নেশ্যনেল ডেস্ক, ১৯ ডিচেম্বৰ: TMC প্ৰধান আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ দলত চলি থকা বিবাদৰ মাজত শুকুৰবাৰে নিশা সাত বজাৰ পৰা ন বজালৈ দলৰ একাংশ নিৰ্বাচিত নেতাৰ সৈতে এক বৈঠকত মিলিত হয় । উক্ত বৈঠকত মমতা বেনাৰ্জীয়ে কয় যে, দলত্যাগী নেতাসকলৰ বিষয়ে চিন্তা কৰাৰ কোনো প্ৰযোজন নাই । কিয়নো বংগবাসী সদায় তৃণমূল কংগ্ৰেছৰ সৈতে আছে । আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে টিএমচিত মোক্ষম আঘাত হানি বেৰকপুৰৰ বিধায়ক চিলভদ্ৰা দত্ত, উত্তৰ কান্থীৰ বিধায়ক বনশ্ৰী মেতি, আঞ্চলিক নাগৰিক সমাজৰ মুখ্য জিতেন্দ্ৰ তিৱাৰীকে ধৰি কেইবাজনো নেতাই দল ত্যাগ কৰে।
দলত্যাগী নেতাক তীক্ষ্ণ সমালোচনা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ - টিএমচিত মোক্ষম আঘাত
আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে TMC ত মোক্ষম আঘাত হানি প্ৰভাৱশালী নেতাৰ পদত্যাগ । বেৰকপুৰৰ বিধায়ক চিলভদ্ৰা দত্ত, উত্তৰ কান্থীৰ বিধায়ক বনশ্ৰী মেতি, আঞ্চলিক নাগৰিক সমাজৰ মুখ্য জিতেন্দ্ৰ তিৱাৰীকে ধৰি কেইবাজনো নেতাই দলত্যাগ কৰে।
মমতা বেনাৰ্জী
শনিবাৰে কলকাতাৰ মিদনাপুৰত এক ৰাজহুৱা ৰেলীত গৃহমন্ত্ৰী অমিত শ্বাহে অংশগ্ৰহণৰ উদ্দেশ্য়ে অহাৰ পূৰ্বে এই নেতাসকলে দলত্যাগ কৰে। সদ্য পদত্যাগী নেতা চিলভদ্ৰা দত্ত আৰু জিতেন্দ্ৰ তিৱাৰীয়েও বিজেপি দলত যোগদান কৰাৰ সন্দেহ কৰা হৈছে । এপ্ৰিল-মে' মাহত অনুষ্ঠিত হ'বলগীয়া পশ্চিমবংগ বিধানসভা নিৰ্বাচনত ই এক ব্যাপক প্ৰভাৱ পেলোবাৰ সম্ভাৱনা আছে।
লগতে পঢ়ক:'বাজিৰাও মাষ্টানি'ৰ পাঁচটা বছৰ : অভিজ্ঞতা শ্বেয়াৰ কৰিলে প্ৰিয়ংকা চোপ্ৰাই