অসম

assam

ETV Bharat / bharat

ভাৰতত ইলেকট্ৰিক বাহন প্ৰৱৰ্তন আৰু প্ৰত্যাহ্বান - ভাৰতত ইলেকট্ৰিক বাহন প্ৰৱৰ্তন

দেশৰ নীতি নিৰ্ধাৰকসকলৰ ঘোষণা মতে ইলেকট্ৰিক বাহনৰ ওপৰতে ভৱিষ্যতৰ ভাৰতবৰ্ষ চলিব । তেতিয়া বায়ুও পৰিস্কাৰ হৈ থাকিব । শব্দৰ মাত্ৰাৰ লগতে তেলৰ আমদানিৰ পৰিমাণ হ্ৰাস পাব । কেন্দ্ৰীয় চৰকাৰৰ পৰিকল্পনা অনুসৰি সকলো আগবাঢ়িলে চীন যেনেদৰে বহু ঔদ্যোগিক সামগ্ৰীৰ উৎপাদনৰ কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে তেনেদৰে ভাৰতো ইলেকট্ৰিক বাহন উৎপাদনৰ মূল কেন্দ্ৰ হৈ পৰিব ।

Introduction of electric vehicles in India challenges
ভাৰতত ইলেকট্ৰিক বাহন প্ৰৱৰ্তন আৰু প্ৰত্যাহ্বান

By

Published : Dec 6, 2019, 3:06 PM IST

Updated : Dec 6, 2019, 7:12 PM IST

নিউজ ডেস্ক,6 ডিচেম্বৰঃদেশৰ নীতি নিৰ্ধাৰকসকলৰ ঘোষণা মতে ইলেকট্ৰিক বাহনৰ ওপৰতে ভৱিষ্যতৰ ভাৰতবৰ্ষ চলিব । তেতিয়া বায়ুও পৰিস্কাৰ হৈ থাকিব । শব্দৰ মাত্ৰাৰ লগতে তেলৰ আমদানিৰ পৰিমাণ হ্ৰাস পাব । কেন্দ্ৰীয় চৰকাৰৰ পৰিকল্পনা অনুসৰি সকলো আগবাঢ়িলে চীন যেনেদৰে বহু ঔদ্যোগিক সামগ্ৰীৰ উৎপাদনৰ কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে তেনেদৰে ভাৰতো ইলেকট্ৰিক বাহন উৎপাদনৰ মূল কেন্দ্ৰ হৈ পৰিব । কিন্তু এই পৰ্যায়ত উপনীত হ’বলৈ কিমান দিন লাগিব সেয়াহে গুৰুত্বপূৰ্ণ প্ৰশ্ন ।

