অসম

assam

IPL-2020 ত নেখেলে CSK ৰ তাৰকা অলৰাউণ্ডাৰ সুৰেশ ৰাইনাই

By

Published : Aug 29, 2020, 6:21 PM IST

33 বছৰীয়া ৰাইনাই সম্প্ৰতি আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে ৷ মহেন্দ্ৰ সিং ধোনীয়ে আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ লোৱা বুলি ঘোষণা কৰাৰ কিছুসময়ৰ পাছতে ৰাইনায়ো আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে ৷

IPL 2020: CSK all-rounder Suresh Raina ruled out of IPL due to personal reasons
IPL-2020 ত নেখেলে CSK ৰ তাৰকা অলৰাউণ্ডাৰ সুৰেশ ৰায়নাই

আবু ধাবি, 29 আগষ্ট: এদিন পূৰ্বেই এজন ক্ৰিকেটাৰসহ 12 জন আক্ৰান্ত হৈছে কৰ'ণা ভাইৰাছত ৷ এইবাৰ পুনৰ চেন্নাই চুপাৰ কিংগছৰ বাবে আহিছে আন এটা বেয়া খবৰ ৷ ব্যক্তিগত কাৰণত আৰৱ আমিৰাতত অনুষ্ঠিত হ‘বলগীয়া IPL-2020 ত নেখেলে CSK ৰ তাৰকা অলৰাউণ্ডাৰ সুৰেশ ৰাইনাই ৷ ইতিমধ্যে স্বদেশলৈ উভতি আহিছে ক্ৰিকেটাৰগৰাকী ৷

এই সন্দৰ্ভত চেন্নাই চুপাৰ কিংগছৰ মুখ্য কাৰ্যবাহী বিষয়া কে এছ বিশ্বনাথনে কয় যে, "ব্যক্তিগত কাৰণত দেশলৈ উভতি আহিছে সুৰেশ ৰাইনা ৷ এইবাৰৰ আই পি এলত তেখেতক পোৱা নাযাব ৷ এই পৰিস্থিতিত সুৰেশৰ পৰিয়ালক সম্পূৰ্ণভাৱে সহায় কৰিব চেন্নাই চুপাৰ কিংগছে ৷ "

উল্লেখ্য যে, 33 বছৰীয়া ৰাইনাই সম্প্ৰতি আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে ৷ মহেন্দ্ৰ সিং ধোনীয়ে আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ লোৱা বুলি ঘোষণা কৰাৰ কিছুসময়ৰ পাছতে ৰাইনায়ো আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে ৷

লগতে পঢ়ক : ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ধ্যান চান্দক স্মৰণ কিৰেণ ৰিজিজুৰ

ABOUT THE AUTHOR

...view details