নিউজ ডেস্ক, ১ অক্টোবৰ:উত্তৰ কাশ্মীৰৰ কুপৱাড়া জিলাৰ ভাৰত-পাক সীমান্তৰ নৌগাম চেক্টৰত নিয়ন্ত্ৰণ ৰেখা (এলঅ'চি) ত পাকিস্তানী সেনাই বৃহস্পতিবাৰে পুৱা পুনৰ এবাৰ যুদ্ধ বিৰতি উলংঘন কৰে, যাৰ ফলত শ্বহীদ হয় দুই ভাৰতীয় সেনা জোৱান।
এই সন্দৰ্ভত ৰক্ষা বিভাগৰ মুখপাত্ৰ লেফটেনেন্ট কৰ্ণেল ৰাজেশ্ব কালিয়াই কয় যে, " নৌগাম চেক্টৰ, কুপৱাড়াত এলঅ'চিত আজি (বৃহস্পতিবাৰে) পুৱা মৰ্টাৰ আৰু অন্য মাৰণাস্ত্ৰৰে গুলীবৰ্ষণ কৰি পাকিস্তানে যুদ্ধ বিৰতি উলংঘন আৰম্ভ কৰিছে । তদুপৰি উক্ত আক্ৰমণৰ তাৎক্ষণিক আৰু প্ৰভাৱশালী প্ৰক্ৰিয়াৰে ভাৰতীয় সেনাই প্ৰত্যুত্তৰ দিছে। "