অসম

assam

ETV Bharat / bharat

ITBP ক ১০ হাজাৰ বিচনাযুক্ত কোভিড চিকিৎসালয় স্থাপনৰ নিৰ্দেশ কেন্দ্ৰৰ - কোভিড চিকিৎসালয়

বুধবাৰে এক চৰকাৰী সূত্ৰই জনোৱা অনুসৰি, ভাৰত-তীব্বত সীমান্ত আৰক্ষীয়ে দিল্লীৰ এখন ১০ হাজাৰ বিচনাযুক্ত কোভিড-১৯ চিকিৎসালয় চোৱাচিতা কৰাৰ দায়িত্ব গ্ৰহণ কৰিছে । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে জনাই যে, চিকিৎসালয়খন চোৱাচিতা কৰাৰ দায়িত্ব ভাৰত-তীব্বত সীমান্ত আৰক্ষীক অৰ্পন কৰা হৈছে । উক্ত নিৰ্দেশ মৰ্মে সীমান্ত সুৰক্ষা বাহিনীয়ে দিল্লীৰ ৰাধা সীমা ব্যাস নামৰ কোভিড-১৯ চিকিৎসালয়খনত উপস্থিত হৈছে ।

itbp-takes-charge-of-covid-care-centre-in-delhis-chattarpur
itbp-takes-charge-of-covid-care-centre-in-delhis-chattarpur

By

Published : Jun 24, 2020, 6:29 PM IST

নিউজ ডেস্ক, ২৪ জুন :বুধবাৰে এক চৰকাৰী সূত্ৰই জনোৱা অনুসৰি, ভাৰত-তীব্বত সীমান্ত আৰক্ষীয়ে দিল্লীত এখন ১০ হাজাৰ বিচনাযুক্ত কোভিড-১৯ চিকিৎসালয় চোৱাচিতা কৰাৰ দায়িত্ব গ্ৰহণ কৰিছে ।

সীমান্ত সুৰক্ষা বাহিনীৰ এটা দলক উক্ত চিকিৎসালয়খন চোৱাচিতা কৰাৰ দায়িত্ব অৰ্পন কৰা হৈছে আৰু এই সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা কৰা হৈছে ।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে জনাই যে, চিকিৎসালয়খন চোৱাচিতা কৰাৰ দায়িত্ব ভাৰত-তীব্বত সীমান্ত আৰক্ষীক অৰ্পন কৰা হৈছে । উক্ত নিৰ্দেশ মৰ্মে সীমান্ত সুৰক্ষা বাহিনীয়ে দিল্লীৰ ৰাধা সীমা ব্যাস নামৰ কোভিড-১৯ চিকিৎসালয়খনত উপস্থিত হৈছে ।

ITBP ক ১০ হাজাৰ বিচনাযুক্ত কোভিড চিকিৎসালয় স্থাপনৰ নিৰ্দেশ কেন্দ্ৰৰ

আইটিবিপিৰ এজন সদস্যই জনাইছে যে, দিল্লী চৰকাৰৰ অনুৰোধ অনুসৰি, উক্ত কেন্দ্ৰটিত চিকিৎসক তথা অন্যন্যা সামগ্ৰী সমূহ সৰবৰাহ কৰাৰ ক্ষেত্ৰত স্বৰাষ্ট্ৰ মন্ত্ৰালয়ে আইটিবিপিক মনোনিত কৰিছে । লগতে, আশা কৰা হৈছে যে, ২৬ জুনৰ ভিতৰত পুনৰ ২ হাজাৰ কোভিড-১৯ ৰোগীক চিকিৎসা কৰাৰ সকলো সা-সুবিধা প্ৰকট হৈ উঠিব । চিকিৎসালয়খনত সৰ্বমুঠ বিচনাৰ ক্ষমতা ১০,২০০ খন হ'ব আৰু এইখনেই দেশৰ ৰাজধানীৰ সকলোতকৈ বৃহৎ চিকিৎসালয় হ'ব ।

ITBP ক ১০ হাজাৰ বিচনাযুক্ত কোভিড চিকিৎসালয় স্থাপনৰ নিৰ্দেশ কেন্দ্ৰৰ

তেওঁলোকে পুনৰ জনাই যে, আইটিবিপি, সীমান্ত সুৰক্ষা বাহিনী, ২ হাজাৰ চিকিৎসা কৰ্মচাৰী আৰু ১ হাজাৰ চিকিৎসা কৰ্মচাৰী চিকিৎসালয়খনত উপলব্ধ হ'ব ।

উল্লেখযোগ্য যে, আইটিবিপি দেশৰ প্ৰথমটো সংস্থা যিটোৱে প্ৰথম কোভিড ৰোগীৰ বাবে ১ হাজাৰ বিচনাৰ প্ৰস্তুত কৰিছিল ।

দিল্লীত কোভিড-১৯ ৰোগীৰ বৰ্ধিত হাৰৰ বাবে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে গৃহমন্ত্ৰী অমিত শ্বাহক পত্ৰ লিখি কেন্দ্ৰটি স্থাপন কৰাৰ বাবে অনুৰোধ জনাইছিল ।

ITBP ক ১০ হাজাৰ বিচনাযুক্ত কোভিড চিকিৎসালয় স্থাপনৰ নিৰ্দেশ কেন্দ্ৰৰ

উল্লেখযোগ্য যে, উক্ত কেন্দ্ৰটিত কিছুদিন পূৰ্বে কৰ'ণা ভাইৰাছৰ বাবে চীন আৰু ইটালীৰ পৰা উভতি অহা লোকক চিকিৎসা কৰিছিল । কেন্দ্ৰক উক্ত সুবিধাৰ আধাৰতে চিকিৎসালয়খন স্থাপন কৰাৰ পোষকতা কৰিছে চৰকাৰে ।

লগতে পঢ়ক : ২২৯ গৰাকী যাত্ৰীক লৈ মেলবৰ্ণৰ পৰা ভাৰতলৈ ৰাওণা এয়াৰ ইণ্ডিয়াৰ বিশেষ বিমান

ABOUT THE AUTHOR

...view details