অসম

assam

ETV Bharat / bharat

ইৰাণী বৈদেশীক মন্ত্ৰীৰ 3 দিনীয়া ভাৰত ভ্ৰমণ কাৰ্যসূচী

ইৰাণ আৰু আমেৰিকাৰ মাজত বিশৃংখল পৰিস্থিতি অব্যাহত থকাৰ মাজতে ইৰাণী বৈদেশীক মন্ত্ৰী জৱাদ জৰীফৰ ভাৰত ভ্ৰমণে বিশেষ চৰ্চা লাভ কৰিছে ৷

By

Published : Jan 14, 2020, 2:25 PM IST

Foreign Minister begins 3 day India visit
ইৰাণী বৈদেশীক মন্ত্ৰীৰ 3 দিনীয়া ভাৰত ভ্ৰমণ কাৰ্যসূচী

নেশ্যনেল ডেস্ক, 14 জানুৱাৰীঃ ইৰাণ আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মাজত বিশৃংখল পৰিস্থিতি অব্যাহত থকাৰ মাজতো ইৰাণী বৈদেশীক মন্ত্ৰী জৱাদ জৰীফে তিনি দিনীয়া কাৰ্যসূচীৰে মঙলবাৰে ভাৰতত উপস্থিত হ'ব ৷ বুধবাৰে জৰীফে প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰাৰ লগতে বৈদেশীক মন্ত্ৰনালয়ৰ বাৰ্ষিত সন্মিলনত ৰায়ছীনা বিষয়ৰ ওপৰত বাখ্যা কৰিব ৷ ইয়াৰ পাচতে মন্ত্ৰণালয়ৰ অনুসৰি বৃহস্পতিবাৰে পুৱা জলপানৰ সময়ত বিদেশী মন্ত্ৰী এচ জয় শংকৰে ইৰাণী বিদেশী মন্ত্ৰী জৱাদ জৰীফৰ লগত এক বৈঠকত বহিব ৷ এই বৈঠকত দুয়ো মন্ত্ৰীয়ে আমেৰিকাই ড্ৰ'ণ আক্ৰমণৰ দ্বাৰা শীৰ্ষ ইৰাণী কামাণ্ডাৰক হত্যা কৰাৰ বাবে ইৰাণ আৰু আমেৰিকাৰ মাজত বৃদ্ধি পোৱা অপ্ৰীতিকৰ পৰস্থিতিৰ বিষয়ে বিচাৰ -বিবেচনা কৰাৰ সম্ভাৱনা আছে ৷

বৃহস্পতিবাৰে বিয়লি জৰীফে মুম্বাইলৈ যাত্ৰা কৰিব য'ত তেওঁ ব্যৱসায়িক নেতা সকলৰ লগত আলোচনাত বহিব ৷ এম ই এ য়ে জনোৱা অনুসৰি শুকুৰবাৰে জৰীফে তেওঁৰ ভাৰত যাত্ৰা সমাপন কৰিব ৷ ইৰাণ আৰু আমেৰিকাৰ মাজত বিশৃংখল পৰিস্থিতি অব্যাহত থকাৰ মাজতে ইৰাণী বৈদেশীক মন্ত্ৰী জৱাদ জৰীফৰ ভাৰত ভ্ৰমণে বিশেষ চৰ্চা লাভ কৰিছে ৷ উল্লেখ্য যে 3 জানুৱাৰীত আমেৰিকাৰ দ্বাৰা চলোৱা এয়াৰ ষ্ট্ৰাইকত অল-কোৱাদচ ফৰ্চৰ মুখ্য জেনেৰেল কাচেম চোলেমানিৰ মৃত্যু হৈছিল ৷ ইয়াৰ পাচতে বিগত সপ্তাহত,ইৰাণে ইৰাকত থকা 2 টা মাৰ্কিন সেনা চাৱনীৰ ওপৰত মিছাইলেৰে আক্ৰমণ কৰে ৷

লগতে পঢ়ক - নিৰ্বাচনৰ পূৰ্বে দিল্লীত বৃহৎ পৰিমানৰ ধন জব্দ

ABOUT THE AUTHOR

...view details