অসম

assam

ETV Bharat / bharat

ইটিভি ভাৰতৰ বাতৰি সম্পাদক বিলাল ভাটৰ সৈতে মুখ্টাৰ আব্বাছ নাকভিৰ সাক্ষাৎকাৰ

বুদ্ধিবৃত্তিৰ ছদ্মৱেশত কিছু লোকে দেশৰ ভাবমূৰ্তি ক্ষতিগ্ৰস্ত কৰাৰ চেষ্টা কৰিছে । এই বিষয়ৰ ওপৰত গম্ভীৰভাৱে ব্যৱস্থা গ্ৰহণৰ বাবে ইতিমধ্যে সূচী তৈয়াৰ কৰা হৈছে । দিল্লী সংখ্যালঘু পৰিষদৰ অধ্যক্ষ জাফৰুল ইছলাম সন্দৰ্ভত মন্তব্য কৰি নাকভিয়ে কয় যে, তেখেতে নিজৰ দেশখনক নিজে অপবাদ জাপি দিয়ে আৰু এই ক্ষেত্ৰত অন্য দেশসমূহৰ পৰা সাহাৰ্য বিচাৰিছে । ই নৈতিকভাৱে একেবাৰে গ্ৰহণযোগ্য নহয় ।

Interview with Mr. Mukhtar Abbad naqvi by News Editor Mr. Bilal Bhat
ইটিভি ভাৰতৰ বাতৰি সম্পাদক বিলাল ভাটৰ সৈতে মুখ্টাৰ আব্বাদ নকভীৰ সাক্ষাৎকাৰ

By

Published : May 23, 2020, 9:28 PM IST

Updated : May 23, 2020, 10:29 PM IST

নেশ্যনেস ডেক্স, 23 মেঃ ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কেন্দ্ৰীয় সংখ্যালঘু মন্ত্ৰী মুখ্টাৰ আব্বাছ নাকভিয়ে কয় যে, তবলিগী জামাতে কৰ'ণা ভাইৰাছ বিয়পোৱা নাই । আমি দেশত ইমান দীঘলীয়া সময়লৈকে লকডাউন নকৰিলোহেতেন । তেঁওলোকৰ অপৰাধসমূলক অৱহেলাই আমাক ইমান দীঘলীয়া আৰু কঠোৰ লক ডাউন কৰাৰ বাবে বাধ্য কৰিছে । যাৰ বাবে সাধাৰণ লোকসকলে দুৰ্যোগ ভুগিবলগীয়া হৈছে । তেওঁলোকৰ কিছুসংখ্যকে গ্ৰামাঞ্চলত আত্মগোপন কৰিছে । তেওঁলোকেই এই ভাইৰাছবিধ সংক্ৰমণ ঘটোৱা মুখ্য ব্যক্তি ৷

তেওঁলোকৰ অৱহেলাৰ বাবে সুৰক্ষা সংস্থাসমূহে নিজা ধৰণে সকলো নিয়ন্ত্ৰণ কৰিব । লগতে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব । নাকভিয়ে এই অবহেলাক 'অপৰাধমূলক অবহেলা' আখ্যা দিছে । নকভীয়ে আৰু কয় যে, জামাতৰ প্ৰধান ভুলটোৱেই হ'ল তেওঁলোকৰ আত্মগোপন । তেওঁলোকে নিজে আগবাঢ়ি আহি নিজৰ লগতে আনকো এই ভাউৰাছবিধৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰিলেহেতেন । চৰকাৰেও তেওঁলোকক সহায় কৰাৰ পক্ষত আছিল ।

বুদ্ধিবৃত্তিৰ ছদ্মৱেশত কিছুলোকে দেশ ভাবমূৰ্তি ক্ষতিগ্ৰস্ত কৰাৰ চেষ্টা কৰিছে । এই বিষয়ৰ ওপৰত গম্ভীৰভাৱে ব্যৱস্থা গ্ৰহণৰ বাবে ইতিমধ্যে সূচী তৈয়াৰ কৰা হৈছে । দিল্লী সংখ্যালঘু পৰিষদৰ অধ্যক্ষ জাফৰুল ইছলাম সন্দৰ্ভত মন্তব্য কৰি নাকভিয়ে কয় যে, তেখেতে নিজৰ দেশখনক নিজে অপবাদ জাপি দিয়ে আৰু এই ক্ষেত্ৰত অন্য দেশসমূহৰ পৰা সাহাৰ্য বিচাৰিছে । ই নৈতিকভাৱে একেবাৰে গ্ৰহণযোগ্য নহয় ।

ইটিভি ভাৰতৰ বাতৰি সম্পাদক বিলাল ভাটৰ সৈতে মুখ্টাৰ আব্বাদ নকভীৰ সাক্ষাৎকাৰ

কিছুসংখ্যক বুদ্ধিজীৱি তথা পণ্ডিতসকলে ভাৰতৰ ভাৱমূৰ্তিক কলুষিত কৰাৰ চেষ্টা কৰিছে আৰু ইছলামফোবিয়াৰ বিষয়ে লিখা মেলাই কোনো প্ৰভাৱ নেপেলায় । কাৰণ তেখেতে বিশ্বাস কৰিছিল যে, সমগ্ৰ বিশ্বই দেশৰ ধৰ্ম নিৰপেক্ষ প্ৰকৃতিকে স্বীকৃতি প্ৰদান কৰে । সংস্থাসমূহে এই জাতীয় ছদ্মৱেশী পণ্ডিতসকল তথা জাতীয় বিৰোধী কৰ্মকাণ্ডত জড়িত লোকসকলৰ কাৰ্য সম্বন্ধে বিশদভাৱে অৱগত ।

নাকভিয়ে কয় যে, লকডাউন পৰ্যায়ক্ৰমে শিথিল কৰি দিয়া হৈছে আৰু লোকসকলে আইন মানি চলি নিজৰ দৈনন্দিন কামকাজসমূহ কৰিব থাকিব পাৰে ।

লগতে পঢ়ক- কৰ'ণাৰ সজাগতাৰ বাবে ধুবুৰী জিলা প্ৰশাসনৰ ব্যতিক্ৰমী পদক্ষেপ

Last Updated : May 23, 2020, 10:29 PM IST

ABOUT THE AUTHOR

...view details