নেশ্বনেল ডেস্ক, 2 ছেপ্তেম্বৰ : প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমে মঙলবাৰ পৰ্যন্ত কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ (চিবিআই) জিম্মাত থাকিব লাগিব বুলি ৰায়দান কৰিছে দিল্লীৰ এখন আদালতে ৷ উল্লেখ্য যে, চিদাম্বৰমৰ অধিবক্তাই তেওঁৰ অন্তৱৰ্তীকালীন জামিন আবেদন কৰিছিল ৷
আইএনএক্স মিডিয়া কাণ্ড : মঙলবাৰ পৰ্যন্ত চিবিআইৰ জিম্মাত চিদাম্বৰম - দিল্লীৰ এখন আদালত
প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমে মঙলবাৰ পৰ্যন্ত কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ (চিবিআই) জিম্মাত থাকিব লাগিব বুলি ৰায়দান কৰিছে দিল্লীৰ এখন আদালতে ৷ উল্লেখ্য যে, চিদাম্বৰমৰ অধিবক্তাই তেওঁৰ অন্তৱৰ্তীকালীন জামিন আবেদন কৰিছিল ৷
আইএনএক্স মিডিয়া কাণ্ড : মঙলবাৰ পৰ্যন্ত চিবিআইৰ জিম্মাত চিদাম্বৰম
উল্লেখ্য যে, মঙলবাৰে 3:30 বজাত চিদাম্বৰমক এখন বিশেষ চিবিআই আদালতত হাজিৰ কৰোৱা হ'ব ৷ চিবিআইৰ বিশেষ আদালতত মহাঅধিবক্তা তুষাৰ মেহতাই চিদাম্বৰমক আৰু এদিনৰ জিম্মাৰ ৰাখিবলৈ অনুৰোধ কৰে ৷ লগতে মেহতাই মন্তব্য কৰে যে, যিহেতু চিদাম্বৰমে সাক্ষীক প্ৰভাৱিত কৰাৰ প্ৰচুৰ সম্ভাৱনা আছে সেয়েহে তেওঁৰ জামিন আবেদন নাকচ কৰা উচিত ৷