নেশ্বনেল ডেস্ক, 26 জানুৱাৰীঃ লাডাখৰ 17 হাজাৰ ফুট উচ্চতাত পালন দেশৰ 71সংখ্যক গনতন্ত্ৰ দিৱস ৷ দেশৰ অৰ্ধসামৰিক বাহিনীৰ অন্যতম ভাৰত-তিব্বত সীমা আৰক্ষী বাহিনীয়ে লাডাখৰ -20 ডিগ্ৰী চেলচিয়াছ উষ্ণতাত পালন কৰে দেশৰ 71সংখ্যক গনতন্ত্ৰ দিৱস ৷
লাডাখৰ 17 হাজাৰ ফুট উচ্চতাত আইটিবিপিৰ দ্বাৰা গনতন্ত্ৰ দিৱস - ভাৰত-তিব্বত সীমা আৰক্ষী বাহিনী
সমগ্ৰ দেশত আজি উদযাপন কৰা হয় গনতন্ত্ৰ দিৱস ৷ লাডাখৰ সুৰক্ষাৰ দায়িত্বত থকা ভাৰত-তিব্বত সীমা আৰক্ষী বাহিনীয়ে 17 হাজাৰ ফুট উচ্চতাত উদযাপন কৰে গনতন্ত্ৰ দিৱস ৷ বাহিনীটোৰ 15 গৰাকী হিমবীৰে -20 ডিগ্ৰী চেলচিয়াছ উষ্ণতাত এইদৰে পালন কৰিলে গনতন্ত্ৰ দিৱস ৷

লাডাখৰ 17 হাজাৰ ফুট উচ্চতাত আইটিবিপিৰ দ্বাৰা গনতন্ত্ৰ দিৱস
লাডাখৰ 17 হাজাৰ ফুট উচ্চতাত আইটিবিপিৰ দ্বাৰা গনতন্ত্ৰ দিৱস
আইটিবিপি যাক হিমালয়ৰ লগতে ভাৰতৰ উত্তৰ সীমান্তৰ সুৰক্ষাৰ দায়িত্ব প্ৰদান কৰা হৈছে, এইদৰে লাডাখৰ হাড় কপোৱা শীতত উদযাপন কৰে গনতন্ত্ৰ দিৱস ৷ আইটিবিপিয়ে ইয়াৰ অফিচিয়েল টুইটাৰ যোগে ইয়াৰ দৃশ্যাংশ টুইট কৰে ৷ সমগ্ৰ টুইটটোত 15 গৰাকী আইটিবিপি হিমবীৰে বৰফত পিন্ধা ইউনিফৰ্মৰ লগতে জাতীয় পতাকা লৈ ভাৰত মাতা কি জয় আৰু বন্দে মাতৰম ধ্বনি দি এইদৰে গনতন্ত্ৰ দিৱস উদযাপন কৰে ৷