অসম

assam

By

Published : Mar 27, 2020, 7:38 AM IST

ETV Bharat / bharat

কৰ’না ভাইৰাছঃ ইউৰোপিয়ান ইউনিয়নৰ ৰাষ্ট্ৰদূতৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ

আমি জনস্বাস্থ্যক সুৰক্ষা প্ৰদান কৰা আৰু অধিক মৃত্যু প্ৰতিহত কৰাৰ বাবে একেলগে কাম কৰিব লাগিব । ইউৰোপত আমি বহু কঠোৰ উপায় অৱলম্বন কৰিছোঁ ।সীমান্ত বন্ধ, লকডাউন—এই সকলোবোৰ বৈজ্ঞানিক প্ৰমাণ আৰু দক্ষতাৰ ওপৰত প্ৰতিষ্ঠিত । আমি সকলো সদস্য ৰাষ্ট্ৰকে জড়িত কৰাই জৰুৰী ব্যৱস্থা গ্ৰহণ কৰা আৰম্ভ কৰিছোঁ ।

INTERVIEW WITH AMBASSADOR OF EUROPEAN UNION
ইউৰোপিয়ান ইউনিয়নৰ ৰাষ্ট্ৰদূতৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ

কৰ’না ভাইৰাছ মহামাৰীয়ে সৃষ্টি কৰা অৰ্থনৈতিক সংকট দূৰ কৰাৰ বাবে ইউৰোপৰ ২৭ খন ৰাষ্ট্ৰৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক সংঘ ইউৰোপিয়ান ইউনিয়নে ঘাটি দূৰ কৰাত গুৰুত্ব প্ৰদান কৰি আহিছে । ইটালীয়ে ক’ভিড-১৯ ৰ মৃত্যুৰ ক্ষেত্ৰকো চীনকে চেৰ পেলাইছে আৰু এই মহামমাৰীৰ ফলত সৃষ্টি হোৱা অৰ্থনৈতিক সংকট দূৰ কৰাৰ বাবে ইউৰোপিয়ান ইউনিয়নক উদ্ধাৰ পুঁজি প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে ।নতুন দিল্লীস্থিত ইউৰোপিয়ান ইউনিয়নৰ প্ৰতিনিধি উগো এষ্টুটোৰ মতে লকডাউন আৰু বৈজ্ঞানিক ভিত্তিৰ ওপৰত কঠোৰ সিদ্ধান্ত বৰ্তমান সময়ত অতিকৈ প্ৰয়োজন । জ্যেষ্ঠ সাংবাদিক স্মিতা শৰ্মাৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ৰাষ্ট্ৰদূতগাৰীকয়ে কয় যে ক’ভিজ-১৯ৰ শীঘ্ৰে প্ৰতিষেধক উদ্ভাৱন কৰাটো প্ৰয়োজন হৈ পৰিছে । লগতে এক সংঘবদ্ধ যুঁজৰ বাবে সঠিক তথ্য আৰু স্বচ্ছতা বৰ্তমান সময়ত প্ৰয়োজন । তেওঁ কয় যে ঘৰলৈ আহিবলৈ সক্ষম নোহোৱা নাগৰিকসকলৰ ভিছাৰ ম্যাদ বৃদ্ধি কৰাৰ বাবে ভাৰত আৰু ইউৰোপিয়ান ইউনিয়নে কাম কৰি আছে । মহামাৰীৰ আতংকৰ মাজতে কিছুসংখ্যক ভাৰতীয়ৰ ওপৰত হোৱা বৰ্ণবাদী আক্ৰমণৰ বিষয়ে কৰা প্ৰশ্নত তেওঁ কয় যে মানুহে মানৱীয় প্ৰমূল্যবোধ ৰক্ষা কৰিব লাগে ।

মুক্ত আৰু সঠিক তথ্য কৰ’না ভাইৰাছৰ সংকটৰ সময়ত মূল অস্ত্ৰঃ ইউৰোপিয়ান ইউনিয়নৰ ৰাষ্ট্ৰদূত

প্ৰশ্ন—ইউৰোপিয়ান ইউনিয়নে বৰ্তমান সন্মুখীন হোৱা বিপদ কেনে পৰ্যায়ৰ?

