নিউজ ডেস্ক, 5 ছেপ্তেম্বৰঃদেশৰ প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমৰ অগ্ৰিম জামিন বাতিল কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে ৷ চিবিআইৰ জিম্মাত থকা দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰীগৰাকীৰ জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা আবেদনৰ লগতে অন্যান্য গোচৰৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে ৷ বিয়লিৰ ভাগলৈ উচ্চতম ন্যায়ালয়ত উক্ত গোচৰৰ শুনানি অনুষ্ঠিত হোৱা সম্ভাৱনা আছে যদিও ইতিমধ্যে প্ৰাক্তন বিত্তমন্ত্ৰীগৰাকীৰ অগ্ৰিম জামিন আবেদন নাকচ কৰিছে উচ্চতম ন্যায়ালয়ে ৷ সোমবাৰে এক ৰায়দানৰ দ্বাৰা উচ্চতম ন্যায়ালয়ে প্ৰাক্তন বিত্তমন্ত্ৰীগৰাকীক কিছু সকাহ প্ৰদান কৰিছিল ৷ সেই অনুসৰি, প্ৰাক্তন বিত্তমন্ত্ৰীগৰাকীক তিহাৰ জেলৰ পৰিৱৰ্তে নিজ গৃহতে গৃহবন্দী কৰি ৰখাৰ নিৰ্দেশনা দিছিল উচ্চতম ন্যায়ালয়ে ৷
আইএনএক্স গোচৰঃ চিদাম্বৰমৰ অগ্ৰিম জামিন খাৰিজ - গ্ৰেপ্তাৰী পৰোৱানাবিহীন জামিন আবেদন
আইএনএক্স গোচৰত দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমৰ অগ্ৰিম জামিন বাতিল কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে ৷ বিয়লিৰ ভাগলৈকে উচ্চতম ন্যায়ালয়ত উক্ত গোচৰৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে ৷
আইএনএক্স গোচৰঃ চিদাম্বৰমৰ অগ্ৰিম জামিন খাৰিজ
আনহাতে এয়াৰচেল-মেক্সিছ গোচৰত উচ্চতম ন্যায়ালয়ে বিত্তমন্ত্ৰীগৰাকীক জামিন প্ৰদান কৰিছে ৷ বিত্তমন্ত্ৰীগৰাকীৰ লগতে তেওঁৰ পুত্ৰ কীৰ্তি চিদাম্বৰমক তদন্তকাৰী সংস্থাই উক্ত গোচৰত গ্ৰেপ্তাৰ কৰিব নোৱাৰিব ৷