নিউজ ডেস্ক, 4 জুন : আন এখন ৰাজনৈতিক নাটক আৰম্ভ হৈছে কৰ্ণাটকত ৷ ৰাজ্যখনৰ কংগ্ৰেছ নেতা সিদ্ধাৰামায়াই বুধবাৰে কয় যে, একাংশ বিজেপি বিধায়কে বি এছ য়েডুৰাপ্পা নেতৃত্বাধীন চৰকাৰক লৈ তেওঁক অভিযোগ উত্থাপন কৰিছে ৷ বিধায়ক সকলৰ মতে "অল ইজ নট ৱেল" ৷ য়েডুৰাপ্পা কেৱল নামতহে মুখ্যমন্ত্ৰী হৈ আছে, কিন্তু কামে-কাজে সকলো কৰি আছে তেওঁৰ পুত্ৰ বিজয়েন্দ্ৰই ৷
একাংশ জ্যেষ্ঠ বিধায়কৰ মন্ত্ৰীত্বৰ লালসা আৰু ৰাজ্যসভা তথা ৰাজ্যৰ বিধান পৰিষদৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে বিজেপিৰ ভিতৰ চ'ৰাত ৰাজনীতি আৰম্ভ হৈছে ৷ উত্তৰ কৰ্ণাটকৰ বহুকেইজন বিধায়কে জ্যেষ্ঠ বিধায়ক উমেশ কাট্টিৰ বাসগৃহত ভোজমেলতো মিলিত হৈছে ৷
সূত্ৰমতে, একাংশ বিধায়কে এই বৈঠকত য়েডুৰাপ্পাৰ কাৰ্যপন্থা আৰু তেওঁৰ পুত্ৰ বিজয়েন্দ্ৰই সকলো কামতে হস্তক্ষেপ কৰা কাৰ্যৰ বিৰুদ্ধে অসন্তুষ্টিও প্ৰকাশ কৰিছে ৷ সিদ্ধাৰামায়াই উল্লেখ কৰা অনুসৰি বিজয়েন্দ্ৰক মানুহে 'অসাংবিধানিক মুখ্যমন্ত্ৰী' বুলি ক'বলৈ ধৰিছে ৷
উল্লেখ্য যে, সিদ্ধাৰামায়াই কৰ্ণাটক প্ৰদেশ কংগ্ৰেছ কমিটীৰ অধ্যক্ষ পদৰ বাবে শিৱকুমাৰৰ বিৰোধিতা কৰিছিল ৷ যাৰ বাবে তেওঁ দলত মৰ্যদা হেৰুৱাব লগা হৈছিল ৷ পঞ্চায়ত নিৰ্বাচন পিচুওৱাৰ বাবে ৰাজ্যিক নিৰ্বাচন আয়োগে লোৱা সিদ্ধান্তৰ বিৰোধিতা কৰি, প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, কংগ্ৰেছে এই সন্ধৰ্ভত আদালতৰ দ্বাৰস্থ হ'ব ৷