—এই মহামাৰী বিশ্বজুৰি বিয়পি পৰিছে । এয়া এক গোলকীয় ভাবুকি আৰু তাৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গোলকীয় সঁহাৰিৰ প্ৰয়োজন । আমি জনস্বাস্থ্যক সুৰক্ষা প্ৰদান কৰা আৰু অধিক মৃত্যু প্ৰতিহত কৰাৰ বাবে একেলগে কাম কৰিব লাগিব । ইউৰোপত আমি বহু কঠোৰ উপায় অৱলম্বন কৰিছোঁ ।সীমান্ত বন্ধ, লকডাউন—এই সকলোবোৰ বৈজ্ঞানিক প্ৰমাণ আৰু দক্ষতাৰ ওপৰত প্ৰতিষ্ঠিত । আমি সকলো সদস্য ৰাষ্ট্ৰকে জড়িত কৰাই জৰুৰী ব্যৱস্থা গ্ৰহণ কৰা আৰম্ভ কৰিছোঁ । এই সংকটৰ ফলত হ’ব পৰা অৰ্থনৈতিক দুৰৱস্থাৰ কথাও আমি বিবেচনা কৰিছোঁ । একে সময়তে আমি ভাইৰাছৰ বিৰুদ্ধে আৰু ইয়াৰ ফলাফলসমূহ নিয়ন্ত্ৰণ কৰাৰ বাবে যুঁজি আহিছোঁ । ইউৰোপিয়ান ইউনিয়নত আমাৰ সুদক্ষ বিজ্ঞানী আছে । আমি প্ৰতিষেধক, চনাক্তকৰণ আৰু চিকিৎসাৰ বাবে চৰকাৰী-বেচৰকাৰীভাৱে ১৪০ মিলিয়ন ইউৰো সংগ্ৰহ কৰা হৈছে । যিমান সোনকালে পাৰোঁ সিমান সোনকালে এক প্ৰতিষেধক উদ্ভাৱন কৰাটো জৰুৰী হৈ পৰিছে । আমি সম্পূৰ্ণ স্বচ্ছতা ৰক্ষা কৰিছোঁ । ইউৰোপিয়ান কমিছনকে ধৰি কেইবাটাও ৱেবছাইটত সাম্প্ৰতিক তথ্যৰ লগতে সম্পূৰ্ণ সংখ্যাবোৰৰ উল্লেখ আছে । মুক্ত আৰু প্ৰকৃত তথ্য এই সংকটৰ মুহূৰ্তত যে অতিকৈ দৰকাৰ সেয়া আমি দৃঢ়তাৰে বিশ্বাস কৰোঁ । স্থানীয় আৰু ৰাষ্ট্ৰীয় উপা.ৰ উপৰি আমি আন্তঃৰাষ্ট্ৰীয়ভাৱে কাম কৰিব লাগিব । কাৰণ এই ভাইৰাছে কোনো ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় সীমান্ত নামানে । আমি বিশ্ব স্বাস্থ্য সংস্থাৰ দৰে বহুদেশীয় সংগঠনৰ সহায় ল’ব লাগিব ।

প্ৰশ্ন—সীমান্তৰ বাধাহীন মুক্ত ভ্ৰমণৰ অঞ্চল স্বৰূপে ইউৰোপিয়ান ইউনিয়ন কিমান বিপদত আছে? পূৰ্বতে বিমানেৰে ভ্ৰম কৰা সকলো কৰ’না ভাইৰাছত আক্ৰান্ত লোককে চিনাক্ত কৰাটো সম্ভৱপৰ হয়নে?

—আমি এয়া চোকা দৃষ্টি ৰাখিছোঁ । লকডাউন অদিক ফলপ্ৰসূ হ’বলৈ লৈছে । আমি সকলোৱে কঠোৰ উপায় অৱলম্বন কৰিছোঁ । এই জনস্বাস্থ্যৰ বিপদ দূৰ কৰাৰ বাবে ল’বলগীয়া সকলো উপায়ৰ বাবে আমি সাজু আছোঁ । আমি ইতিমধ্যে বিশ্ব স্বাস্থ্য সংস্থাৰ পৰামৰ্শসমূহ পালন কৰিছোঁ । আমি স্বাস্থ্য সংস্থাসমূহৰ সৈতে ঘনিষ্ঠভাৱে যোগাযোগ ৰক্ষা কৰি আহিছোঁ । আমি বহু পৰিমাণে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ । কাৰণ এই মুহূৰ্তত এয়াই প্ৰয়োজন । একে সময়তে আমাৰ সামাজিক আৰু অৰ্থনৈতিক ব্যৱস্থাৰ প্ৰেক্ষাপটত মানৱীয় প্ৰমূল্যবোধকো গুৰুত্ব প্ৰদান কৰিছোঁ ।এই জনস্বাস্থ্যৰ সংকট দূৰ কৰাই আমাৰ প্ৰাথমিক কৰ্তব্য ।

প্ৰশ্ন—যিহেতু ভাৰতে ইউৰোপিয়ান ইউনিয়নৰ ক্ষেত্ৰতো ভ্ৰমণৰ নিষেধাজ্ঞা আৰোপ কৰিছে বহু সংখ্যক ভাৰতীয় ছাত্ৰ থকা-খোৱাৰ সুবিধা অবিহনে বহু চহৰত আবদ্ধ হৈ আছে । প্ৰয়োজন অনুসৰি ভাৰতত ইউৰোপিয়ান ইউনিয়নৰ নাগৰিক বা ইউৰোপিয়ান ইউনিয়নৰ দেশসমূহত ভাৰতীয় নাগৰিকৰ ভিছাৰ ম্যাদ বৃদ্ধি কৰা হৈছে নেকি ?

