নিউজ ডেস্ক, 22 অক্টোবৰ :ভাৰত-চীন সীমান্তত যিকোনো পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সাজু ভাৰত-তিব্বত সীমান্ত আৰক্ষী বাহিনী চমুকৈ আইটিবিপি ৷ "আমি যিকোনো পৰিস্থিতিৰ মুখামুখি হ'বলৈ সকলো ধৰণে সাজু আছো আৰু এয়া প্ৰথমবাৰৰ বাবে নহয়, আইটিবিপিয়ে এনেকুৱা পৰিস্থিতিৰ সৈতে আগতেও মোকাবিলা কৰিছে ৷" ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত এই কথা স্পষ্টভাৱে জনায় বাহিনীটোৰ মুখপাত্ৰ বিবেক পাণ্ডে ৷
দেশৰ প্ৰথমটো কোভিড কেয়াৰ কেন্দ্ৰ স্থাপন কৰিছিল আইটিবিপিয়ে লগতে পঢ়ক :কোভিড-১৯ৰ সংক্ৰমণ ৰোধিবলৈ নিয়োগ কামাণ্ডো বাহিনী
আইটিবিপি হৈছে সৰ্বভাৰতীয় আৰক্ষী বাহিনীৰ অন্যতম যিয়ে ভাৰতীয় স্থলসেনাৰ সৈতে 3488 কিলোমিটাৰ দৈৰ্ঘ্যৰ ভাৰত-চীন সীমান্তৰ সুৰক্ষাৰ দায়িত্ব নিপুনতাৰে পালন কৰি আহিছে ৷ বাহিনীটোৱে ভাৰত-চীন সীমান্তৰ সুৰক্ষাৰ লগতে অন্তৱৰ্তী সুৰক্ষাৰ দায়িত্বও সফলতাৰে পালন কৰি আহিছে ৷ বিশেষকৈ ভাৰত-চীন সীমান্তৰ সুউচ্চ পৰ্বত-শৃংখলাত বিশেষ ভূমিকা পালন কৰি আহিছে বাহিনীটোৱে ৷
আইটিবিপিয়ে সৰ্বমুঠ 180 টা সীমান্ত নিৰীক্ষণ চকীৰে ভাৰত-চীন সীমান্তৰ লাডাখ,হিমাচল প্ৰদেশ,ছিক্কিম আৰু অৰুণাচল প্ৰদেশত কাৰাকোৰাম পাছৰ পৰা জাচেপ লালৈকে বছৰটোৰ 24x7 সময়তে সীমান্তৰ নিৰীক্ষণ কৰি আহিছে ৷
যিকোনো পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সাজু আইটিবিপি লগতে পঢ়ক :দিল্লীস্থিত COVID-19 হাস্পতাল ভ্ৰমণ অমিত শ্বাহ আৰু ৰাজনাথ সিঙৰ
ইটিভি ভাৰতৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত পাণ্ডে জনায় যে, বাহিনীটোৰ মহানিৰ্দেশকে শেহতীয়াকৈ সীমান্ত অঞ্চলসমূহ ভ্ৰমণ কৰিছে আৰু জোৱানসকলৰ সৈতে বিভিন্ন দিশত আলোচনাত মিলিত হোৱাৰ লগতে তেওঁলোকৰ অৱস্থাৰ বুজ লৈছে ৷ মুখপাত্ৰ বিবেক পাণ্ডে কয় যে, "আমাৰ প্ৰশিক্ষণ আৰু ক্ষমতা সকলোৰে পৰা পৃথক ৷ আমি যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সকলো সময়তে সাজু আছো ৷ মানসিকভাৱে আৰু আমাৰ সজুলিৰ সহায়ত আমি যিকোনো পৰিস্থিতিৰ সৈতে মুখামুখি হৈ তাক প্ৰতিহত কৰিবলৈ সক্ষম ৷"
বিশ্বৰ আটাইতকৈ কঠিন সীমান্তৰ সুৰক্ষা দিয়ে আইটিবিপিয়ে ৷ ইটিভি ভাৰতৰ আগত পাণ্ডে কয় যে, "আমাৰ জোৱানসকলে সীমান্ত নিৰীক্ষণ চকীৰ সৈতে মোতায়েন হৈ দিনে-নিশাই ভাৰত-চীন সীমান্তৰ সুৰক্ষা কৰি আহিছে আৰু 18800 ফুট উচ্চতাত অৱস্থিত বিশ্বৰ আটাইতকৈ সুউচ্চ সীমান্ত নিৰীক্ষণ চকীৰ দায়িত্বত আছে আইটিবিপি ৷ আইটিবিপিৰ জোৱানসকলে মাইনাছ 45 ডিগ্ৰী উষ্ণতাত অক্সিজেনৰ অভাৱৰ দৰে সমস্যাৰ সৈতে মোকাবিলা কৰিও সীমান্তৰ সুৰক্ষা কৰি আহিছে ৷ যদিও পৰিস্থিতি অতিকে কঠোৰ আৰু কঠিন তথাপিও আইটিবিপি জোৱানসকল মানসিকভাৱে যথেষ্ট শক্তিশালী আৰু সীমান্তৰ সুৰক্ষা নিপুনতাৰে পালন কৰি আহিছে ৷"
