এক বৃহৎ সংঘাত যি সংঘাতে যুদ্ধৰ ৰূপ লোৱাৰ সম্ভাৱনা থকা লগতে পেট্ৰ'লিয়াম যোগান ব্যাহত কৰাৰ লগতে গোলকীয় অৰ্থনৈতিক মন্দাৱস্থা সৃষ্টি কৰিব বুলি আশংকা কৰা হৈছিল, তেনে এক সংঘাত এসপ্তাহৰ ভিতৰতে টেহৰাণৰ কিছু কূটনৈতিক কৌশল আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ অনুৰূপ সঁহাৰিৰ বাবে হাত সাৰিব পৰা গৈছে। যাৰ ফলত সমগ্ৰ বিশ্বই স্বস্তিৰ নিশ্বাস পেলাইছে। ৮ জানুৱাৰীত ৰাষ্ট্ৰপতি ট্ৰাম্পে ইৰাণৰ নেতৃত্ব আৰু জনসাধাৰণক শান্তিপূৰ্ণ আলোচনাৰ বাবে আহ্বান জনাই ভাষণ প্ৰদান কৰাৰ পাছতে তেলৰ দাম হ্ৰাস পাবলৈ লোৱাৰ লগতে ষ্টক মাৰ্কেট ঊৰ্ধগামী হ'বলৈ আৰম্ভ কৰে। কিন্তু এয়া সাময়িক সকাহ হে হ'ব পাৰে। ইৰাকস্থিত আমেৰিকাৰ সামৰিক ক্ষেত্ৰত প্ৰায় এক ডজন বেলিষ্টিক মিছাইলৰ ওপৰত আক্ৰমণ কৰি ইৰাণে ইয়াৰ প্ৰত্যাক্ৰমণৰ সক্ষমতাৰ প্ৰমাণ দিয়ে। দেশখনে এই সময়ত পৰিস্থিতিৰ অধিক অৱনতি ঘটাব নিবিচাৰলেও পৰৱৰ্তী সময়ত প্ৰত্যুত্তৰ দিব পৰা শক্তিৰ প্ৰমাণ দিয়ে। গ্ৰেট চাটান আৰু তেহৰানৰ ধৰ্মগুৰু কেন্দ্ৰিক শাসনৰ মাজত থকা শত্ৰুতা পুনৰ ৩১ জানুৱাৰীত তীব্ৰ হৈ উঠে যিদিনা আমেৰিকাৰ ড্ৰোণ আক্ৰমণত মেজৰ জেনেৰেল কাছিম ছলেমানীৰ মৃত্যু হয়। ছলেমানী আছিল ঘাৰাণিয়ান ৰিভলুশ্যনাৰী গাৰ্ড কৰ্পচৰ মুৰব্বী। তেওঁৰ হত্যাৰ ঘটনাই সমগ্ৰ মধ্য প্ৰাচ্যতে অনিশ্চয়তা,আশংকা আৰু সংঘাতৰ ভয়াৱহতা বৃদ্ধি পায়।
১৯৭৯ চনত ইৰাণৰ শ্বাহসকলক ক্ষমতাচ্যুত কৰি কঠোৰ শীৰ্ষ নেতা আয়াতুল্লা ৰুহোল্লাহ খোমেইনিৰ নেতৃত্বত ইছলামিক শক্তিয়ে শাসনৰ ক্ষমতা হস্তগত কৰে ।১৯৭৯ চনৰ নৱেম্বৰ মাহত মৌলবাদী চিন্তাৰ ছাত্ৰসকলে তেহৰানস্থিত মাৰ্কিন দূতাবাসৰ ৫২ গৰাকীকৈ কূটনীতিবিদ আৰু বিষয়া-কৰ্মাচৰীক ৪৪৪ দিনৰ বাবে আবদ্ধ কৰি ৰাখে। তেতিয়াৰে পৰা আমেৰিকা আৰু ইৰাণৰ সম্পৰ্ক সংঘাতপূৰ্ণ হয়। ইছলামিক শাসনক অৱনমিত কৰাৰ বাবে আমৰিকাই যথা সম্ভৱ চেষ্টা অব্যাহত ৰাখিছিল । ১৯৮০-৮৮ ৰ ইৰাণ-ইৰাকৰ মাজত হোৱা যুদ্ধৰ সময়ছোৱাত আমেৰিকাই মুকলিভাৱে