—হয় কৰা হৈছে । গাইগুটীয়াকৈ সদস্য ৰাষ্ট্ৰসমূহে সেয়া কৰি আছে । আমি সকলোৱা জানো যে আমি একেলগ হৈ আছোঁ আৰু এই সময়ত আমি বহু পৰিমাণে নমনীয় হ’ব লাগিব । সেয়া ভাৰতত ইউৰোপিয়ান বা ইউৰোপত ভাৰতীয়সকলৰ ক্ষেত্ৰতে হওক আমি সময়োপযোগী সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে কাম কৰি আছোঁ ।

প্ৰশ্ন—এই মহামাৰী নিয়ন্ত্ৰণ কৰাৰ বাবে সীমান্ত বন্ধ কৰি দিয়াটো ফলপ্ৰসূ উপায় বুলি আপুনি ভাবেনে? ‘হাৰ্ড ইমিউনিটী’য়ে কিবা উপায় দিয়েনে?

—মই চিকিৎসা বিশেষজ্ঞ নহওঁ । কিন্তু ইউৰোপিয়ান ইউনিয়নে বৈজ্ঞানিক ভিত্তি সিদ্ধান্ত গ্ৰহণ কৰি আছে । আমি যিয়েই কৰি আছোঁ সেয়া বৈজ্ঞানিক প্ৰমাণৰ ভিত্তিত কৰি আছোঁ ।

প্ৰশ্ন—এই মহামাৰীৰ ফলত সৃষ্টি হোৱা অৰ্থনৈতিক সমস্যা সমাধান কৰাৰ বাবে চৰকাৰসমূহে কেনেধৰণৰ পেকেজৰ কথা চিন্তা কৰিছে?

আমি গৱেষণা আৰু ঔষধৰ বাবে ১৪০ ইউৰো সংগ্ৰহ কৰিছোঁ । আমি যাতে এই ভাইৰাছ নিয়্ন্ত্ৰণৰ বাবে উত্তম উপায়ৰ সন্ধান লাভ কৰাত একেলগে কাম কৰিব পাৰোঁ তাৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাক ৪০০ ইউৰো প্ৰদান কৰিছোঁ । এই মহামাৰীৰ ফলত সৃষ্টি হোৱা সামাজিক-অৰ্থনৈতিক সমস্যাসমূহ নিয়ন্ত্ৰণ কৰাৰ বাবেও আমি চেষ্টা অব্যাহত ৰাখিছোঁ । আমি ইতিমধ্যে বহু ব্যৱস্থা গ্ৰহণ কৰিছোঁ । এখন বজাৰ আছে, আমি নিৰ্দিষ্ট নিয়ম অৱলম্বন কৰিছোঁ আৰু নমনীয়তা, নতু নবাজেটত স্থিৰতা আৰু বিকাশক অন্তৰ্ভুক্ত কৰিছোঁ । এই ভাইৰাছ মষিমূৰ কৰাৰ বাবে সকলো কৰা হৈছে । এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে যি কৰিব লাগে আমি সেয়া কৰিব লাগিব । আমি সৃষ্টিশীল আৰু নতুন উপায়ৰ বাবে সাজু আছোঁ ।

প্ৰশ্ন—ছাৰ্ক সন্মিলনৰ দৰে প্ৰধানমন্ত্ৰী নৰেন্দৰ মোদীয়ে জি ২০ অনলাইন সন্মিনৰ বাবে গ্ৰহণ কৰা পদক্ষেপ আন্তঃৰাষ্ট্ৰীয় সমাধানৰ ক্ষেতৰ্ত এখোজ নহয়নে?

—এয়া কৰাটো অতিকৈ প্ৰয়োজন আছিল । মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সময়োপযোগী পদক্ষেপক প্ৰশংসা কৰিছোঁ । এই বাৰ কেতিয়াও নোহোৱা ধৰণে বহু দেশীয় সংস্থাসমূহৰ গুৰুত্ব আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু একতাৰ প্ৰয়োজন অনুভৱ কৰিছোঁ ।এই সমস্যা দূৰ কৰাৰ বাবে আৰু অধিক সহযোগিতা বৃদ্ধি কৰাৰ বাবে সম্ভৱ সকলো কৰিম আমি ।

প্ৰশ্ন—জি৭, জি২০ ত দিয়া প্ৰস্তাৱসমূহ সোনকালে কাৰ্যকৰী কৰাটো সম্ভৱ হ’বনে? কিয়নো বহু দেশ এতিয়া লকডাউনত আছে ।

