নেশ্য়নেল ডেস্ক, 29 এপ্ৰিল : লকডাউনৰ ফলত মাজুলীত আৱদ্ধ লোকসকলক সহায়ৰ হাত আগবঢ়োৱাৰ উদ্দেশ্যে 25 এপ্ৰিলৰ পৰা IWT জাহাজে সেৱা প্ৰদান কৰি আহিছে ৷ তেতিয়াৰ পৰা আজিলৈকে প্ৰায় 258 জন যাত্ৰীক মাজুলীৰ পৰা নিমাতীঘাট আৰু 724 যাত্ৰীক নিমাতীঘাটৰ পৰা মাজুলীলৈ কঢ়িয়াই নিয়ে IWT জাহাজে ৷ এই বিনামূলীয়া ফেৰী সেৱা 2 মে'লৈ অব্যাহত থাকিব বুলি জানিব পৰা গৈছে ৷
ৰাষ্ট্ৰজোৰা লকডাউনৰ ফলত মাজুলীৰ লোকসকলেও বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগা হৈছে ৷ সেয়েহে পৰিবহণ বিভাগে এই লোকসকলৰ সাহাৰ্যাৰ্থে বিশেষ ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ নিৰ্দেশত এই লোকসকলৰ বাবে বিশেষ ফেৰীৰ ব্যৱস্থা গ্ৰহণ কৰা হয় ৷