অসম

assam

ETV Bharat / bharat

ভাৰতীয় অৰ্থনীতিৰ বিষয়ে কি ক'লে প্ৰাক্তন মন্ত্ৰী পি চিদাম্বৰমে

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পি চিদাম্বৰমে ইটিভি ভাৰতৰ সাংবাদিকৰ সৈতে ভাৰতীয় অৰ্থনীতিয়ে মুখামুখি হোৱা সমস্যাৰ বিষয়ে নিজৰ মতামত প্ৰকাশ কৰে ৷ চাওঁক আমাৰ এই বিশেষ প্ৰতিবেদন ৷

P Chidambaram
পি চিদম্বৰম

By

Published : Jan 1, 2020, 2:09 PM IST

Updated : Jan 1, 2020, 4:27 PM IST

নিউজ ডেস্ক, 1 জানুৱাৰীঃপ্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পি চিদম্বৰমে ইটিভি ভাৰতৰ সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ভাৰতীয় অৰ্থনীতিয়ে মুখামুখি হোৱা সমস্যাৰ বিষয়ে নিজৰ মতামত প্ৰকাশ কৰে ৷ জেষ্ঠ কংগ্ৰেছ দলৰ নেতা গৰাকীয়ে নৰেন্দ্ৰ মোডীৰ নেতৃত্বাধীন এনডিএ চৰকাৰ খনক তীব্ৰ সমালোচনা কৰি আহিছে ৷ সমান্তৰালভাৱে তেওঁ ঘৰুৱা আৰু গোলকীয় অৰ্থনীতিৰ ওপৰত থকা জ্ঞানৰ বাবে জনাজাত ৷ এই বিশেষ সাক্ষাৎকাৰত তেওঁ ভাৰতীয় অৰ্থনীতিৰ সাম্প্ৰতিক মন্দাৱস্থা,কৰ্পৰেট টেক্সৰ হাৰ হ্ৰাস আৰু বেংকৰ অসম্পাদিত সম্পত্তি সমূহৰ বিষয়ে নিজৰ মতামত দাঙি ধৰে ৷

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পি চিদম্বৰমৰসৈতেইটিভি ভাৰতৰ সাংবাদিকৰসাক্ষাৎকাৰ

সাক্ষাৎকাৰৰ কিছু অংশ তলত দাঙি ধৰা হ'ল.....

সাংবাদিকৰ নাম - বৈথিস্বৰণ বি
স্থান- চেন্নাই

প্ৰশ্নঃআপুনি কৈছে যে দেশৰ অৰ্থনৈতিক ব্যৱস্থা আইচিইউত আছে, কিন্তু চৰকাৰে এই অভিযোগ নস্যাৎ কৰিছে ৷ চৰকাৰে এইটোও কৈছে যে ইয়াৰ সাম্প্ৰতিক পুনৰ গঠনে ফলাফল দিছে ৷ এই বিষয়ে আপোনাৰ মতামত কি?

উত্তৰঃ মই আইচিইউ শব্দটো ব্যৱহাৰ কৰা নাই ৷ বৰঞ্চ ডঃ অৰবিন্দ সুব্ৰমনিয়মে এক সাক্ষাৎকাৰত এই শব্দটো ব্যৱহাৰ কৰিছিল ৷ কিছু মাহৰ পূৰ্বে তেওঁ এই চৰকাৰ খনৰ বাবে জেষ্ঠ অৰ্থনৈতিক উপদেষ্টা আছিল ৷ যদি চৰকাৰে ডঃ অৰবিন্দ সুব্ৰমনিয়মক উত্তৰ দিব বিচাৰিছে তেন্তে মই পূৰ্বতেই বিত্ত মন্ত্ৰীক নিজৰ সংস্কৰণ দিবলৈ আবেদন কৰিছো ৷ কিন্তু তেওঁলোকে নিদিয়ে ৷ এই চৰকাৰখনে কেৱল অস্পষ্টতা দৰ্শোৱাত বিশ্বাস কৰে ৷ তেওঁলোকে তথ্য আৰু সংখ্যাৰ বিশ্লেষণ দিবলৈ বিচৰা নাই ৷ ইয়াৰোপৰিও চৰকাৰখনে কৈছে যে অৰ্থনীতি বৰ্তমান ভাল চলি আছে ৷ কিন্তু মই শংকিত কিয়নো মাথো চৰকাৰে হে এই কথা বিশ্বাস কৰে ৷ বাকী কোনেও অৰ্থনীতি ভাল অৱস্থাত আছে বুলি বিশ্বাস নকৰে ৷

প্ৰশ্নঃ অৰ্থনৈতিক পুনৰুজ্জীৱিত কৰি তুলিবলৈ কৰ্পৰেট টেক্স হাৰৰ হ্ৰাসৰ দৰে চৰকাৰৰ শেহতীয়া সংশোধনী নীতিৰ বিষয়ে আপুনি কি ভাৱে?