—সকলো দেশে পৰিস্থিতিক গুৰুত্ব সহকাৰে লৈছে । তেওঁলোকে বিকশিত শ্ৰেষ্ঠ সকলো উপায় আৰু দক্ষতা অৱলম্বন কৰিবলৈ সাজু আছে । আমি বহু দেশীয় পৰ্যআয়ত সহযোগিতা কৰাটো প্ৰয়োজন যাতে আমি বিশেষজ্ঞাৰ শিক্ষা আৰু আনৰ অভিজ্ঞতাৰ পৰা উপকৃত হ’ব পাৰোঁ ।

প্ৰশ্ন—ইউৰোপিয়ান ইউনিয়ৰ বাবে উচ্চ পৰ্যাৰ পৰীক্ষা কৰাটো আৰু ফলাফল প্ৰকাশ কৰাটো কৰ’না ভাইৰাছ প্ৰতিৰোধ কৰাৰ বাবে কিমান প্ৰয়োজনীয়?

—আমি মুক্ত আৰু স্বচ্ছ সমাজ হ’বলৈ চেষ্টা কৰিছিলোঁ । আমি সংকটত যেনেদৰে সঁহাৰি দিছোঁ তাৰ পৰাই ইয়াৰ প্ৰমাণ পোৱা যায় । প্ৰতিখন সদস্য ৰাষ্ট্ৰই প্ৰতি মুহূৰ্তৰ আক্ৰান্ত বা মৃত্যুপৰ সংখ্যা প্ৰকাশ কৰে আৰু ইউৰোপিয়ান কমিছনেও নিৰ্দিষ্ট ৱেৱছাইটৰ জৰিয়তে সেই কাম কৰি আছে । সংকট দূৰ কৰাৰ বাবে প্ৰয়োজনীয় সংখ্যা,তথ্য-পাতি আপুনি যথেষ্ট লাভ কৰিব ।

প্ৰশ্ন—এই মহামাৰীৰ বাবে দিল্লীস্থিত ইউৰোপিয়ান ইউনিয়নৰ দূতাবাসৰ দৈনন্দিন কামকাজত কেনেদৰে প্ৰভাৱ পৰিছে? আপোনালোকে কেনেধৰণৰ সাৱধানতা গ্ৰহণ কৰিছে?

—ভাৰত চৰকাৰ আৰু স্বাস্থ্য বিভাগে দিয়া নিৰ্দেশাৱলী আমি পালন কৰাৰ বাবেচেষ্ট কৰি আহিছোঁ । সামাজিক দূৰত্ব, হাত ধোৱা, ভ্ৰমণ কৰাৰ পৰা বিৰত থকা আদি দিশবোৰ আমি অতি গুৰুত্ব সহকাৰে লৈছোঁ । আমি আভ্যন্তৰীণ বা আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ সীমিত বা সম্পূৰ্ণৰূপে বন্ধ কৰিছোঁ । কেতিয়াবা আমি প্ৰতিনিধি বা আপোনালোকৰ নাগৰিকসকলক সহায় কৰাৰ বাবে ভ্ৰমণ কৰিবলগীয়া হয় । বহুসংখ্যকক ইউৰোপিয়ান ঘৰলৈ যোৱাটো প্ৰয়োজন যিদৰে বহুসংখ্যক ভাৰতীয় নাগৰিক ইউৰোপৰ পৰা উভতি আহিবলৈ বিচাৰিছে । মই যথেষ্ট সংখ্যক ইউৰোপিয়ান ইউনিয়নৰ নাগৰিকৰ কথা কৈছোঁ ।

প্ৰশ্ন—এই মহামাৰীৰ সময়তে চীনৰ নাগৰিক বা উত্তৰ-পূব বাৰতৰ কিছুসংখ্যক লোক বৰ্ণবাদী আক্ৰমণৰ বলি হৈছে । আপুনি এনেধৰণৰ ঘটানাবোৰক কি দৃষ্টিভংগীৰে চাব খোজে?

—এয়া অতিকৈ গুৰুত্বপূৰ্ণ বিষয় । আমি সামগ্ৰিকভাৱে কাম কৰাটো উচিত । এই মহামাৰীৰ কোনো দেশৰ সীমা নাই । আমি সকলোৱে ইয়াৰ গ্ৰাসত । সহযোগিতা আৰু একতাই এই সমময়ত আটাইতকৈ প্ৰয়োজন । আমি সকলোৱে একেলগে কাম কৰিব লাগিব আৰু প্ৰয়োজনীয় মানৱীয় প্ৰমূল্যবোধ ৰক্ষা কৰিব লাগিব । যাৰ বাবে ৰাষ্ট্ৰীয় সীমা নহয়, মানুহৰ স্বাস্থ্যৰ কথা কোৱা হৈছে ।

For All Latest Updates

ABOUT THE AUTHOR

...view details