অসম

assam

এণ্টিবায়'টিক ঔষধৰ ক্ষেত্ৰত চীনৰ ওপৰত ৯৯ শতাংশ নিৰ্ভৰশীল ভাৰত

By

Published : Jul 1, 2020, 10:02 PM IST

ভাৰত ফাৰ্মাচিউটিকেল সামগ্ৰীৰ বাবে চীনৰ পৰা ৭০ শতাংশ সামগ্ৰী আমদানি কৰা বুলি সদৰি কৰে ইণ্ডিয়ান ড্ৰাগ মেনুফেক্চাৰ্ছ সংস্থাৰ কাৰ্যবাহী পৰিচালক অশোক কুমাৰ মদানে । বিশেষকৈ এণ্টিবায়'টিক ঔষধৰ ক্ষেত্ৰত ভাৰত চীনৰ ওপৰত ৯২ ৰ পৰা ৯৯ শতাংশ নিৰ্ভশীল বুলি মত প্ৰকাশ কৰে মদানে ।

এণ্টিবায়'টিক ঔষধ
এণ্টিবায়'টিক ঔষধৰ ক্ষেত্ৰত চীনৰ ওপৰত ৯৯ শতাংশ নিৰ্ভৰশীল ভাৰত

নিউজ ডেস্ক, ১ জুলাইঃ ভাৰত-চীনৰ মাজত হোৱা সংঘৰ্ষৰৰ পাচতে ভাৰতত চীনা সামগ্ৰী বৰ্জন কৰিবলৈ বিৰোধিতা কৰে ভাৰতৰ সৰহ সংখ্যক জনসাধৰণে । চীনৰ সেনাৰ বৰ্বৰ আচৰণৰ বাবেই ভাৰতীয় সেনাৰ ২০ গৰাকী জোৱান শ্বদীদ হোৱা ঘটনাক গৰিহণা জনাইয়ে ভাৰতবাসীয়ে চীনা সামগ্ৰী বৰ্জন কৰিবলৈ দাবী জনাই চৰকাৰক । যাৰ পৰিপ্ৰেক্ষিত নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰে বিগত ২৯ জুনত ভাৰতত নিষিদ্ধ কৰে ৪৯ টা কৈ চীনৰ এপ ।

আনহাতে, চীনৰ ওপৰত ভাৰতীয় ব্যৱসায় বাণিজ্য সৰ্বাধিক নিৰ্ভশীল । ভাৰতৰ চীনৰ শীৰ্ষস্থানীয় বাণিজ্যৰ অংশীদাৰ হোৱা বাবেই ২০১৯-২০ চনত আমদানি ৰপ্তানি অংশীদাৰিত্ব যথাক্ৰমে ৯ শতাংশ আৰু ১৮ শতাংশ ।

এণ্টিবায়'টিক ঔষধৰ ক্ষেত্ৰত চীনৰ ওপৰত ৯৯ শতাংশ নিৰ্ভৰশীল ভাৰত

কিন্তু চীনে ভাৰত সৈতে কৰা বিশ্বাসঘাটকতাৰ বাবেই ভাৰতৰ বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত ভৌগলিক পৰিৱৰ্তন দিশত এক নতুন ধাৰাৰ সৃষ্টি হ'বলৈ লৈছে । মহামাৰী কৰ'ণাৰ বাবে বিশ্বজুৰি অৰ্থ সংকটৰ সন্মুখীন হোৱাৰ সময়তে ভাৰতে লোৱা এই সিদ্ধান্তৰ বাবেই চীনৰ অৰ্থনৈতিকব্যৱস্থাৰ ওপৰতো প্ৰভাৱ পেলাব বুলি আশা কৰা হৈছে ।

আনহাতে, এই সন্দৰ্ভত ইটিভি ভাৰতৰ সৈতে ইণ্ডিয়ান ড্ৰাগ মেনুফেক্চাৰ্ছ সংস্থাৰ কাৰ্যবাহী পৰিচালক অশোক কুমাৰ মদানে কয় যে, ভাৰত ফাৰ্মাচিউটিকেল সামগ্ৰীৰ বাবে চীনৰ পৰা ৭০ শতাংশ সামগ্ৰী আমদানি কৰা হয় । আনহাতে এণ্টিবায়'টিক ঔষধৰ ক্ষেত্ৰত ভাৰত চীনৰ ওপৰত ৯২ ৰ পৰা ৯৯ শতাংশ নিৰ্ভশীল বুলিও সদৰি কৰে ।

লগতে পঢ়ক : ছাত্ৰ ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ খাদ্যক লৈ দুৰ্নীতিৰ অভিযোগ

ABOUT THE AUTHOR

...view details