নিউজ ডেস্ক, 30 মাৰ্চঃ জম্মু কাশ্মীৰত থকা ভাৰত-তিব্বত সীমান্ত আৰক্ষী বাহিনীৰ ছাউনীত ঘটে অঘটন ৷ ৰাজ্যখনৰ বাৰামূলা জিলাৰ এটি আই টি বি পি ছাউনীত আত্মহত্যা কৰে বাহিনীটোৰ এগৰাকী বিষয়াই ৷
জম্মু কাশ্মীৰত আই টি বি পি বিষয়াৰ আত্মহত্যা - জম্মু কাশ্মীৰ
আত্মহত্যা কৰা বিষয়াগৰাকী চন্দৰ মনি বুলি চিনাক্ত হৈছে ৷

জম্মু কাশ্মীৰত আই টি বি পি বিষয়াৰ আত্মহত্যা
বাৰামুলাৰ টাংমাৰ্গ অঞ্চলত কৰ্মৰত হৈ থকা বাহিনীটোৰ এগৰাকী উপ-পৰিদৰ্শকে শনিবাৰে মূৰত গুলীয়াই আত্মহত্যা কৰে ৷ আত্মহত্যা কৰা বিষয়াগৰাকী বাহিনীটোৰ উপ-পৰিদৰ্শক চন্দৰ মনি বুলি চিনাক্ত কৰিছে স্থানীয় আৰক্ষীয়ে ৷ ইতিমধ্যে বাৰামুলা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটি গোচৰ ৰুজু কৰিছে ৷