কেন্দ্ৰীয় চৰকাৰে এইটো খুব সুন্দৰকৈ বজায় ৰাখিছে যে অলপতে লোক সভাত উপস্থাপন হোৱা বিধেয়ককেইখনে কৃষকসকলক লাভান্বিত কৰিব ৷ প্ৰকৃত সত্যতা বুজিবলৈ চেষ্টা নকৰাকৈয়ে কৰ্প’ৰেট গোষ্ঠীসমূহক সমৰ্থন আগবঢ়োৱা আৰু খেতি পথাৰৰ কঠিনতাবোৰক সমুলাংশে বন্ধ কৰি দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে যি মনোবৃত্তি পোষণ কৰিছে সি কৃষক সমিতিবোৰক ক্ষুদ্ধ কৰি তুলিছে ৷
শস্য পথাৰত ব্যৱসায়ৰ প্ৰৱেশ :
কেন্দ্ৰ চৰকাৰে কৃষকসকলৰ তথাকথিত কল্যাণৰ হকে জুন মাহত জাৰি কৰা আধ্যাদেশ কেইখনক আইনী অনুমোদন প্ৰদান কৰাৰ উদ্দেশ্যে লোক সভাত তিনিখন বিধেয়কৰ প্ৰস্তাৱ আগবঢ়াইছিল ৷
সেই তিনি বিধেয়কৰ প্ৰথমখন হ’ল- কৃষক সকলে তেওঁলোকৰ দাৰা উৎপাদিত শস্য দেশৰ যিকোনো ঠাইত বিক্ৰী কৰিবলৈ স্বতন্ত্ৰতা পাব ৷
দ্বিতীয়টো হ’ল- কৃষকসকলে ব্যৱসায়ী সকলৰ লগত কৰা অগ্ৰিম চুক্তিবোৰক আইনী মৰ্যদা প্ৰদান ৷
তৃতীয়টো হ’ল- অত্যাৱশ্যকীয় সামগ্ৰী যেনে দালি, তৈলজাত শস্যৰ বীজসমূহৰ জমা কৰি ৰখাৰ ওপৰত থকা প্ৰতিবন্ধকতা প্ৰত্যাহাৰ কৰা ৷
চৰকাৰে অহৰহ কৈ আছে যে কৃষক সকলে তেওঁলোকৰ দাৰা উৎপাদিত শস্য দেশৰ যিকোনো ঠাইত বিক্ৰী কৰিবলৈ স্বাধীনতা পাব ৷ কিন্তু বিড়ম্বনাপূৰ্ণ প্ৰশ্নটো হ’ল- ক্ষুদ্ৰ খেতিয়ক (৮৬%) সকল, যিসকলে তেওঁলোকৰ ঋণ পৰিশোধ কৰিবলৈ সেমেকা মন এটাৰে পথাৰতে শস্য চপোৱাৰ অৱস্থাতেই নিজেই তেওঁলোকৰ উৎপাদনবোৰ বিক্ৰী কৰে; অন্য ৰাজ্যলৈ গৈ তেওঁলোকৰ উৎপাদনসমূহ বিক্ৰী কৰাৰ স্থিতি সেইসকল খেতিয়কৰ থাকিবনে ?