ভাৰতত ইলেকট্ৰিক বাহন প্ৰৱৰ্তন আৰু প্ৰত্যাহ্বান
হুণ্ডাই মটৰ কৰ্প’ৰেশ্বনে এইবাৰ গ্ৰীস্মকালত কিছু মাহ পূৰ্বে প্ৰথমখন ইলেকট্ৰিক বাহন বজাৰত মুকলি কৰি দিছিল যদিও কোম্পানীটোৱে এইক্ষেত্ৰত এক অকলশৰীয়া পথতহে যাত্ৰা কৰিবলগীয়া হয় । ১৫ কোটি চালক থকা দেশখনত আগষ্ট মাহত মাত্ৰ ১৩০ খন ক’না এছ ইউ ভি ডিলাৰক বিক্ৰী কৰিবলৈ সক্ষম হয় কোম্পানীটো । এই মন্থৰতাই পৃথিৱীৰ ভিতৰত চতুৰ্থ বৃহৎ অটোম’বাইল বজাৰখনত চৰকাৰৰ সহযোগিতা স্বত্বেও ইলেকট্ৰিক বাহন প্ৰতিষ্ঠা কৰিবলৈ গাড়ী নিৰ্মাতা কোম্পানীসমূহে সন্মুখীন হোৱা প্ৰত্যাহ্বানকে প্ৰমাণ কৰে । ক'নাৰ দাম প্ৰায় ২৫ লাখ হোৱাৰ বিপৰীতে গড়ে প্ৰতিজন ভাৰতীয়ই প্ৰতি বছৰে ১.৪৫ লাখ টকা উপাৰ্জন কৰে । আনহাতে বিপুল জনপ্ৰিয় মাৰুতি অল্টোৰ দাম প্ৰায় ২.৮০ লাখ টকা । অধিক দামৰ লগতে ইলেকট্ৰিক বাহনসমূহ ভাৰতত জনপ্ৰিয় নোহোৱা আন কাৰণসমূহ হ’ল-চাৰ্জ দিব পৰা আন্তঃগাঁথনিৰ অভাৱ, বেংকৰ ঋণ প্ৰদানৰ অনীহা আৰু নিৰ্দেশনা অনুযায়ী ইলেকট্ৰিক বাহন ব্যৱহাৰ কৰিবলৈ চৰকাৰী বিভাগসমূহৰ অনীহা । বিগত ৬ বছৰত মাত্ৰ ৮০০০ মানহে ইলেক্ট্ৰিক বাহন স্থানীয়ভাৱে বিক্ৰী হৈছে । এই তথ্য যুগুতাইছে ব্লুমবাৰ্গে । ব্লুমবাৰ্গ এন ই এফৰ মতে চীনে দুদিনতে এই সংখ্যাৰ গাড়ী বিক্ৰী কৰে । ভাৰতত বিদ্যুৎ চালিত গাড়ীৰ সহজলভ্যতা নাই । চৰকাৰ বা গাড়ী নিৰ্মাতা কোম্পানীসকলেও অহা দুই-তিনি বছৰত যে প্ৰকৃততে ই-কাৰৰ ক্ৰয় বাঢ়িব সেয়া আশা নকৰে । পৃথিৱীৰ অন্যতম প্ৰদূষিত দেশখনত পৰিৱেশ অনুকূল বাহন প্ৰৱৰ্তন কৰিবলৈ চৰকাৰে চলোৱা প্ৰচেষ্টাৰ চাৰি বছৰ পাছতো এই খণ্ডটোৱে গতি লাভ কৰিবলৈ সক্ষম হোৱা নাই । ফেব্ৰুৱাৰী মাহত কেন্দ্ৰই ৰাজ সাহায্য, আন্তঃগাঁথনি আৰু প্ৰচাৰত ১.৪ বিলিয়ন আমেৰিকান ডলাৰ ব্যয় কৰিবলৈও সিদ্ধান্ত গ্ৰহণ কৰে । কিন্তু ভাৰতত বিদ্যুৎ চালিত যান-বাহনৰ বজাৰখনৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি । এহেজাৰ ভাৰতীয়ৰ বিপৰীতে মাত্ৰ ২৭ গৰাকীৰহে একোখন গাড়ী আছে, যিটো সংখ্যা জাৰ্মানত ৫৭০ । গতিকে ভাৰতৰ প্ৰতিটো ৰাস্তা দখল কৰা জাপানৰ ছুজুকি মটৰ কৰ্পৰেশ্বনৰ ইউনিট মাৰুতিৰ একাধিপত্যক প্ৰত্যাহ্বান জনাব পৰাকৈ আন বহুজাতিক কোম্পানীসমূহৰ হাতত সুযোগ আছে ।
ভাৰতত ইলেকট্ৰিক বাহন প্ৰৱৰ্তন আৰু প্ৰত্যাহ্বান
অহা বছৰলৈকে মাৰুতিয়ে কোম্পানীটোৰ প্ৰথমখন ই-বাহন মুকলি কৰি নিদিয়ে । টাটা মটৰ্ছ আৰু মহিন্দ্ৰাই কিছু সংখ্যক প্ৰাথমিক পৰ্যায়ৰ বিদ্যুৎ চালিত বাহন নিৰ্মাণ কৰিছে । কিন্তু তেওঁলোকৰ পৰিসৰৰ সীমাবদ্ধতা আছে আৰু বাহনসমূহো বিশেষভাৱে চৰকাৰী কামত ব্যৱহাৰৰ বাবেহে ।
