ভাৰতবৰ্ষই গান্ধীজীক তেখেতৰ 150তম জন্মজয়ন্তীৰ প্ৰাকক্ষণত শ্ৰদ্ধাৰে সোঁৱৰিছে ৷ ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত এজন ধৰ্মযোদ্ধা হিচাপে তেখেতৰ অৱদান অপৰিহাৰ্য ৷ স্বচ্ছতাৰ ওপৰত তেখেতৰ ধাৰণাসমূহ আজিৰ সময়ত ভাৰতে সম্মুখীন হৈ থকা প্ৰায়বোৰ সমস্যাৰে সমাধান ৷ উক্ত প্ৰৱন্ধটোৱে স্বচ্ছতাৰ দিশত তেখেতে আগবঢ়োৱা শিক্ষা আৰু আদৰ্শসমূহকে প্ৰতিফলিত কৰিছে-
গান্ধীজীৰ সূত্ৰঃ
ভাৰতবৰ্ষত স্বচ্ছতাৰ ক্ষেত্ৰত গান্ধীজীয়ে অগ্ৰণী ভূমিকা পালন কৰিছিল ৷ তেখেতে স্বচ্ছতা, অস্পৃশ্যতা, আৰু ৰাষ্ট্ৰীয় স্বায়ত্বশাসনৰ মাজৰ সম্পৰ্কক সুন্দৰভাৱে বিশ্লেষণ কৰিছিল ৷ এই প্ৰসংগতে গান্ধীজীয়ে এবাৰ কৈছিল যে-'প্ৰত্যেকেই নিজেই নিজৰ কাব্যচাৰী হ’ব লাগিব ৷’ উক্ত বিবৃতিটোত কেৱল পৰিস্কাৰ পৰিচ্ছন্নতা ব্যক্তিগত দায়বদ্ধতাই নহয়, অস্পৃশ্যতা অপসাৰণ কৰাটো সকলোৰে ব্যক্তিগত দায়িত্ব ৷ তেখেত কেৱল শব্দৰেই নহয় কৰ্মৰ ব্যক্তি আছিল ৷ এনে বহু উদাহৰণ আছে য’ত তেখেতে ভৰতত স্বচ্ছতাক উদগনি জনাইছিল ৷
গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাত থকা সময়ত তেখেতে ভাৰতীয় জাতীয় কংগ্ৰেছক কলিকতা অধিৱেশনত অংশগ্ৰহণৰ কৰাৰা বাবে ভাৰত ভ্ৰনণ কৰিছিল আৰু দক্ষিণ আফ্ৰিকাৰ ভাৰতীয় সকলক কৰা দুৰব্যৱহাৰৰ কাৰণ সমূহৰ বিষয়ে সকলোকে অৱগত কৰাইছিল ৷ সেইসময়তেই তেখেতে কংগ্ৰেছৰ কেম্পত স্বচ্ছতাৰ ভয়ানক স্থিতি দেখা পাইছিল আৰু তেখেতে যেতিয়া স্বেচ্ছাসেৱক সকলক কৈছিল যে, এই লেতেৰাসমূহ নিজেই পৰিস্কাৰ কৰিব, স্বেচ্ছাসেৱকসকলে তেঁওক কৈছিল যে এই সমূহ চুইপাৰৰ কাম ৷
সেইসময়ত পশ্চিমীয়া পোছাকত থকা গান্ধীজীয়ে নিজে হাতত ঝাড়ু লৈ ঠাইসমূহ পৰিস্কাৰ কৰিছিল ৷ সেই দৃশ্য দেখি সেইসময়ত তাত উপস্থিত থকা কংগ্ৰেছ কেডাৰসমূহে বিশ্ময় প্ৰকাশ কৰিছিল ৷ গান্ধীজীৰ আহ্বানমৰ্মেই উচ্চবৰ্ণৰ লোকসকলেও দেশৰ বিভিন্ন অংশত চাফাই কৰিবৰ বাবে দলত অংশগ্ৰহণ কৰিছিল ৷ তেখেতৰ এই দৃষ্টিভংগীয়ে পৰৱৰ্তীসময়ত স্বাধীন ভাৰতৰ অস্পৃশ্যতা দূৰীকৰণৰ দিকদৰ্শনত পোহৰ স্বৰূপ হৈ পৰে ৷ স্বচ্ছতাৰ দিশত গান্ধীজীৰ এই উদ্বেগে