নিউজ ডেস্ক, 28 এপ্ৰিলঃসন্ত্ৰাসবাদৰ বিৰুদ্ধে জম্মু কাশ্মীৰ আৰক্ষীয়ে লাভ কৰিছে বিশেষ সফলতা ৷ দেওবাৰে বাদগাম জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ডাঃ হাচিব মুঘলেৰ নেতৃত্বত অভিযানকাৰী দলে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে তিনিটাকৈ পাকিস্তানী জইচ-ই-মহম্মদৰ সন্ত্ৰাসবাদী ৷
জম্মু কাশ্মীৰ আৰক্ষীৰ জালত তিনিগৰাকী সন্ত্ৰাসবাদী - etvbharatassam
দেওবাৰে ৰাজ্যখনৰ বাদগাম জিলাৰ ৱাথোৰাৰ পৰা জিলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তিনিগৰাকী জইচ-ই-মহম্মদ সন্ত্ৰাসবাদী ৷ চানাপোৰা আৰক্ষী চকী আক্ৰমণৰ সৈতে জড়িত আছিল সন্ত্ৰাসবাদী তিনিটা ৷
জম্মু কাশ্মীৰ আৰক্ষীৰ জালত তিনিগৰাকী সন্ত্ৰাসবাদী
বিগত শুকুৰবাৰে সংঘটিত বাদগামৰ চানাপোৰা আৰক্ষী চকী আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত আছিল সন্ত্ৰাসবাদী তিনিটা ৷ সন্ত্ৰাসবাদীকেইটাৰ পৰা এটা চাইনিজ পিষ্টল, দুটা মেগজিন আৰু 6 জাঁই সজীৱ গুলি জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে নিজাকৈ গোচৰ ৰুজু কৰি পৰৱৰ্তী অনুসন্ধান আৰম্ভ কৰিছে ৷