ভাৰতত ইলেকট্ৰিক বাহন প্ৰৱৰ্তন আৰু প্ৰত্যাহ্বান
বিগত বৰ্ষত ভাৰতত বিক্ৰী হোৱা যাত্ৰীবাহী গাড়ীৰ আধা সংখ্যকৰেই দাম ৫.৮০ লাখ বা তাৰ তলত । বিশেষজ্ঞসকলৰ মতে বিদ্যুৎ চালত গাড়ীয়ে গেছ’লিন চালিত বাহনৰ সৈতে ২০৩০ৰ দশকৰ প্ৰথম ভাগলৈকে সমতা স্থাপন কৰিব নোৱাৰিব । গ্ৰাহকে ইলেকট্ৰিক বাহনৰ প্ৰতি গুৰুত্ব দিয়ে বা তেওঁলোকৰ এক উৎসাহো আছে । কিন্তু দামৰ বিষয়ে জনাৰ লগে লগে তেওঁলোক থমকি ৰ’বলগীয়া হয় । আনকি যিসকলে ক’না কিনিবলৈ সক্ষম তেওঁলোকেও চাৰ্জ দিবলৈ সমস্যাৰ সন্মুখীন হ’ব । কিয়নো ২০১৮ চনত ভাৰতত ই-বাহন বা এছ ইউ ভিৰ চাৰ্জ দিব পৰা ষ্টেচন আছিল মাত্ৰ ৬৫০ টা । চৰকাৰী তথ্য অনুসৰি ইলেকট্ৰিক বাহনৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ বজাৰ হিচাপে পৰিগণিত চীনত চাৰ্জিং পইণ্ট আছে প্ৰায় ৪৫৬,০০০ টা । ভাৰতত চাৰ্জিং সম্বন্ধীয় আন্তঃগাঁথনিৰ সমস্যাটো কুকুৰা আগত সৃষ্টি নে কণী আগত সৃষ্টি হৈছিল জাতীয় পন্থাৰ বাবেহে দেখা দিছে । ভাৰতত প্ৰথমতে চাৰ্জিং আন্তঃগাঁথনি উন্নত কৰা হ’ব নে তাৰ পূৰ্বে ৰাজপথত অধিক ই-বাহন চলোৱা হ’ব তাকে লৈ যোৱা মাহত নতুন দিল্লীত অনুষ্ঠিত এখন সন্মিলনত চৰকাৰী বিষয়াসকলৰ লগতে ইলেকট্ৰিক বাহনৰ অংশ নিৰ্মাতা কোম্পানীসমূহে বিতৰ্কত ভাগ লৈছিল । আমি নিশ্চিত যে জনসাধাৰণে বিদ্যুৎ চালিত বাহনসমূহ ভাল পাব । কিন্তু আন্তঃগাঁথনিৰ ক্ষেত্ৰতহে আমাৰ প্ৰত্যাহ্বান আছে । প্ৰাথমিক প্ৰয়োজন এয়ে যে গ্ৰাহকে ঘৰতে চাৰ্জাৰ স্থাপন কৰিব লাগিব । আনহাতে এই বাহনসমূহ ক্ৰয়ৰ ক্ষেত্ৰত উপাৰ্জনৰ লগতে আন এক কাৰকেও ক্ৰিয়া কৰে । ই-বাহনৰ ক্ষেত্ৰত এখন দ্বিতীয় বজাৰ প্ৰতিষ্ঠা নোহোৱালৈকে বেংক আৰু আন প্ৰতিষ্ঠানসমূহেও এনে বাহন কিনিবলৈ ঋণ প্ৰদানত আগ্ৰহ প্ৰকাশ নকৰে । বজাৰত যাতে ইলেকট্ৰিক বাহনে প্ৰতিষ্ঠা লাভ কৰে তাৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে সহায় আগবঢ়াব লাগিব । জুলাইৰ বাজেটত কৰ হ্ৰাস, আয়কৰৰ ক্ষেত্ৰত লাভ, এনেধৰণৰ বাহনৰ নিৰ্দিষ্ট অংশৰ বাবে আমদানি কৰ হ্ৰাস আদি সন্নিবিষ্ট কৰা হৈছিল ।এই সুবিধাৰ প্ৰথম হিতাধিকাৰী হ’ব স্কুটাৰ আৰু মটৰ চাইকেল । কিয়নো ৫৫,০০০ ইলেকট্ৰিক কাৰ বিক্ৰীৰ বিপৰীতে ১ মিলিয়ন দুচকীয়া বাহন বিক্ৰীৰ লক্ষ্যৰে ৰাজ সাহায্যৰ ব্যৱস্থা কৰা হৈছে । কিন্তু যিবোৰ কথা চৰকাৰে কৈ আছে সেইবোৰ কৰিবলৈ বহু বাকী আছে । ৰাজহুৱা কোম্পানীসমূহৰ যৌথ উদ্যোগ এনাৰ্জি এফিচিয়েঞ্চি চাৰ্ভিছ লিমিটিড যাক ইলেক্ট্ৰিক বাহনেৰে চৰকাৰী বাহনৰ ঠাই পূৰাবলৈ দায়িত্ব দিয়া হৈছিল সেই প্ৰতিষ্ঠানটোৱে ২০১৭ চনৰ ছেপ্টেম্বৰত ১০ হাজাৰ গাড়ীৰ বাবে প্ৰথমখন নিবিদা দিছিল । কিন্তু জুলাইলৈকে চৰকাৰী বিভাগ বা সংস্থাসমূহে মাত্ৰ ১ হাজাৰখন গাড়ীহে গ্ৰহণ কৰিছে । বৰ্তমান ই ই এছ এলে টেক্সি কোম্পানীসমূহক গাড়ী যোগান ধৰি আছে । পৃথিৱীজুৰি ইলেকট্ৰিক বাহনৰ অভিজ্ঞতা সীমিত । আনকি যিবোৰ দেশত এই বাহন ব্যৱহাৰ হয়, তাতো মানুহৰ পছন্দ, গাড়ীৰ প্ৰকাৰ বা আন্তঃগাঁথনিৰ উপলব্ধতা ভাৰতৰ পৰা বহুত পৃথক । গতিকে ইলেক্ট্ৰিক বাহনৰ ক্ষেত্ৰত সকলো পদক্ষেপেই সাৱধানতাৰে লোৱা উচিত । কিয়নো বিফলতাই অৰ্থনৈতিক আৰু ৰাজনৈতিকভাৱে সাংঘাতিক প্ৰভাৱ পেলাব । বিশ্বজুৰি অটোম’বাইল উদ্যোগৰ অৱনতি ঘটিছে । তথ্য অনুসৰি ভাৰতৰ অটোম’বাইল খণ্ডত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত থকা প্ৰায় তিনি লাখ মানুহে চাকৰি হেৰুৱাবলগীয়া হৈছে ।ইয়াৰ অন্যতম কাৰণ হিচাপে ইলেকট্ৰিক বাহনৰ প্ৰৱেশৰ সম্ভাৱনাক উল্লেখ কৰা হৈছে । ইলেকট্ৰিক কাৰে অটোম’বাইল উদ্যোগৰ ব্যৱস্থাক ক্ষীপ্ৰতাৰে সলনি কৰিব । জীৱাশ্ম ইন্ধন ব্যৱহৃত বাহনসমূহ দৰে এই বাহনসমূহত বেছি যন্ত্ৰ-পাতি, গিয়েৰ বা অংশৰ দৰকাৰ নাই । প্ৰকৃততে নিৰ্মাতাসকলে তেনে অংশত বিনিয়োগ কৰিবলৈ দুবাৰ ভাবিব । পৰিকল্পনাকাৰীসকলে সঁচাকৈয়ে জীৱাশ্ম ইন্ধৰ সলনি বিদ্যুৎ শক্তিৰ ওপৰত গুৰুত্ব দিছেনে নাই সেয়া এতিয়াও অস্পষ্ট । দেশত সম্পূৰ্ণ বৈদ্যুতীকৰণৰ লক্ষ্যত উপনীত হ’বলৈ এতিয়াও বহু দূৰ বাকী থকাৰ লগতে বিদ্যুৎ সংযোগ থকা অঞ্চলসমূহতো বিদ্যুৎ যোগান উন্নত নহয় । বিদ্যুতেৰে চলিবলগীয়া এই কোটি কোটি বাহনৰ বাবে বছৰি কিমান বিদ্যুৎ শক্তিৰ প্ৰয়োজন হ’ব? আন সকলোবোৰ অতিৰিক্ত শক্তি নবীকৰণযোগ্য উৎসৰ পৰা উৎপাদন কৰা হ’ব নেকি? যান-বাহনৰ পৰা কাৰ্বন নিৰ্গত হোৱা হ্ৰাস কৰি প্ৰদূষণকাৰী উৎসৰ পৰা বিদ্যুৎ উৎপাদন কৰাত কোনো অৰ্থ নাই । এই প্ৰসংগতে এটা গুৰুত্বপূৰ্ণ অথচ বিতৰ্কিত বিষয় আলোচনা কৰিবলগীয়া আছে । সেয়া হ’ল ইন্ধন বিক্ৰীৰ পৰা আহৰণ কৰা ৰাজহ । পেট্ৰল আৰু ডিজেলৰ ওপৰত আৰোপিত কৰৰ পৰা কৰা উপাৰ্জনৰ ওপৰতেই কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বাজেট বহু পৰিমাণে নিৰ্ভৰশীল হৈ থাকে । ইলেক্ট্ৰিক বাহনৰ বাবে তেনে এক উপাৰ্জনৰ পথ ৰুদ্ধ কৰিবলৈ কোনো এখন চৰকাৰ আগ্ৰহী হ’বনে? জীৱাশ্ম ইন্ধনৰ বিক্ৰীৰ ফলত আটাইকেইখন ৰাজ্যৰ বছৰেকীয়া উপাৰ্জনৰ মুঠ পৰিমাণ ১.