নিউজ ডেস্ক, 28 জুন : কোভিড-19ৰ পৰৱৰ্তী সময়ছোৱাত মানুহৰ প্ৰথম প্ৰয়োজনীয় বস্তু হৈ পৰিছে হেণ্ড ছেনিটাইজাৰ ৷ কিন্তু হেণ্ড ছেনিটাইজাৰ কিনোতে অধিক সাৱধান হোৱাটোও সমানে প্ৰয়োজনীয় ৷ কিয়নো ভুৱা আৰু নকল ছেনিটাইজাৰেৰে বৰ্তমান বজাৰ ভৰি পৰিছে ৷ মানুহৰ ভয়ক ব্যৱহাৰ কৰি কিছুমান কোম্পানীয়ে নিৰাপত্তাৰ দিশটোক আওকান কৰি অবাধে ধন সংগ্ৰহত লাগি পৰিছে আৰু ইয়াৰ বাবেই বজাৰ মুকলি কৰি দিছে নকল আৰু ভুৱা ছেনিটাইজাৰ ৷
খাদ্য আৰু ড্ৰাগ প্ৰশাসনে ইথানলযুক্ত ছেনিটাইজাৰৰ ব্যৱহাৰ কৰিবলৈ কোৱাৰ বিপৰীতে নিৰ্মাণকাৰী সংস্থাসমূহে ইয়াক মিথালনৰ সৈতে বদলি কৰি কম দামতে ছেনিটাইজাৰ বনাই আছে ৷ মিথানলৰ সংস্পৰ্শলৈ আহিছে ইয়ে অধিক বিষকৰ প্ৰভাৱ পেলোৱাৰ কথা ইতিমধ্যে স্বাস্থ্য বিশেষজ্ঞসকলে প্ৰকাশ কৰিছে ৷ এনেকুৱা ভুৱা হেণ্ড ছেনিটাইজাৰ নিৰ্মাণকাৰী গোটৰ বিষয়ে অভিযোগ লাভ কৰাৰ পিচতেই তেলেংগানাৰ ড্ৰাগ নিয়ন্ত্ৰণ আয়োগ অধিক সক্ৰিয় হৈ পৰিছে ৷ আয়োগে ড্ৰাগ পৰিদৰ্শকসকলক ৰাজ্যখনত থকা ছেনিটাইজাৰ নিৰ্মাণকাৰী সংস্থাসমূহৰ পৰা নমুনা সংগ্ৰহ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷
উপযোগী হেণ্ড ছেনিটাইজাৰ কিদৰে নিৰ্বাচন কৰিব ?
বিজলুৱা আৰু পনীয়া হেণ্ড ছেনিটাইজাৰ অধিক কাৰ্যক্ষম ৷ হাতত ব্যৱহাৰ কৰাৰ 60 ছেকেণ্ডৰ ভিতৰত ই লুপ্ত হৈ যাব লাগে ৷ হাতত লাগি ধৰি থকা ছেনিটাইজাৰৰ ফলত ছালৰ এলাৰ্জি হোৱাৰ সম্ভৱনা থাকে ৷ বিশেষজ্ঞসকলে প্ৰকাশ কৰা অনুসৰি, 60 শতাংশ ইথানল থকা এলকলযুক্ত হেণ্ড ছেনিটাইজাৰ মানুহে ব্যৱহাৰ কৰিব লাগে ৷ হেণ্ড ছেনিটাইজাৰ ব্যৱহাৰ কৰাৰ সময়ত 20-30ছেকেণ্ড সময় হাত দুখন ভালদৰে মোহাৰি লওঁক ৷
মিথানল নে ইথানল ?
বিপদটো হৈছে এটা আখৰে সকলো পৰিৱৰ্তন কৰি দিব পাৰে ৷ এই মহামাৰীয়ে হেণ্ড ছেনিটাইজাৰৰ বিক্ৰী তৰান্বিত কৰি তুলিছে ৷ স্বাস্থ্যগত দোকান অথবা ছুপাৰমাৰ্কেটসমূহ ৰঙ-বিৰঙীয়া হেণ্ড ছেনিটাইজাৰৰ বটলেৰে ভৰি পৰিছে ৷ যদিও আমি সদায়ে হেণ্ড ছেনিটাইজাৰ ব্যৱহাৰ কৰি আহিছো, কিন্তু আমাৰ বহুতেই বজাৰত উপলব্ধ এইসমূহ হেণ্ড ছেনিটাইজাৰ কিদৰে নিৰ্মাণ কৰা হৈছে সেই বিষয়ত অৱগত নহয় ৷ ৰোগ নিৰাময় আৰু নিয়ন্ত্ৰণ কেন্দ্ৰই 60 শতাংশ ইথানল (ইথাইল এলকহল)যুক্ত আৰু 70 শতাংশ ইছপ্ৰপানল (ইছপ্ৰপাইল এলকহল)যুক্ত হেণ্ড ছেনিটাইজাৰ ব্যৱহাৰ কৰিবলৈ কৈছে ৷ কেন্দ্ৰটোৱে মিথানল (মিথাইল এলকহল)যুক্ত ছেনিটাইজাৰ ব্যৱহাৰ কৰিবলৈ একেবাৰে মানা কৰিছে ৷