ছাদ্দাম হুছেইনক ধন,প্ৰশিক্ষণ আৰু অস্ত্ৰৰে (চৰকাৰীভাৱে অস্বীকাৰ কৰা হৈছে) সহায় কৰিছিল। আমেৰিকা আৰু চুন্নী চৌদি আৰৱৰ মাজত পৰম্পৰাগতভাৱে চলি অহা বন্ধুত্ব,ইৰাণৰ লগত শত্ৰুতা আৰু ইজৰাইলৰ প্ৰতি বিষোদগাৰ আদিয়ে আমেৰিকা আৰু ইৰাণৰ সম্পৰ্কক অধিক জটিল কৰি তুলিছে। ইৰাণী নেতা ৰাষ্ট্ৰপতি মহম্মদ আমহেদিনেজাদে পৃথিৱীৰ পৰা ইজৰাইলক নোহোৱা কৰি দিব লাগে বুলি কৰা মন্তব্যয়ো সহায় কৰা নাই। ইয়াৰ বিপৰীতে বাহিৰৰ পৰা সন্মুখীন হ’ব পৰা আক্ৰমণৰ কথা অনুভৱ কৰি ইৰাণে গোপনে পাৰমাণৱিক প্ৰকল্প হাতত লয়। পাকিস্তানে ইৰাণক সংবেদনশীল তথ্য তথা ইউৰেনিয়ামৰ বাবে আন্তঃগাঁথনি যোগান ধৰে। কিন্তু ইৰাণৰ পাৰমাণৱিক আকাংক্ষাক মষিমূৰ কৰাৰ বাবে আমেৰিকা আৰু ৰাষ্ট্ৰসংঘই কেইবালানিও চমন জাৰি কৰে ।
অৱশ্যে ২০১৫ চনৰ জুলাইত ইৰাণ আৰু ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ পাঁচখন স্থায়ী সদস্য ৰাষ্ট্ৰৰ মাজত হোৱা জইণ্ট কম্প্ৰিহেন্সিভ প্লেন অৱ্ এক্সনৰ জৰিয়তে এক সিদ্ধান্তত উপনীত হোৱা যায় । এই মৰ্মে ইৰাণৰ ক্ষেত্ৰত মজলীয়া ইউৰেণিয়ামৰ ভাণ্ডাৰ নষ্ট কৰাৰ লগতে নিম্ন পৰ্যায়ৰ ইউৰেনিয়ামক চেন্ট্ৰিফিউজ হিচাপে ১৫ বছৰৰ বাবে বাধা আৰোপ কৰা হয়। বিশ্বজুৰি এই চুক্তিৰ প্ৰশংসা কৰা হৈছিল। কিন্তু ডনাল্ড ট্ৰাম্পে ইয়াক মাৰ্কিন প্ৰশাসনে সম্পাদন কৰা এখন নিকৃষ্ট চুক্তি বুলিহে আখ্যা দিছিল। নিৰ্বাচনৰ সময়ত তেওঁ জিকাৰ পাছত এই চুক্তি বাতিল কৰা হ’ব বুলি সংকল্প গ্ৰহণ কৰিছিল আৰু সেই অনুসৰি ২০১৮ চনত আমেৰিকাই জে চি পি অ’ এ প্ৰত্যাহাৰ কৰে। তাৰ সমান্তৰালকৈ মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰ ইজৰাইলে ইৰাণৰ পাৰমাণৱিক ক্ষেত্ৰত আক্ৰমণ চলোৱাৰ পৰিকল্পনা কৰা বুলিও খবৰ বিয়পিবলৈ লয়। ট্ৰাম্পে ইৰাণৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰে আৰু সকলো ৰাষ্ট্ৰই দেশখনৰ পৰা তেল আমদানি কৰা বন্ধ কৰাৰ উপদেশ দিয়ে । কিন্তু এই নিষেধাজ্ঞা ৰাষ্ট্ৰসংঘৰ দ্বাৰা সমৰ্থিত নাছিল ।