৯ লাখ কোটি টকাতকৈ ওপৰত । এই উপাৰ্জন হ্ৰাসে ৰাজ্যিক বাজেটক নিশ্চয় ক্ষতি কৰিব । বৰ্তমান জীৱাশ্ম ইন্ধনৰ মূল দাম নিৰ্ধাৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ হাতত শক্তি আছে । যান-বাহনক শক্তি যোগানৰ দায়িত্ব যদি ৰাজ্যসমূহৰ ওপৰত পৰে তেতিয়া কেনে পৰিস্থিতিৰ সূচনা হ’ব? এনেধৰণৰ ব্যৱস্থাৰ সৈতে ৰাজ্যসমূহ যে খাপ খাব নোৱাৰিব সেয়া স্পষ্ট । ভাৰতৰ পথত দেখা পোৱা প্ৰথমখন ইলেক্ট্ৰিক বাহন আছিল এখন কম্পেক্ট কাৰ । গাড়ীখনত আৰামৰ নামত সামান্য যদিও দাম আছিল অতি বেছি । গতিকে গাড়ীখনৰ প্ৰতি ৰাইজৰ সঁহাৰি ইতিবাচক নাছিল । সেই ভয় বা সন্দেহ এতিয়াও বিৰাজমান । চাৰ্ভিছিঙৰ বাবে প্ৰয়োজনীয় মূল্য বা খৰচা গ্ৰাহকৰ দৃষ্টিভংগীৰে অতি গুৰুত্বপূৰ্ণ । ডিজেল বা পেট্ৰ’ল কাৰৰ দৰে ইলেকট্ৰিক বাহনক চাৰ্ভিছিং বা পাৰ্টছৰ সঘন পৰিৱৰ্তন নালাগে । তেন্তে ছাৰ্ভিছিং আৰু পাৰ্টছ বিক্ৰীৰে যথেষ্ট উপাৰ্জন কৰা ডীলাৰসকলক গাড়ী নিৰ্মাতা কোম্পানীসমূহে কেনেদৰে সুখী কৰিব? গাড়ীৰ বিভিন্ন অংশৰ বিক্ৰীৰে কৰা উপাৰ্জন বন্ধ কৰিবলৈ কোম্পানীসমূহেও ইচ্ছা নকৰিব । নিশ্চিতভাৱে কোম্পানীসমূহে বিদ্যুৎ চালিত বাহনৰ দাম অধিক কৰিব আৰু তাৰে এটা অংশ ডীলাৰসমূহক ল’বলৈ দিব । আনহাতে ৱাৰেণ্টী সন্দৰ্ভত সম্পূৰ্ণৰূপে জানিবলৈ গ্ৰাহকসকল আগ্ৰহী হ’ব । বৰ্তমান বহু কোম্পানীয়ে আঠ বছৰৰ ৱাৰেণ্টী প্ৰদান কৰে । কিন্তু ইয়াৰ ফলত গ্ৰাহকৰ অসুবিধাৰহে যে সৃষ্টি হ’ব তাৰ স্পষ্ট সম্ভাৱনা আছে ।গ্ৰাহকে আঠ বছৰৰ বাবে উচ্চ হাৰত দাম ভৰি ৱাৰেণ্টীৰ সুযোগ লাভ কৰিব লাগিব (যদিহে ৱাৰেণ্টীৰ চৰ্তসমূহ বেলেগকৈ নাথাকে ) । আনহাতে আমেৰিকা আৰু কানাডাত কোনো কাৰণ নোহোৱাকৈ ইলেক্ট্ৰিক বাহন বিস্ফোৰিত হোৱা বা জুই লগা ঘটনা সংঘটিত হৈছে । ইলেকট্ৰিক বাহনৰ মূল অংশ হৈছে বেটাৰী আৰু মটৰ । গতিকে সম্পূৰ্ণৰূপে এই বাহনৰ দ্বাৰা উপকৃত হ’বলৈ হ’লে গোটেই বেটাৰীটো ভাৰতত প্ৰস্তুত কৰিব লাগিব । উচ্চ ক্ষমতাসম্পন্ন বেটাৰী প্ৰস্তুতৰ বাবে প্ৰয়োজনীয় উচ্চ পৰ্যায়ৰ প্ৰযুক্তি কিছুসংখ্যক ঔদ্যোগিক দেশত আছে । যিহেতু উৎপাদনকাৰী সকলোবোৰ দেশেই ইলেকট্ৰিক বাহন খণ্ডত ভাৰতৰ সম্ভাৱনাময় প্ৰতিদ্বন্দ্বী, গতিকে ভাৰতে বেটাৰীৰ আমদানিৰ ওপৰত নিৰ্ভৰশীল হোৱাটো উচিত নহয় । এই বিষয়টো খাৰুৱা তেলৰ আমদানিৰ পৰা পৃথক । ঘৰুৱা বা আমদানিকৃত উচ্চ প্ৰযুক্তিহে ভাৰতক প্ৰয়োজন । বিদ্যুৎ চালিত বাহন এখন দৈনন্দিন ব্যৱহাৰৰ ক্ষেত্ৰত বেটাৰী চাৰ্জ দিয়াটোৱে ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে । যিকোনো ধৰণৰ দ্ৰুত চাৰ্জিঙে চহৰসমূহৰ মাজত ইলেকট্ৰিক বাহনেৰে ঘূৰাটো সমস্যামুক্ত কৰাৰ থল নাই । ইলেকট্ৰিক বাহন সম্পৰ্কীয় এনেধৰণৰ সমস্যাক জনসাধাৰণৰ যাতায়তৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিবন্ধকতা হিচাপে গণ্য কৰা হ’ব যিয়ে চৰৰকাৰখনক সমালোচনাৰ সন্মুখীন হ’বলৈ বাধ্য কৰাব ।