ব্যৱসায়ীসকল লগ লাগি তেওঁলোকৰ মাজতে এক ছিণ্ডিকেট গঠন কৰে আৰু খেতিয়কসকলৰ উৎপাদনৰ উচিত মূল্য নিদি তেওঁলোকৰ হিতক আঘাত হানে ৷ আনকি নিয়ন্ত্ৰিত বজাৰখনতেই কোনো ধৰণৰ ব্যৱস্থা নোলোৱা প্ৰশাসন যন্ত্ৰটোৱে দেশৰ ব্যৱসায়ীসকলক নাকি লগাব জানো ? তেলেংগানাৰ কপাহৰ বজাৰখনত আমি এনে ধৰণৰ শোষণ দেখিবলৈ পাই আহিছো ৷ ব্যৱসায়ীসকলক নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত বিপণন বিষয়াসকলৰ অদক্ষতাৰ বাবে কৃষকসকলে আন্দোলনৰ পথত নমা আমি দেখিবলৈ পাইছো আৰু তেওঁলোকে অৱশেষত শাসকসকলৰ ওপৰত চাপৰ সৃষ্টি কৰি সমৰ্থন মূল্য অৰ্জন কৰিবলৈ সক্ষম হয় ৷ যদি কৃষকসকলক কোনো ধৰণৰ মাচুল নিদিয়াকৈয়ে যিকোনো ঠাইতে তেওঁলোকৰ উৎপাদনসমূহ বিক্ৰী কৰিবলৈ স্বাধীনতা দিয়া হয় তেনেহ’লে আয়ৰ অভাৱত খেতি পথাৰবোৰ বন্ধ হৈ যাব ৷ আনহাতে মুক্ত বজাৰৰ নামত যিকোনো লোকেই কৃষকৰ নাম লৈ সামগ্ৰী বিক্ৰী কৰিব ৷
পথাৰত কৃষকৰ হাঁড় ভঙা শ্ৰম শেষত এইটো ক’ব পাৰি যে চৰকাৰৰ পদক্ষেপবোৰৰ পৰা এইটো ভালদৰেই পৰিলক্ষিত হৈছে যে ইয়াৰ পৰা লাভান্বিত হ’ব লগা লোকসকল হ’ল ব্যৱসায়ীসকল ৷ চলিত বৰ্ষত, ৰবি শস্য মাকৈৰ মূল্য প্ৰতি কুইন্টলত ২০০০ টকাকৈ পোৱা যাব বুলি আশা কৰা হৈছিল ৷ কিন্তু ১৩০০ টকাকৈও পোৱা নগ’ল ৷ এনে এক স্থিতিত যদি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহে এক উচ্চ মূল্য প্ৰদান কৰি নিজে উৎপাদন সমূহ ক্ৰয় কৰাৰ পৰিৱৰ্তে খেতিয়ক সকলক তেওঁলোকৰ উৎপাদন সমূহ দেশৰ যিকোনো ঠাইত বিক্ৰী কৰিবলৈ পৰামৰ্শ দিয়ে তেনেহ’লে ই কৃষকসকলৰ বাবে সহায়ক হ’বনে ? আনকি যদি কৃষকসকলে তেওঁলোকৰ উৎপাদন সমূহ দেশৰ যিকোনো ঠাইত বিক্ৰী কৰিবলৈ নিজাকৈ প্ৰচেষ্টাও চলাই, তেনে ক্ষেত্ৰত এজন ক্ষুদ্ৰ খেতিয়ক; যাৰ মাত্ৰ এবিঘা বা দুবিঘা খেতি মাটি আছে; তেনে এজন কৃষকে কেনেকৈ দূৰ দূৰণিলৈ গৈ আৰু বজাৰৰ বিভিন্ন কৌশলবোৰ অতিক্ৰমী নিজৰ উৎপাদিত শস্য বিক্ৰী কৰিব পাৰিব ৷ চৰকাৰখনে নিশ্চিতভাৱে এই তথ্যসমূহৰ বিষয়ে অৱগত ৷
দ্বিতীয় বিধেয়কখন :
আমি যদি দ্বিতীয় বিধেয়কখন চালি জাৰি চাওঁ, তেতিয়াও চৰকাৰ এক শোচনীয় পৰিস্থিতেই দেখিবলৈ পাম ৷ কিয়নো কোম্পেনীবোৰৰ পৰা ক্ৰয় কৰা কিছুমান বীজ গুণগত ফালৰ পৰা নিম্নমানৰ বুলি প্ৰমাণিত হৈছিল ৷ ইয়াৰ পৰা আনকি কৃষকসকলে ক্ষতিপূৰণ পাবলৈও সক্ষম নহ’ল ৷
উৎপাদিত শস্যসমূহ ক্ৰয় কৰাৰ প্ৰতিশ্ৰুতিৰে তেওঁলোকে কৃষকসকলক কিছু প্ৰকাৰৰ বীজৰ যোগান ধৰাৰ আধাৰত কৃষকসকলৰ লগত যিখন চুক্তি সম্পাদিত হ’ব লগীয়া আছিল সেই চুক্তিখনো এই বিধেয়কখনৰ আওতালৈ আহিব ৷ কিছু বছৰৰ পূৰ্ৱে কিছুমান কোম্পানীয়ে কৃষকসকলৰ মনত বিশ্বাস জন্মাই তুলিছিল যে তেওঁলোকে কিছুমান ঔষধি উদ্ভিদ যেনে একাচিয়া গছ, জাফ্ৰা, চেগুন গছ, চাল কুঁৱৰী, দুলাগণ্ডি, ৰামা ৰ’জা, বগা মুসলি ইত্যাদিৰ খেতি কৰিলে লাখত আয় কৰিবলৈ সক্ষম হ’ব ৷ বীজসমূহ বিক্ৰী কৰাৰ পাচত কোম্পানীসমূহ অন্তৰ্ধ্যান হ’ল আৰু চৰকাৰে এই সংক্ৰান্তত কোনো ধৰণৰ ব্যৱস্থা ল’বলৈ সক্ষম নহ’ল ৷
কৃষকসকলে অভিযোগ কৰিছিল যে যদি সংস্থাবোৰৰ লগত হোৱা চুক্তিবোৰক আইনী মৰ্যদা প্ৰদান কৰা হয় তেনেহ’লে আমি কোম্পেনীবোৰৰ দাৰা হোৱা প্ৰতাৰণা পৰীক্ষা কৰিব পাৰিম ৷ কিন্তু ই পৰোক্ষভাৱে “কৃষি চুক্তি”লৈহে মনত পেলাই দিয়ে ৷ ই সেই ভয়টো প্ৰকট কৰি তুলে, যদি দেশত কৃষি চুক্তিয়ে প্ৰসাৰতা পাই আৰু যদি কৃষি খণ্ড কৰ্প’ৰেট গোষ্ঠীৰ হাতলৈ যায় তেনেহ’লে ই দুখীয়া শ্ৰেণীৰ খেতিয়ক সকলক বয় বস্তু কঢ়িওৱা কুলিত পৰিণত কৰিব ৷ বিধেয়কখনৰ আটাইতকৈ ডাঙৰ দোষটো হ’ল যে কৃষি বিভাগৰ সেই চুক্তি বোৰৰ প্ৰতি কোনো দায়িত্ব নাই যিবোৰ চুক্তি কৃষকসকলে ব্যৱসায়ী তথা কোম্পেনীবোৰৰ সৈতে কৰিছে ৷ এই প্ৰসংগত পেপছিয়ে গুজৰাটৰ আলু খেতিয়কসকলৰ বিৰুদ্ধে দাখিল কৰা আইনী মোকৰ্দমাটোৰ কথা উল্লেখ কৰিব পাৰি ৷
তৃতীয় বিধেয়কখন
পৰৱৰ্তীখন হ’ল তৃতীয় বিধেয়কখন, এই বিধেয়কখন অত্যাৱশ্যকীয় উৎপাদনবোৰ মজুদ কৰণৰ সংশোধন সম্পৰ্কীয় বিধেয়ক ৷ অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ আইনখনৰ মূল অভিপায়টো হ’ল যুদ্ধকালীন বা তেনে কোনো সংকটৰ সময়ৰ বাদে তৈল্যজাত শস্যৰ বীজ, ফলমূল, শাক পাচলি, দালিজাতীয় শস্য, বজৰা আদিৰ দৰে উৎপাদনবোৰ জমা কৰি ৰখাত কোনো ধৰণৰ বাধা নাথাকিব ৷ কিন্তু ব্যাপক হাৰত জমা কৰি ৰখাৰ ফলত কৃষকসকলৰ তুলনাত ই কৃষিজাত ব্যৱসায়ৰ লগত জৰিত সংস্থাসমূহকহে লাভান্বিত কৰিব ৷ যিসকল দুখীয়া খেতিয়কে শস্য চপোৱাৰ সময়তে খেতি পথাৰতেই উৎপাদনসমূহ বিক্ৰী কৰে, কৃষি আৰু ফুড প্ৰছেছিং কোম্পেনীবোৰে তেনে খেতিয়কসকলৰ দৰিদ্ৰতাৰ সুযোগ লব ৷ এই বিধেয়কখনে সেই কোম্পেনীবোৰক খেতিয়কসকলৰ পৰা বৃহৎ পৰিমাণত উৎপাদনসমূহ ক্ৰয় কৰি ব্যাপক হাৰত সাচি থ’বলৈ সুযোগ দিব ৷ এনে প্ৰতিস্থানবোৰে খেতিয়কসকলৰ পৰা তেতিয়া উৎপাদনবোৰ ক্ৰয় কৰে যেতিয়া ইয়াৰ মূল্য কম হৈ থাকে আৰু এইবোৰ বৃহৎ পৰিমাণে জমা কৰি থয় আৰু যেতিয়া ইয়াৰ মূল্য বৃদ্ধি পায় তেতিয়া ইয়াক বিক্ৰী কৰে ৷ এই নতুন বিধেয়কখনে এওঁলোকক এক প্ৰকাৰৰ লেকামহীন স্বাধীনতা প্ৰদান কৰিব ৷ এইটো একেবাৰেই সুস্পষ্ট যে খুছুৰা বিপণন সংস্থাবোৰ বিধেয়কখনৰ এই প্ৰণিধানটোৰ পৰা লাভান্বিত ৷
