স্পৰ্টছ ডেস্ক, 30 মাৰ্চ : ভাৰতীয় অলিম্পিক সংন্থাই (IOA)সোমবাৰে দেশৰ সংকটৰ সময়ত সমৰ্থন আৰু সাহাৰ্যৰ প্ৰতিশ্ৰুতি আগবঢ়াইছে ৷ কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে ৰাষ্ট্ৰীয় পৰিষদৰ লগতে ইয়াৰ সদস্যভূক্ত ৰাজ্যসমূহে সাহাৰ্য প্ৰদান কৰিবলৈ সাজু আছে বুলি IOA য়ে মন্তব্য কৰে ৷
ভাৰতীয় অলিম্পিক সন্থাই টুইটাৰত প্ৰকাশ কৰা এক বিবৃতিত সাধাৰণ সম্পাদক ৰাজীৱ মেহতাই এই কথা প্ৰকাশ কৰে ৷ লগতে মেহতাই কয়, "নিজৰ জীৱনক তুচ্ছজ্ঞান কৰি যিসকলে সমাজসেৱাত ব্ৰতী হৈছে সেইসকলৰ বাবে আমি গভীৰভাৱে কৃতজ্ঞ ৷"
আন এক টুইটাৰত IOA য়ে কয় যে, চাইক্লিং ফেডাৰেছন আৰু ইণ্ডিয়ান গল্ফ ইউনিয়নে ইতিমধ্যেই আৰ্থিক সাহাৰ্য প্ৰদানৰ প্ৰতিশ্ৰুতি দিছে ৷