অসম

assam

চন্দ্ৰযান দ্বিতীয়ৰ IIRSএ সংগ্ৰহ কৰিলে প্ৰথমখন ছবি

By

Published : Oct 17, 2019, 9:25 PM IST

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে মহাকাশলৈ প্ৰেৰণ কৰা চন্দ্ৰযান দ্বিতীয়ই পুনৰ প্ৰেৰণ কৰিছে চন্দ্ৰপৃষ্ঠৰ প্ৰতিচ্ছবি ৷ চন্দ্ৰযান দ্বিতীয়ত সংযোজিত Imaging Infrared Spectrometer অৰ্থাৎ IIRSএ প্ৰেৰণ কৰিছে চন্দ্ৰপৃষ্ঠৰ প্ৰথমখন বিস্তাৰিত ছবি ৷

চন্দ্ৰযান দ্বিতীয়ৰ IIRS সংগৃহীত প্ৰথমখন ছবি

নিউজ ডেস্ক, 17 অক্টোবৰঃ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই বৃহস্পতিবাৰে প্ৰকাশ কৰিছে চন্দ্ৰপৃষ্ঠৰ আন এখন ছবি ৷ মহাকাশলৈ প্ৰেৰণ কৰা চন্দ্ৰযান দ্বিতীয়ত সংযোজিত Imaging Infrared Spectrometer অৰ্থাৎ IIRSএ ইছৰোলৈ প্ৰেৰণ কৰিছে চন্দ্ৰপৃষ্ঠৰ প্ৰথমখন বিস্তাৰিত ছবি ৷

ইছৰোৱে টুইটাৰযোগে প্ৰকাশ কৰিছে চন্দ্ৰযান দ্বিতীয়ৰ IIRSএ প্ৰেৰণ কৰা ছবিখন ৷ টুইটটোত ইছৰোৱে "See the first illuminated image of the lunar surface acquired by #Chandrayaan2’s IIRS payload. IIRS is designed to measure reflected sunlight from the lunar surface in narrow and contiguous spectral channels," এইদৰে প্ৰকাশ কৰিছে ৷

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই প্ৰকাশ কৰা তথ্য অনুসৰি, IIRSএ প্ৰেৰণ কৰা ছবিখন চন্দ্ৰপৃষ্ঠৰ উত্তৰ গোলাৰ্ধৰ বুলি কোৱা হৈছে ৷ এইখনেই হৈছে IIRSএ গ্ৰহণ কৰা চন্দ্ৰপৃষ্ঠৰ উত্তৰ গোলাৰ্ধৰ প্ৰথমখন ছবি ৷ ছবিখনত উত্তৰ গোলাৰ্ধৰ Sommerfield,Stebbins আৰু Kirkwood নামৰ অংশৰ প্ৰতিচ্ছবি পৰিলক্ষিত হৈছে ৷ উল্লেখ্য যে, চন্দ্ৰযান দ্বিতীয়ত সংযোজিত IIRSএ চন্দ্ৰপৃষ্ঠত থকা খনিজ আৰু আগ্নেয় বিষয়বস্তুক নজৰত ৰাখি সৌৰ বৰ্ণক্ৰমৰ ওপৰত গৱেষণাৰে চন্দ্ৰৰ উৎপত্তি সম্বন্ধে অধ্যয়ন কৰিব ৷

ABOUT THE AUTHOR

...view details