অসম

assam

ইছৰো চোৰাংচোৱা গোচৰ : বিজ্ঞানী নাম্বি নাৰায়ননক কেৰালা চৰকাৰে প্ৰদান কৰিলে 1.3 কোটি ক্ষতিপূৰণ

কেৰালা চৰকাৰে মঙলবাৰে ইছৰোৰ প্ৰখ্যাত বিজ্ঞানী নাম্বি নাৰায়ননক 1.30 কোটিৰ ক্ষতিপূৰণ প্ৰদান কৰে ৷ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ এক চোৰাংচোৱাগিৰি গোচৰত সাঙোৰ খাই পৰিছিল দেশৰ জ্যেষ্ঠ মহাকাশ বিজ্ঞানীগৰাকীৰ নাম ৷

By

Published : Aug 12, 2020, 3:55 AM IST

Published : Aug 12, 2020, 3:55 AM IST

ETV Bharat / bharat

ইছৰো চোৰাংচোৱা গোচৰ : বিজ্ঞানী নাম্বি নাৰায়ননক কেৰালা চৰকাৰে প্ৰদান কৰিলে 1.3 কোটি ক্ষতিপূৰণ

ইছৰো চোৰাংচোৱা গোচৰ : বিজ্ঞানী নাম্বি নাৰায়ননক কেৰালা চৰকাৰে প্ৰদান কৰিলে 1.3 কোটি ক্ষতিপূৰণ
ইছৰো চোৰাংচোৱা গোচৰ : বিজ্ঞানী নাম্বি নাৰায়ননক কেৰালা চৰকাৰে প্ৰদান কৰিলে 1.3 কোটি ক্ষতিপূৰণ

নিউজ ডেস্ক, 12 আগষ্ট : কেৰালা চৰকাৰে মঙলবাৰে দেশৰ প্ৰখ্যাত মহাকাশ বিজ্ঞানী, নাম্বি নাৰায়ননক 1.30 কোটিৰ ক্ষতিপূৰণ কৰে ৷ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ জ্যেষ্ঠ বিজ্ঞানীগৰাকীক চোৰাংচোৱাগিৰি কৰাৰ ভুৱা অভিযোগত চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ লগতে নানান ধৰণে শাৰিৰীক আৰু মানসিক হাৰাশাস্তি প্ৰদান কৰিছিল কেৰালাৰ চৰকাৰে ৷

দেশৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত কেৰালা ৰাজ্য চৰকাৰে ইতিমধ্যেই বিজ্ঞানীগৰাকীক 50 লাখ টকাৰ ক্ষতিপূৰণ প্ৰদান কৰিছিল ৷

কিন্তু ইয়াৰ পিচতেই তেওঁ কেৰালা চৰকাৰৰ দ্বাৰা সন্মুখীন হোৱা শাৰিৰীক হাৰাশাস্তি আৰু মানসিক শাস্তিৰ বাবে 1 কোটিৰ ক্ষতিপূৰণ দাবী কৰে ৷ ইয়াৰ পিচতেই কেৰালা ৰাজ্যিক চৰকাৰে কে জয়কুমাৰ (প্ৰাক্তন মুখ্য সচিব)ক নাম্বি নাৰায়ননৰ সৈতে আলোচনাত মিলিত হ'বলৈ এখন কমিটী গঠন কৰি দিয়ে ৷ এই কমিটীৰ সৈতে হোৱা আলোচনাৰ অন্ততেই বিজ্ঞানীগৰাকীয়ে ক্ষতিপূৰণৰ বাবে 1.30 কোটি টকা প্ৰদান কৰিবলৈ কয় ৷

কমিটীখনে কেৰালা ৰাজ্যিক চৰকাৰক তেওঁৰ শাৰিৰীক আৰু মানসিক হাৰাশাস্তিৰ বাবে 1.30 কোটি টকাৰ ক্ষতিপূৰণ প্ৰদান কৰিবলৈ প্ৰতিবেদন দাখিল কৰে ৷ চৰকাৰে এই সিদ্ধান্ত মানি লৈ দেশৰ অন্যতম জ্যেষ্ঠ মহাকাশ বিজ্ঞানীগৰাকীক তেওঁৰ ওপৰত জাপি দিয়া মিছা অভিযোগ আৰু তাৰ ফলত তেওঁ সন্মুখীন হোৱা হাৰাশাস্তিৰ ক্ষতিপূৰণ হিচাপে 1.30 কোটি টকা প্ৰদান কৰিবলৈ মান্তি হয় ৷ বিগত ডিচেম্বৰতেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু মঙলবাৰে দিনৰ ভাগত বিজ্ঞানীগৰাকীক তেওঁৰ সম্পূৰ্ণ ক্ষতিপূৰণ প্ৰদান কৰে কেৰালা ৰাজ্যিক চৰকাৰে ৷

লগতে পঢ়কঃ17 আগষ্টত ভাৰত-নেপালৰ মাজত উচ্চস্তৰীয় বৈঠক

ABOUT THE AUTHOR

...view details