুল সিং
অধিক পঢ়কঃ বাংলাদেশীৰ অভিযোগত আটক প্ৰাক্তন সেনা বিষয়া
নিয়ন্ত্ৰণৰেখাৰ মাখিল ছেক্টৰৰ নিৰীক্ষণৰ দায়িত্বত থকা সেনা বিষয়াগৰাকী মেজৰ ৰাহুল সিং বুলি প্ৰকাশ কৰিছে চিনাৰ কৰ্পছে ৷ নিয়ন্ত্ৰণৰেখাত নিজৰ কৰ্তব্য সমাপন কৰি থকাৰ সময়তে হৃদক্ৰিয়াত আক্ৰান্ত হয় মেজৰগৰাকী ৷ পৰৱৰ্তী সময়ত শ্ৰীনগৰস্থিত সেনাৰ 92 বেচ হস্পিতালত ভৰ্তি কৰোৱা হয় যদিও শেষ নিশ্বাস ত্যাগ কৰে মেজৰ ৰাহুল সিঙে ৷