চৰকাৰখনে কৃষকসকলৰ পৰা উৎপাদনবোৰ নিজেই ক্ৰয় কৰা উচিত
কৃষকসকলৰ আয় দুগুণ বৃদ্ধি কৰাৰ লক্ষ্যত উপনীত হ’বৰ বাবে কেন্দ্ৰীয় চৰকাৰখনে হাতত লোৱা উপায়বোৰ কোনো কাৰণতেই উপযোগী নহয় ৷ ই এটা কঠিন বাস্তৱ যে তেওঁলোকে ব্যৱসায়ীসকল তথা ক’ৰ্পৰেট গোষ্ঠীবোৰ আয় দহগুণলৈ বৃদ্ধি কৰিব ৷ কোনোৱে যদি সঁচাকৈয়ে কৃষকসকলক সহায় কৰিব বিচাৰিছে তেনেহ’লে তেওঁলোকক লাভজনক মূল্য প্ৰদান কৰিলেই যথেষ্ট হ’ব ৷ তেওঁলোকে যদি অন্তঃকৰণেৰে খেতিয়কসকলক সহায় কৰিব বিচাৰিছে তেনেহ’লে তেওঁলোকে ড৹ স্বামীনাথনৰ পৰামৰ্শক বাস্তৱত ৰূপায়ন কৰিব লাগে ৷ য’ত উৎপাদন মূল্যৰ উপৰিও অতিৰিক্তভাৱে কৃষকসকলক অতিৰিক্ত ৫০% মূল্য প্ৰদান কৰিব লাগে বুলি পৰামৰ্শ আগবঢ়োৱা হৈছে ৷
তেওঁলোকে কেৱল ২২ ধৰণৰ শস্যৰ ওপৰতেই নহয় বৰঞ্চ দেশত উৎপাদিত হোৱা সকলো ধৰণৰ শস্যৰ ওপৰতেই সৰ্বনিম্ন সমৰ্থন মূল্য প্ৰদান কৰিব লাগে ৷ যদি উৎপাদনসমূহৰ ওপৰত কম মূল্য নিৰ্ধাৰণ কৰা হয় তেনেহ’লে চৰকাৰে হস্তক্ষেপ কৰি কৃষকসকলৰ যাতে লোকচান নহয় সেইটো সুনিশ্চিত কৰিব লাগে ৷ কৃষিজাত সামগ্ৰী চৰকাৰে ক্ৰয় কৰা উচিত নাইবা ইয়াৰ দায়িত্ব মহিলা সমিতিবোৰৰ হাতত ন্যস্ত কৰিব লাগে ৷ বিভিন্ন শস্যসমূহৰ ফুড প্ৰছেছিঙৰ চুক্তি সম্পন্ন হোৱাৰ সময়ত চৰকাৰে মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰিব লাগে ৷
ফুড প্ৰছেছিং খণ্ডক এনে ধৰণেৰে প্ৰসাৰিত কৰা উচিত যাতে ই কৃষকসকলক লাভান্বিত কৰে আৰু তেওঁলোকৰ আয়ৰ ক্ষেত্ৰত এক ধাৰাবাহিকতা আনি দিয়ে ৷ ইয়াৰ উপৰিও এনে কিছুমান উপাই লোৱা উচিত যিবোৰে কৃষকসকলক নিজৰ ভৰিত থিয় হোৱাত সহায় কৰিব ৷ ব্যৱসায়ী আৰু উদ্যোগপতি সকলক সহায় কৰিবলৈ লোৱা সিদ্ধান্ত কৃষকসকলৰ কষ্টক তেওঁলোকৰ হাতত গটাই দিয়াৰ সমতুল্য হ’ব ৷ একে সময়তে এইটোও ক’ব পাৰা যায় যে অকল ভোটৰ আশাত তেওঁলোকে যদি “পি এম কিষাণ” জাতীয় কোনো আঁচনি মুকলি কৰে তেনেহ’লে ই খেতিয়কসকলক প্ৰতাৰণা কৰা আৰু তেওঁলোক নিজে প্ৰতাৰিত হোৱাৰ বাদে আন একো নহ’ব ৷
লেখক :আমিৰনেনি হৰিকৃষ্ণ
লগতে পঢ়ক :আছু অসমৰ ৰাইজৰ মাজত সদায় থাকিবঃ লুৰীণজ্যোতি গগৈ