নিউজ ডেস্ক, 5 অক্টোবৰঃ মহাকাশলৈ প্ৰেৰণ কৰা "চন্দ্ৰযান 2"ৰ পৰা ভাৰতীয় মহাকাশ গৱেষনা সংস্থাই লাভ কৰিছে চন্দ্ৰপৃষ্ঠৰ ছবি ৷ মহাকাশলৈ প্ৰেৰণ কৰা চন্দ্ৰযান দ্বিতীয়ই প্ৰেৰণ কৰিছে চন্দ্ৰপৃষ্ঠৰ প্ৰথমখন "high spatial resolution" ছবি ৷
চন্দ্ৰযানত সংযুক্ত "Orbiter High Resolution" কেমেৰাই সংগ্ৰহ কৰা ছবিখন ইছৰোৱে টুইটাৰযোগে প্ৰকাশ কৰিছে ৷ ইছৰোৱে প্ৰকাশ কৰা তথ্য অনুসৰি, ছবিখন চন্দ্ৰপৃষ্ঠৰ 100 কিলোমিটাৰ উচ্চতাৰ পৰা তোলা হৈছে ৷ চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুৰ "Boguslawsky E Crater" অংশৰ 14 কিলোমিটাৰ আৰু 3 কিলোমিটাৰ অঞ্চলৰ ভিতৰত তোলা হৈছে ছবিখন ৷
চন্দ্ৰযানে প্ৰেৰণ কৰা ছবিখন ইছৰোৰ এই সফলতাক দেশবাসীৰ লগতে বিশ্ববাসীয়ে প্ৰশংসা কৰিছে ৷ নাছাৰ দৰে সংস্থাই ভাৰতৰ অতি কম খৰচী চন্দ্ৰযান দ্বিতীয় অভিযানক তেওঁলোকৰ বাবে সম্ভৱ নাছিল বুলি কিছুদিন পূৰ্বেই প্ৰকাশ কৰিছিল ৷
চন্দ্ৰযানে প্ৰেৰণ কৰা ছবিখন উল্লেখ্য যে, চন্দ্ৰৰ বুকুত অৱতৰণ কৰাৰ আগমুহূৰ্তত ইছৰোৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছিল লেণ্ডাৰ বিক্ৰমৰ ৷ অৱশ্যে চন্দ্ৰযানৰ অৰবিটাৰে এতিয়াও কাম কৰি থকাৰ লগতে চন্দ্ৰপৃষ্ঠত পৰিভ্ৰমণ কৰি আছে ৷
শেহতীয়াকৈ মহাকাশৰ পৰা প্ৰেৰণ কৰা উন্নত প্ৰযুক্তিসম্পন্ন চন্দ্ৰপৃষ্ঠৰ ছবিখনে ভাৰতীয় মহাকাশ গৱেষনা সংস্থাৰ সফলতাকে প্ৰমান কৰিছে ৷