নিউজ ডেস্ক, 27 ডিচেম্বৰ :কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে দেওবাৰে কৃষকৰ সুৰক্ষা আৰু 'গো' সুৰক্ষাৰ বাবে কংগ্ৰেছ দলক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ কিছুদিন পূৰ্বে কংগ্ৰেছ দলে বুদলেখণ্ড অঞ্চলৰ বিভিন্ন জিলাত 'গো' বচাও, কৃষক বচাওৰ দাবী উত্থাপন কৰা প্ৰসংগৰ আঁত ধৰি স্মৃতি ইৰাণীয়ে কংগ্ৰেছ দলক সমালোচনা কৰে ৷
গো বচাও-কৃষক বচাও শ্ল'গান সন্দৰ্ভত স্মৃতি ইৰাণীৰ কংগ্ৰেছক কটাক্ষ - কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী
কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ কংগ্ৰেছক কটাক্ষ ৷ কৃষক সুৰক্ষা আৰু 'গো' সুৰক্ষা সন্দৰ্ভত কংগ্ৰেছক কটাক্ষ মন্ত্ৰী গৰাকীৰ ৷
গো বচাও-কৃষক বচাও শ্ল'গান সন্দৰ্ভত স্মৃতি ইৰাণীৰ কংগ্ৰেছক কটাক্ষ
তেওঁ পুনৰ কয় যে, যিটো দলৰ 'গো' হত্যাৰ লগত নাম সাঙোৰ খাইছিল, কৃষকৰ অধিকাৰ খৰ্ব কৰিছিল, সেই দলটোৱে বৰ্তমান 'গো' বচাওক আৰু কৃষক বচাও শ্ল'গান দিলে শোভা নাপায় ৷ গতিকে, কংগ্ৰেছ দলৰ এনে মিছা প্ৰতিশ্ৰুতিয়ে উত্তৰ প্ৰদেশ আৰু কেৰালাৰ জনসাধাৰণক প্ৰলোভিত কৰিব নোৱাৰে বুলি উল্লেখ কৰে ৷ লগতে, উত্তৰ প্ৰদেশ আৰু কেৰালাৰ জনসাধাৰণে বৰ্তমান বিজেপি চৰকাৰে কিমান উন্নয়ন কৰিছে সেয়া অবগত বুলি মন্তব্য প্ৰদান কৰে ৷
লগতে পঢ়ক :দুই সন্তানৰ সৈতে মহিলাৰ আত্মহত্য়া