অসম

assam

ETV Bharat / bharat

INX মিডিয়া কেলেংকাৰী: ইডিৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ পি. চিদাম্বৰমক - NX Media কেলেংকাৰী

প্ৰাক্তন বিত্তমন্ত্ৰী পি. চিদাম্বৰমক 14 দিনৰ ন্যায়িক জিম্মালৈ বিচাৰি কৰা আবেদনৰ ৰায় দিল্লী ন্যায়ালয়ৰ ৷ 7 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ INX Media গোচৰত অবৈধ ধন লেন-দেন কৰা প্ৰাক্তন কংগ্ৰেছী নেতাগৰাকীক ৷

INX মিডিয়া কেলেংকাৰী: ইডিৰ ন্যায়িক জিম্মাত প্ৰেৰণ পি. চিদাম্বৰমক

By

Published : Oct 17, 2019, 9:20 PM IST

নিউজ ডেস্ক, 17 অক্টোবৰঃ INX Media কেলেংকাৰীত নাম সাঙোৰ খাই CBIৰ হাতত গ্ৰেপ্তাৰ হৈছিল দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰী তথা গৃহমন্ত্ৰী পি. চিদাম্বৰম ৷ CBIৰ ন্যায়িক জিম্মাত তিহাৰ জেলত ৰখা হৈছিল চিদাম্বৰমক ৷ শেহতীয়াকৈ প্ৰৱৰ্তক নিৰ্দেশালয়ে (Enforcement Directorate) উক্ত গোচৰ সন্দৰ্ভত সোধাপোচা কৰিবলৈ 14 দিনৰ ন্যায়িক জিম্মালৈ বিচাৰি আবেদন দাখিল কৰিছিল দিল্লী উচ্চ ন্যায়ালয়ত ৷

INX মিডিয়া কেলেংকাৰীত অভিযুক্ত পি. চিদাম্বৰম

এই সন্দৰ্ভত 17 তাৰিখে দিল্লী ন্যায়ালয়ে প্ৰৱৰ্তক নিৰ্দেশালয়ৰ আবেদন মৰ্মে 24 অক্টোবৰলৈ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে পি.চিদাম্বৰমক ৷ বিশেষ ন্যায়াধীশ অজয় কুমাৰ কুহাৰৰে 7 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ লগতে লগতে ইডিৰ ন্যায়িক জিম্মাত ঘৰত বনোৱা খাদ্য, পশ্চিমীয়া শৌচাগাৰ আৰু চিকিৎসা সেৱা প্ৰদানৰো ৰায় প্ৰদান কৰে ৷ উল্লেখ্য যে,ন্যায়ালয়ে 16 অক্টোবৰত INX Media কেলেংকাৰীত জড়িত হৈ থকা পি.চিদাম্বৰমৰ বিৰুদ্ধে প্ৰডাকশ্বন ৱাৰ্ৰেণ্ট জাৰি কৰিছিল ৷

ABOUT THE AUTHOR

...view details