পূৰ্বতে উল্লেখ কৰাৰ দৰে বিদ্যুৎ চালিত বাহন বৰ্তমানেও এক অনুসন্ধিৎসাৰ বস্তু আৰু সৰ্বজনগ্ৰাহ্য হ’বলৈ কিছু সময় লাগিব । চীনৰ দৰে প্ৰথমতে ভাৰতীয়সকলক দুচকীয়া ইলেক্ট্ৰিক বাহন বিশেষকৈ স্কুটাৰৰ সৈতে পৰিচিত কৰাই পাছত সৰু কাৰ বা ডাঙৰ বাহনৰ কথা ভবাটোৱেই উচিত হ’ব । এই আটাইবোৰ বিষয় সকলো অংশীদাৰ যেনে ৰাজ্য চৰকাৰ, উদ্যোগৰ প্ৰতিনিধি, ৰাইজক প্ৰতিনিধিত্ব কৰা লোকসকলৰ সৈতে আলোচনা কৰিহে চূড়ান্ত সিদ্ধান্তত উপনীত হোৱাটো উচিত ।
-পি ভি ৰাও, পৰিচালন সঞ্চালক, পিন্নাৰ ইণ্ডাষ্ট্ৰিছ্

Last Updated : Dec 6, 2019, 7:12 PM IST

ABOUT THE AUTHOR

...view details