অসম

assam

ETV Bharat / bharat

সোণোৱালৰ আহ্বান মৰ্মে NRLৰ ব্যক্তিগতকৰণ কৰা নহয়: ধৰ্মেন্দ্ৰ প্ৰধান

ইণ্ডিয়ান অইল কৰ্পৰেশ্যনক ভাৰতীয় পেট্ৰ’লিয়াম কৰ্পৰেশ্যন লিমিটেড (BPCL)ৰ অংশীদাৰিত্ব ক্ৰয় কৰিবলৈ অনুমতি দিয়া নহ’ব এই ইংগিত দিয়ে ভাৰতৰ পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ৷

By

Published : Nov 21, 2019, 8:03 PM IST

NRLৰ ব্যক্তিগতকৰণ কৰা নহয়: ধৰ্মেন্দ্ৰ প্ৰধান

নিউজ ডেস্ক, 21 নৱেম্বৰ: ব্যক্তিগতকৰণ কৰা নহ’ব অসম চুক্তিৰ আধাৰত স্থাপন হোৱা অসমৰ নুমলীগড় শোধনাগাৰ ৷ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নুমলীগড় শোধনাগাৰ ব্যক্তিগতকৰণ নকৰি ৰাজহুৱা খণ্ড হিচাপেই ৰাখিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক অনুৰোধ জনাইছিল ৷ এই অনুৰোধমৰ্মে অসমৰ নুমলীগড় শোধনাগাৰ ব্যক্তিগতকৰণ নকৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলি মন্তব্য কৰে পেট্ৰ’লিয়ামমন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ৷

বৃহস্পতিবাৰে পেট্ৰ’লিয়াম মন্ত্ৰীগৰাকীয়ে এক ইংগিত দিয়ে যে,ৰাজহুৱা খণ্ডৰ ফাৰ্ম যেনেকৈ ইণ্ডিয়ান অইল কৰ্পৰেশ্যনক ভাৰতীয় পেট্ৰ’লিয়াম কৰ্পৰেশ্যন লিমিটেড (BPCL) ৰ অংশীদাৰিত্ব ক্ৰয় কৰিবলৈ অনুমতি দিয়া নহ’ব ৷ 855 গৰাকী শ্বহীদৰ কেঁচা তেজৰ ত্যাগৰ বিনিময়ত প্ৰতিষ্ঠা হোৱা শোধনাগাৰটোৰ 62 শতাংশ অংশীদাৰিত্ব আছে ভাৰত পেট্ৰ'লিয়াম কৰ্পৰেশ্যন লিমিটেড চমুকৈ BPCLৰ ৷

উল্লেখ্য যে,যোৱা বৰ্ষত হিন্দুস্তান পেট্ৰ’লিয়াম কৰ্পৰেশ্যন লিমিটেডক (HPCL)ক কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ চৰকাৰৰ অধীনষ্ঠ তেল আৰু প্ৰাকৃতিক গেছ (ONGC) ক 36,915 কোটি টকাত বিক্ৰী কৰি দিছিল ৷

লগতে চাওক-ব্যক্তিগতকৰণ নহয় নুমলীগড় তেল শোধনাগাৰঃ নিৰ্মলা সীতাৰমণ

ABOUT THE AUTHOR

...view details