নেশ্যনেল ডেস্ক,২৮ আগষ্ট:সমগ্ৰ বিশ্বতে কৰণা মহামাৰীয়ে ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই চলিত বৰ্ষৰ বাবেবাতিল কৰিলে যুৱ বিজ্ঞানীৰ অনুষ্ঠান 'যুৱিকা।' শুক্ৰবাৰে চৰকাৰী সূত্ৰই এই কথা প্ৰকাশ কৰে। অষ্টম আৰু নৱম মানৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিবলগীয়া 'যুৱিকা ২০২০' চলিত বৰ্ষৰ মে' মাহত অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰা হৈছিল। পিছে কোভিড-১৯ৰ ভয়াৱহ পৰিস্থিতিৰ বাবে ৬ মাহলৈ এই কাৰ্যসূচী স্থগিত কৰা হৈছিল। ২০১৯ চনত ছাত্ৰ-ছাত্ৰীৰ মনত বিজ্ঞানৰ প্ৰতি ধাউতি বৃদ্ধি কৰা, দেশৰ মহাকাশ প্ৰযুক্তিৰ বিষয়ে জ্ঞান দিয়াৰ উদ্দেশ্যেৰে ধুমধামেৰে এই কাৰ্যসূচী আৰম্ভ কৰা হৈছিল। এই ১২দিনীয়া কাৰ্যসূচীত অংশ লোৱাৰ বাবে দেশৰ ভিন্ন প্ৰান্তৰ শিক্ষাৰ্থীক নিৰ্বাচিত কৰা হৈছিল।
কৰ'ণা মহামাৰীৰ বাবে 'যুৱিকা' বাতিল কৰিলে ISROই - ক'ভিড-১৯
কোভিড-১৯ৰ ভয়াৱহ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ISROই বাতিল কৰিলে যুৱ বিজ্ঞানীৰ অনুষ্ঠান 'যুৱিকা ২০২০'। দেশৰ বিভিন্ন ৰাজ্যৰ পৰা ১১৩গৰাকী শিক্ষাৰ্থীক অষ্টম আৰু নৱম মানৰ ছাত্ৰ-ছাত্ৰীক এই কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে নিৰ্বাচিত কৰা হৈছিল।
ISROৰ ৪ টা অপাৰেশ্যনেল চেণ্টাৰ ক্ৰমে তিৰুৱানন্থপুৰমস্থিত বিক্ৰম ছাৰাভাই কেন্দ্ৰ, বাংগালুৰুস্থিত ইউ আৰ ছেটেলাইট চেণ্টাৰ, আহমেদাবাদস্থিত স্পেচ এপ্লিকেশ্যন চেণ্টাৰ আৰু শ্বিলংস্থিত নৰ্থ-ইষ্ট স্পেচ চেণ্টাৰলৈ শিক্ষাৰ্থীসকলক নি কাম-কাজ সন্দৰ্ভত সামান্য আভাস দিয়াৰ পৰিকল্পনাৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছিল। প্ৰতিখন ৰাজ্যৰ পৰা ৩ জনকৈ শিক্ষাৰ্থীক নিৰ্বাচিত কৰা হৈছিল। ৩৬৮গৰাকী যোগ্যতাসম্পন্ন শিক্ষাৰ্থীৰ মাজৰ পৰা ১১৩ গৰাকীক বাচনি কৰা হৈছিল। কিন্তু লকডাউনৰ বাবে পিছুৱাই দিয়া হৈছিল এই কাৰ্যসূচী। সম্প্ৰতি কোভিড-১৯ ৰ ভয়াৱহ পৰিস্থিতিৰ বাবে সাময়িকভাৱে 'যুৱিকা ২০২০' বাতিল কৰা হৈছে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে।
লগতে পঢ়ক:বিশ্ববিদ্যালয়ৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা নিদিয়াকৈ উত্তীৰ্ণ হ'ব নোৱাৰে শিক্ষাৰ্থী : উচ্চতম ন্যায়ালয়