উল্লেখ্য যে, কোভিড-19 মহামাৰীৰ সৈতে মোকাবিলা কৰাত ভাৰতত পোনপ্ৰথমবাৰৰ বাবে আইটিবিপিয়ে আগবাঢ়ি আহিছিল আৰু আইটিবিপিৰ উদ্যোগতে দেশত বহুকেইটা স্থানত কোভিড-19 প্ৰতিৰোধী শিৱিৰ গঠন কৰি জনসাধাৰণক ইয়াৰ বিৰুদ্ধে সজাগ কৰি তুলিছিল ৷ চলিত বৰ্ষৰ জানুৱাৰী মাহতেই আইটিবিপিৰ মহানিৰ্দেশকে কোৱাৰেন্টাইন কেন্দ্ৰ গঢ়ি তোলাত গুৰুত্ব দিছিল ৷ চাৱলা কেম্পত দেশৰ প্ৰথমটো কোৱাৰেন্টাইন কেন্দ্ৰ আইটিবিপিয়ে স্থাপন কৰিছিল য'ত 1200 ভাৰতীয়ক চোৱাচিতা কৰা হৈছিল ৷ আইটিবিপিয়ে দেশৰ অন্যান্য বাহিনীসমূহকো এই মহামাৰীৰ সৈতে মোকাবিলা কৰিবলৈ বিভিন্ন পন্থা হাতত লৈছিল পোনপ্ৰথমে ৷ লকডাউনৰ সময়ত আইটিবিপিয়ে সীমান্তৰক্ষী বিভিন্ন বাহিনীসমূহৈ তথা সীমান্তলৈ ৰচদ-পাতিৰ যোগান ধৰিছিল ৷
কোভিড-19 মহামাৰীৰ সংস্পৰ্শলৈ অহা আইটিবিপিৰ লগতে বাকী অৰ্ধসামৰিক বাহিনীৰ জোৱানসকলক আইটিবিপিৰ নয়দাস্থিত ৰেফাৰেল হাস্পতালত চিকিৎসা প্ৰদান কৰা হৈছিল ৷ আইটিবিপিৰ উদ্যোগতে 10,000 বিচনাযুক্ত দেশৰ সৰ্ববৃহৎ কোভিড কেয়াৰ ফেচিলিটি দিল্লীৰ ছত্তৰপুৰত স্থাপন কৰা হৈছিল ৷
লগতে পঢ়ক :ITBP ক ১০ হাজাৰ বিচনাযুক্ত কোভিড চিকিৎসালয় স্থাপনৰ নিৰ্দেশ কেন্দ্ৰৰ
উল্লেখ্যে যে, ভাৰত-চীন সীমান্তৰ সুৰক্ষাৰ বাবে 1962 চনৰ 24 অক্টোবৰত চিআৰপিএফ আইনৰ অধীনত বাহিনীটো স্থাপন কৰা হৈছিল ৷ দেশৰ সাতটা কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ অন্যতম হৈছে আইটিবিপি ৷ চীনৰ সৈতে ভাৰতৰ সীমান্তৰ সুৰক্ষাৰ দায়িত্বত থকা প্ৰধান বাহিনী হৈছে আইটিবিপি ৷ 1996 চনৰ ছেপ্টেম্বৰত ভাৰত চৰকাৰে ইণ্ডো-তিব্বত বৰ্ডাৰ পুলিছ ফৰ্চ আইন, 1962ৰ সংশোধন কৰি ভাৰত-চীন সীমান্তৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে বাহিনীটোক সৰ্বাধিক শক্তি প্ৰদান কৰিছে ৷ 1978 চনত ইয়াক পুনৰ সংশোধন কৰাৰ পূৰ্বে মাত্ৰ 4টা বেটালিয়ন লৈ আইবিৰ বিষয়া জেন. বলবীৰ সিঙক মহানিৰ্দেশক নিযুক্ত কৰি আইটিবিপি গঠন কৰা হৈছিল ৷ বৰ্তমানে বাহিনীটো 5 টা ফ্ৰন্টিয়াৰৰ 15টা ছেক্টৰৰ সৈতে সৰ্বমুঠ 60টা বেটালিয়ন আছে আৰু বৰ্তমানে বাহিনীটোত 89,432গৰাকী সক্ৰিয় কৰ্মী আছে ৷
আজিৰ দিনত আইটিবিপিয়ে অসামৰিক স্বাস্থ্য সেৱা, দুৰ্যোগ ব্যৱস্থাপনা, পাৰমানৱিক, জৈৱিক আৰু ৰাসায়নিক দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবলৈ সক্ষম ৷ বাহিনীটোৱে ৰাষ্ট্ৰসংঘৰ অভিযানটো নিজকে মোতায়েন কৰিছে ৷ বোচনিয়া-হাৰজেগোভিনা, কছভো, ছিয়াৰা লোনে, হাইটি, ৱেষ্টাৰ্ণ ছাহাৰা, ছুডান আৰু আফগানিস্তানত ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী বাহিনীৰ বিভিন্ন অভিযানত অংশগ্ৰহণ কৰিছে ৷ বৰ্তমানে বাহিনীটোৰ দুটাকৈ বেটালিয়ন এনডিআৰএফৰ সৈতে সংযুক্ত কৰা হৈছে ৷
লগতে পঢ়ক :শূণ্য ডিগ্ৰীৰো কম তাপমাত্ৰাত যোগাভ্যাস আইটিবিপি জোৱানৰ