অসম

assam

ETV Bharat / bharat

কেন্দ্ৰৰ সিদ্ধান্তই পৃথক ৰাজ্যৰ দাবী শক্তিশালী কৰিবঃ ৰাকেশ বড়ো - পৃথক বড়োলেণ্ডৰ দাবী

কেন্দ্ৰীয় চৰকাৰে জম্মু-কাশ্মীৰক কেন্দ্ৰীয়শাসিত অঞ্চল ঘোষণা কৰাৰ পিচতে সৰৱ হৈ পৰিছে নেশ্বনেল ফেডাৰেশ্বন ফৰ নিউ ষ্টেটছ নামৰ সৰ্বভাৰতীয় সংগঠনটো ৷ পৃথক বড়োৰাজ্যৰ দাবীত সংগঠনটোৰ সদস্য ৰাকেশ বড়োৱে ইটিভি ভাৰতৰ আগত ব্যক্ত কৰে যে, জম্ম-কাশ্মীৰৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তই ভাৰতত পৃথক ৰাজ্যৰ দাবী আন্দোলন শক্তিশালী কৰিব ৷

ৰাকেশ বড়ো

By

Published : Aug 31, 2019, 1:02 PM IST

নিউজ ডেস্ক, 31 আগষ্টঃজম্মু-কাশ্মীৰক কেন্দ্ৰীয় শাসিত অঞ্চল ঘোষণা কৰাৰ পিচতে পৃথক ৰাজ্যৰ দাবীত সৰৱ হৈ পৰিছে নেশ্বনেল ফেডাৰেশ্বন ফৰ নিউ ষ্টেটছ নামৰ সৰ্বভাৰতীয় সংগঠনটো ৷ জম্মু-কাশ্মীৰৰ ওপৰত কেন্দ্ৰই গ্ৰহণ কৰা সিদ্ধান্তই দেশত চলি থকা পৃথক ৰাজ্যৰ দাবী আন্দোলনক অধিক শক্তিশালী কৰিব ৷ দেশৰ থলুৱা জনগোষ্ঠীসমূহৰ লগতে অন্যান্য প্ৰান্তত নিজা নিজা ভৌগলিক ক্ষেত্ৰভিত্তিক সাংবিধানিক অধিকাৰ প্ৰদান কৰাৰ দাবী দীৰ্ঘদিনীয়া ৷ কেন্দ্ৰীয় চৰকাৰক এই বিষয়ত অধিক গুৰুত্ব প্ৰদান কৰিবলৈ দাবী জনাই দেশৰ অন্যান্য প্ৰান্তত চলি থকা পৃথক ৰাজ্যৰ আন্দোলনক জম্মু-কাশ্মীৰৰ দৰেই গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনাইছে সংগঠনটোৰ সদস্য ৰাকেশ বড়োৱে ৷

কেন্দ্ৰৰ সিদ্ধান্তই পৃথক ৰাজ্যৰ দাবী শক্তিশালী কৰিবঃ ৰাকেশ বড়ো

পৃথক ৰাজ্যৰ দাবীৰে বড়োলেণ্ড, গোৰ্খালেণ্ড, বিদৰ্ভ, টিপ্ৰালেণ্ড, কুকি ৰাজ্য, বুন্দেলখণ্ড, পূৰ্বাঞ্চল আৰু কাৰ্বি আংলং স্বায়ত্বশাসিত ৰাজ্যৰ দাবীৰে গঠন কৰা হৈছিল নেশ্বনেল ফেডাৰেশ্বন ফৰ নিউ ষ্টেটছ নামৰ সৰ্বভাৰতীয় সংগঠনটো ৷ পৃথক বড়োলেণ্ডৰ দাবীৰে অসমৰ বড়োসকলৰ সাংবিধানিক অধিকাৰ তথা সাংস্কৃতিক অধিকাৰ ৰক্ষাৰ আন্দোলন দীৰ্ঘদিনীয়া ৷ পৃথক বড়োলেণ্ডৰ দাবীৰে বড়োসকলেও নিজৰ সাংবিধানিক অধিকাৰ ৰক্ষাৰ দাবীত এই সংগঠনৰ সৈতে জড়িত হৈ পৰে ৷

শেহতীয়াকৈ নতুন দিল্লীত চলি থকা সংগঠনটোৰ এখন সভাত ইটিভি ভাৰতৰ সৈতে বিশেষ বাৰ্তালাপৰ সময়তে বড়োসকলৰ হৈ সংগঠনটোৰ সদস্য ৰাকেশ বড়োৱে কেন্দ্ৰীয় চৰকাৰক তেওঁলোকৰ আন্দোলনক গুৰুত্ব প্ৰদান কৰিবলৈ অনুৰোধ জনায় ৷ কেন্দ্ৰই যিদৰে জম্মু-কাশ্মীৰক কেন্দ্ৰীয় শাসিত অঞ্চল ঘোষণা কৰিলে ঠিক একেদৰেই দেশৰ বিভিন্ন প্ৰান্তত চলি থকা পৃথক ৰাজ্যৰ দাবী আন্দোলনসমূহক গুৰুত্ব দিব লাগে ৷ নিৰ্বাচনৰ পূৰ্বেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পৃথক ৰাজ্যৰ সন্দৰ্ভত আমাক আশ্বাস প্ৰদান কৰিছিল ৷ দ্বিতীয়বাৰলৈ নিৰকুংশ সংখ্যাগৰিষ্ঠতা লৈ চৰকাৰ গঠন কৰা মোডী চৰকাৰে এইবাৰ বিষয়টো গুৰুত্বসহকাৰে গ্ৰহণ কৰিব বুলি আমি আশা কৰো ৷ উল্লেখ্য যে, নতুন দিল্লীত সংগঠনটোৰ সভাৰ পিচতে এটা প্ৰতিনিধিৰ দলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰিব ৷

ABOUT THE AUTHOR

...view details