দক্ষিণ আফ্ৰিকাৰ সত্যাগ্ৰহ প্ৰচাৰৰ সূচনা কৰাৰ ক্ষেত্ৰত চৰকাৰী আৰু বেচৰকাৰী সংস্থাসমূহেও যথেষ্ট অৱদান আগবঢ়াইছিল ৷ সেইসময়ত তেখেতৰ প্ৰাথমিক আকৰ্ষণ আছিল দক্ষিণ আফ্ৰিকাৰ স্বেতবৰ্ণীয় লোকলকলৰ দ্বাৰা তৈয়াৰী নেতিবাচক ছবিখন নাইকিয়া কৰা ৷ কাৰণ ভাৰতীয় সকলক ব্যক্তিগত স্বচ্ছতাৰ অভাৱৰ বাবে তেঁওলোকক পৃথকে ৰখাৰ প্ৰয়োজন আছিল ৷ এই ব্যাপক ধাৰণাটোৰ বিৰোধ কৰি গান্ধীজীয়ে ৰাষ্ট্ৰীয় বিধান সভাক এখন মুকলি পত্ৰ লিখিছিল য’ত ব্যক্ত কৰা হৈছিল যে, ভাৰতে ইয়াৰ ইউৰোপীয় সমকক্ষসকলৰ সমান্তৰালকৈ স্বচ্চতা বজাই ৰখাৰ দিশত অগ্ৰসৰ হ’ব যদি চৰকাৰৰ দ্বাৰা উচিত ধ্যান প্ৰদান কৰা হয় ৷
আনহাতে তেখেতে দক্ষিণ আফ্ৰিকাতো ভাৰতীয়সকলৰ মাজত স্বচ্ছতা বৃদ্ধিৰ দিশত তীব্ৰ প্ৰচাৰ চলাইছিল ৷ তেখেতে মাদ্ৰাছত দিয়া ভাষণত কৈছিল যে, ‘এটা শৌচাগাৰ এটি অতিথিশালাৰ সদৃশ স্বচ্ছ হ’ব লাগে’ ৷ তেখেত এইটো বিশ্বাস কৰিছিল যে, ভাৰতৰ বাবে সামাজিক স্বচ্ছতা আৰু ব্যক্তিগত স্বচ্ছতা বজাই ৰখাটো দেশৰ পৰা অস্পৃশ্যতা দূৰীকৰণ আৰু পশ্চিমীয়া দেশসমূহৰ আগত ভাৰতবৰ্ষ সম্পৰ্কে থকা ধাৰণা সলনি কৰাৰ ক্ষেত্ৰত অত্যন্ত প্ৰয়োজনীয় ৷ পৰবৰ্তীসময়ত বিশেষকৈ 1920 চনৰ অসহযোগ আন্দোলনৰ প্ৰাৰম্ভিকতে তেখেতৰ এই বিশ্বাসটো আৰু অধিক দৃঢ় হৈ পৰিছিল ৷ গান্ধীজীয়ে স্বচ্ছতা আৰু স্বৰাজৰ মাজত থকা সম্পৰ্কৰ কথা অৱগত কৰিছিল ৷ "আমাৰ উন্মাদনা" শীৰ্ষক এটি প্ৰৱন্ধত তেখেতে কৈছিল যে, ‘স্বৰাজ কেৱল পৰিস্কাৰ আৰু সাহসী লোকৰ দ্বাৰাইহে সম্ভৱপৰ হ’ব পাৰে ৷’ তেখেতৰ মতে নাগৰিকসকলৰ মাজত স্বচ্ছতা অভিযান এখন মুক্ত আৰু বৰ্ণবিভেদহীন সমাজ গঠনৰ মূল চাবিকাঠি ৷ গান্ধীজীয়ে এখন এনে ভাৰতৰ সপোন দেখিছিল যি ঔপনিৱেশিক শাসনৰ পৰা মুক্ত হয় আৰু স্বচ্ছ ভাৰতৰো সপোন দেখে, লগতে নিজৰ নাগৰিকৰ প্ৰতি সামাজিক ভেদভাৱৰ পৰা মুক্ত হৈ থাকে ৷ কিন্তু দুৰ্ভাগ্যৱশত ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত গান্ধীজী বেছিদিন জীয়াই নাথাকিল আৰু তাৰ পৰৱৰ্তী সময়ত চৰকাৰসমূহে নীতি স্তৰত স্বচ্ছতাৰ ওপৰত গুৰুত্ব প্ৰদান নকৰিলে ৷
স্বচ্ছ ভাৰতঃ স্বচ্ছতাৰ অভিযান