বৰ্তমান সময়ত যেন দেশৰ অপৰাধ ন্যায় ব্যৱস্থা সাধাৰণ লোকে ঢুকি পাব পৰা অৱস্থাত নাই । এফালে কোটি কোটি ভুক্তভোগীয়ে ন্যায়ৰ বাবে হাহাকাৰ কৰি আছে । আনফালে অপৰাধীবোৰক ন্যায় ব্যৱস্থাৰ আওতাত আনিবলৈ দীৰ্ঘ সময় প্ৰয়োজন হোৱাৰ সুযোগত দেশত অপৰাধজনিত ঘটনা দিনক দিনে বাঢ়িবলৈ লৈছে । অপৰাধীবোৰে একেটা অপৰাধকে বাৰম্বাৰ সংঘটিত কৰাৰ সুযোগ লাভ কৰিছে । উত্তৰ প্ৰদেশৰ উন্নাও ধৰ্ষণ কাণ্ডৰ ভুক্তভোগী যুৱতীগৰাকীক ৰাজপথতে জ্বলাই দিয়াৰ দৰে বৰ্বৰ ঘটনাই পুনৰবাৰ প্ৰমাণ কৰিছে যে ভাৰতৰ অপৰাধ ন্যায় ব্যৱস্থাই ততাতৈয়াকৈ ন্যায় প্ৰদানেৰে ভুক্তভোগীক সহায় কৰিবলৈ অক্ষম । যাৰ ফলত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে আই পি চি বা ভাৰতীয় দণ্ডবিধি আইন আৰু কোড অৱ্ ক্ৰিমিনেল প্ৰচিডিউৰৰ ক্ষেত্ৰত ব্যাপক সংস্কাৰৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে । যাতে আইনখনৰ প্ৰস্তাৱিত পৰিৱৰ্তনৰ জৰিয়তে সাধাৰণ লোকৰ নিৰাপত্তা নিশ্চিত হয় তাৰ বাবে কেন্দ্ৰই ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ পৰাও পৰামৰ্শ বিচাৰিছে । গৃহ মন্ত্ৰণালয়ৰ ফালৰ পৰা কোৱা হৈছে যে এনে ব্যৱস্থাৰ দ্বাৰা আধুনিক গণতন্ত্ৰত আশা কৰামতে সকলো শ্ৰেণীৰ লোক,বিশেষকৈ অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ লোকসকলৰ আইন আৰু ন্যায়ৰ সুবিধা লাভ কৰাটো নিশ্চিত হ’ব । বহু বিশ্লেষকৰ মতে ১৮৬০ চনতে প্ৰৱৰ্তন কৰা ভাৰতীয় দণ্ডবিধি বা ১৮৭২ চনৰ সাক্ষী আইনৰ ব্যৱস্থাসমূহ বৰ্তমান সময়ৰ লগত খাপ খোৱা নহয় আৰু বহু সুৰুঙা থকাৰ ফলত অপৰাধীবোৰ হাত সাৰি যাব পাৰে ।
এটৰ্ণী জেনেৰেল চলী চৰাবজীয়ে কৈছিল যে ন্যায় প্ৰদানত বিলম্ব হোৱাৰ ফলত ন্যায় অস্বীকাৰ কৰাই নহয়,বৰঞ্চ এটা সঠিক ন্যায়িক ব্যৱস্থাকো ধ্বংস কৰে । এই কথাষাৰকে অনুধাৱন কৰি অটল বিহাৰী বাজপেয়ী আৰু মনমোহন সিঙৰ দৰে প্ৰধানমন্ত্ৰীয়ে সংশোধনমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছিল । কিন্তু সমিতি গঠন কৰাৰ বাদে ঘোষণাবোৰ সফল হ’ব পৰা নাছিল । বহু মাহৰ পাছতো অপৰাধ ন্যায় ব্যৱস্থাক কঠোৰ কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰতি কৰ্ণাটক,জম্মু আৰু কাশ্মীৰ আৰু উত্তৰ প্ৰদেশৰ ৰাজ্য চৰকাৰেহে সঁহাৰি জনাইছে । দেশৰ শান্তি আৰু প্ৰগতিৰ বাবে নিৰাপত্তা সুনিশ্চিত কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে একেলগ হৈ কাম কৰাটো বৰ্তমান সময়ত অতি প্ৰয়োজনীয় । আধুনিক আইন শিক্ষাৰ পিতৃপুৰুষ হিচাপে জনাজাত এন আৰ মাধৱ মেননে ২০১৬ চনত দুখেৰে মন্তব্য কৰিছিল যে জনসাধাৰণৰ জীৱন আৰু সুৰক্ষাক নিৰাপত্তা প্ৰদান কৰাৰ উদ্দেশ্য জড়িত অপৰাধ ন্যায় ব্যৱস্থাই ইয়াৰ লক্ষ্যসমূহত উপনীত হোৱাৰ উদ্দেশ্যে ভালদৰে কাম কৰা নাই । প্ৰকৃত ন্যায়িক ব্যৱস্থা কাৰ্যকৰী কৰিবলৈ বা অপৰাধীক কাৰাবাস বা শাস্তি প্ৰদানত অতিমাত্ৰা পলম হোৱাৰ বাবে এনেবোৰ অপৰাধ সঘনাই কৰিবলৈ অপৰাধীবোৰে শক্তি লাভ কৰি আহিছে । বহু চিন্তাবিদৰ মতে আৰক্ষীক অতিমাত্ৰা শক্তি দিয়াৰ ফলত প্ৰভাৱশালী লোকসকলৰ সহায় হৈছে আৰু ব্যৱস্থাটোক দুৰ্নীতগ্ৰস্ত কৰি তুলিছে । ইয়াৰ ফলত সাধাৰণ লোকসকলৰ মৌলিক অধিকাৰো ভংগ হৈছে । ২০০০ চনত বাজপেয়ী চৰকাৰে দেশত এনেধৰণৰ পৰিস্থিতিৰ অৱসান ঘটাবলৈ ন্যায়াধীশ ভি এছ মালিমাথৰ নেতৃত্বত এখন বিশেষ সমিতি গঠন কৰি দিছিল । ন্যআয়িক বিভাগ, আৰক্ষী বিভাগ আৰু বিভিন্ন অনুসন্ধানকাৰী সংস্থাৰ মাজত অৰ্থপূৰ্ণ আৰু দায়বদ্ধ সহযোগিতা স্থাপনৰ উদ্দেশ্যে ১৫৮ টা পৰামৰ্শ সন্নিবিষ্ট এক প্ৰতিবেদন এই সমিতিয়ে ২০০৩ চনৰ এপ্ৰিল মাহত দাখিল কৰে । ‘সত্যৰ অন্বেষণ’ নীতিৰেই সমগ্ৰ ন্যায় ব্যৱস্থা পৰিচালিত হ’ব লাগে বুলি ন্যায়াধীশ মালিমাথ সমিতিয়ে বিশেষভাৱে জোৰ দিছিল । ন্যায়াধীশ এন আৰ মাধৱ মেনন সমিতিয়েও চাৰিবছৰীয়া ৰাষ্ট্ৰীয় নীতি ৰূপৰেখা বা নেশ্যনেল পলিচী ফ্ৰেমৱৰ্ক প্ৰস্তুত কৰিছিল । এই ফ্ৰেমৱৰ্কত অপৰাধ ন্যায় ব্যৱস্থাৰ সংস্কাৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছিল । সন্ত্ৰাসবাদে দেশখনক জোকাৰি যোৱাৰ সময়তে ন্যায়াধীশ জে এছ বাৰ্মাই কেইবাটাও পৰামৰ্শ আগবঢ়াইছিল । অপৰাধৰ পৰিৱৰ্তিত প্ৰকৃতি আৰু আন্তঃৰাষ্ট্ৰীয় সংশোধিত নীতিসমূহ পৰ্যবেক্ষণ কৰি ন্যায় ব্যৱস্থাত দ্ৰুত সংস্কাৰৰ প্ৰয়োজনীয়তা আহি পৰিছে ।