নিউজ ডেস্ক, ১০ মাৰ্চ : জইছ-উল-অদলৰ বিৰুদ্ধে পদক্ষেপ ল'বলৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানক আহ্বান ইৰাণৰ। জইছ-উল-অদল নামৰ সন্ত্ৰাসবাদী সংগঠনটোক সম্পূৰ্ণ নিশেষ কৰিবলৈ প্ৰয়োজনবশত পাকিস্তানী সেনাক ইৰাণে সহায় কৰিব বুলি কথা দিয়ে ইৰাণৰ ৰাষ্ট্ৰপতি হাচান ৰৌহানীয়ে।
সন্ত্ৰাসবাদৰ বিৰুদ্ধে পাকিস্তানে গ্ৰহণ কৰক পদক্ষেপ : ইৰাণ - jaish-ul-adh
জইছ-উল-অদলৰ বোমাৰুৰ দ্ধাৰা ইৰাণত ২৭ জনকৈ ইছলামিক ৰিভলিউচনাৰী গাৰ্ড কৰ্পচ (IRGC) ৰ জোৱান নিহত হোৱাৰ পাচতেই উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছে পাকিস্তান আৰু ইৰাণৰ মাজত।
etv bharat
জইছ-উল-অদলৰ বোমাৰুৰ দ্ধাৰা ইৰাণত ২৭ জনকৈ ইছলামিক ৰিভলিউচনাৰী গাৰ্ড কৰ্পচ (IRGC) ৰ জোৱান নিহত হোৱাৰ পাচতেই উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছে পাকিস্তান আৰু ইৰাণৰ মাজত। জইছ-উল-অদলৰ বিৰুদ্ধে পাকিস্তানে পদক্ষেপ গ্ৰহণ নকৰিলে ইৰাণে পাকিতস্তানৰ ভূমিত প্ৰৱেশ কৰি সন্ত্ৰাসবাদ ধ্বংস কৰিবলৈও কুণ্ঠাবোধ নকৰে বুলি প্ৰকাশ কৰে ইৰাণে।