অসম

assam

ETV Bharat / bharat

অনুচ্ছেদ 370ঃ প্ৰতিক্ৰিয়া প্ৰকাশ অৰুন জেটলীৰ - গৃহমন্ত্ৰী

বিজেপি নেতা অৰুন জেটলীয়ে অনুচ্ছেদ 370 আৰু 35(A) সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, এটা ঐতিহাসিক ভুল সংশোধিত হ'ল ৷ এতিয়া জম্মু কাশ্মীৰৰ বাসিন্দাৰ বাবে নিয়োগ আৰু নিয়োজনৰ অত্যধিত সুবিধা প্ৰকাশ পাব ৷

অৰুন জেটলী

By

Published : Aug 5, 2019, 7:18 PM IST

নিউজ ডেস্ক, 5 আগষ্টঃ দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰী তথা বিজেপি নেতা অৰুন জেটলীয়ে অনুচ্ছেদ 370 আৰু 35(A)ৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তক আদৰনি জনাইছে ৷ জেটলীয়ে বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, এয়া এক ঐতিহাসিক ভুলৰ শুধৰনি ৷ জাতীয় ঐক্যৰ বাবে ইয়াৰ সংশোধনী খুবেই জৰুৰী হৈ পৰিছিল ৷ এই বিষয়ে টুইট কৰি জেটলীয়ে কয় যে, দুয়োটা অনুচ্ছেদৰ সংশোধনীয়ে জম্মু-কাশ্মীৰত অধিক নিয়োগ আৰু নিয়োজনৰ পথ মুকলি কৰিবলৈ সক্ষম হ'ব ৷ ইয়াৰ দ্বাৰা জম্মু-কাশ্মীৰবাসী ৰাইজে অধিক সুবিধা লাভ কৰিব পাৰিব ৷

আনহাতে সদনত উত্থাপন হোৱা প্ৰস্তাৱৰ পিচতেই ইয়াক প্ৰত্যাখান কৰে বহুকেইগৰাকী নেতাই ৷ কংগ্ৰেছ, পিডিপি আৰু টিএমচিৰ নেতাই প্ৰত্যাখান কৰে এই প্ৰস্তাৱ ৷ কংগ্ৰেছী নেতা গুলাম নবী আজাদে এয়া সংবিধানৰ হত্যা বুলি উল্লেখ কৰে ৷ টিএমচি নেতা ডেৰেক অ'ব্ৰেইনে এয়া সংবিধানৰ সৈতে প্ৰবঞ্চনা বুলি উল্লেখ কৰাৰ লগতে প্ৰাক্তন কেন্দ্ৰীয় বিত্ত-মন্ত্ৰী পি চিদাম্বৰমে এয়া অসাংবিধানিক বুলি উল্লেখ কৰে ৷

আনহাতে বিএচপি, বিজেডি, আপ, শিৱসেনা আৰু ৱাইএছআৰ কংগ্ৰেছকে ধৰি বহুতেই গৃহমন্ত্ৰীৰ প্ৰস্তাৱত সন্মতি প্ৰদান কৰে ৷

ABOUT THE AUTHOR

...view details