উত্তৰঃমই নাভাবো যে কৰ্পৰেট টেক্সৰ হাৰ হ্ৰাস কৰাটো এক সংস্কৰণ ৷ বৰঞ্চ বাস্তৱত এইটো এক ভুল সিদ্ধান্ত ৷ যেতিয়া চাহিদাত হ্ৰাস হয়,জনসাধাৰণৰ হাতত ক্ৰয়ৰ শক্তি নাথাকে আৰু তেতিয়া যদি আপুনি কৰ হ্ৰাস কৰিব বিচাৰে,আপুনি পৰোক্ষ কৰতো হাৰ হ্ৰাস কৰিব লাগিব ৷ কৰ্পৰেট টেক্স এটা প্ৰগতিশীল টেক্স আৰু ইয়াক হ্ৰাস কৰাটো এক ভুল সিদ্ধান্ত ৷

প্ৰশ্নঃ আপুনি ক'লে যে চৰকাৰী তথ্য সমূহ বিশ্বাসযোগ্য নহয় আৰু চৰকাৰে এই তথ্য সমূহ শুদ্ধ কৰিবলৈ উপযুক্ত পন্ঠা অৱলম্বন কৰিব লাগে ৷ শেহতীয়াকৈ চৰকাৰে এই বিষয়টোৰ বিষয়ে অধ্যয়ন কৰিবলৈ এখন সুকীয়া সমিতি তৈয়াৰ কৰিছে ৷ আপোনাৰ এই বিষয়ত মতামত কি?

উত্তৰঃ ই এক আচৰিত স্বীকৃতি যে চৰকাৰী তথ্যৰ বিশ্বাসযোগ্যতাটো প্ৰশ্নবোধক ৷ তেওঁলোকে নিৱনুৱা সমস্যাৰ ওপৰত এন.এচ.এচ.অ'ৰ তথ্যক গাপ দিলে,লগতে গ্ৰামীন ভাৰতৰ গ্ৰাহকৰ হ্ৰাস সম্পৰ্কে হোৱা এক সমীক্ষাকো গাপ দিছে তেওঁলোকে ৷ মই ডঃ প্ৰণৱ সেনৰ অধীনত নিয়োজিত আয়ুক্ত সমিতিৰ নিযুক্তিক আদৰণী জনাও কিন্তু তেওঁলোকে দ্ৰুত গতিত কাম কৰিব লাগে আৰু তথ্যৰ বিশ্বাসযোগ্যতাটো পুনৰুদ্ধাৰ কৰিব লাগে ৷ 6 বছৰৰ পূৰ্বে ভাৰতৰ তথ্য সমূহ বিশ্বাসযোগ্য আছিল ৷ বিগত 6 বছৰে তথ্য সমূহে বিশ্বাস হেৰুৱাই পেলাইছে ৷

প্ৰশ্নঃ চৰকাৰে কৈছে যে অসম্পাদিত সম্পদ ক্ৰমে হ্ৰাস হৈ আহিছে ৷ এই বিষয়ত আপুনি কি ভাৱে? আপুনি বিত্তীয় ক্ষেত্ৰত পুনৰ সংস্কাৰৰ পৰামৰ্শ দিছে ৷ কি সেই পৰামৰ্শ সমূহ?

উত্তৰঃ মই পুনৰ সংস্কৰণৰ পৰামৰ্শ দিয়া নাই ৷ তেওঁলোকেহে পুনৰ সংস্কৰণৰ পৰামৰ্শ দি আমাৰ মতামত ল'ব লাগে ৷ আমি জনগণৰ হৈ প্ৰশ্ন কৰিছো আৰু তেওঁলোক উত্তৰ দিয়াৰ স্থিতিত আছে ৷ তেওঁলোক আমাৰ গুৰু নহয় যে তেওঁলোকে আমাক প্ৰশ্ন কৰিব আৰু আমি তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ দিম ৷ এনপিএৰ শেহতীয়া তথ্য অনুসৰি এইটো এটা ওপৰুৱা ব্যৱস্থাপনাহে ৷ তেওঁলোকে এনপিএৰ ক্ষেত্ৰত 10 বা 9.6 শতাংশলৈ হ্ৰাসহোৱাটো দেখুৱাইছে ৷ যদি ঋণ মাফ কৰাটোৱে সমস্যাৰ সমাধান হয় তেনেহ'লে সংখ্যাৰ হিচাপতো ই হ্ৰাস হোৱাটোৱে বুজাব ৷ কিন্তু আৰবিআইৰ শেহতীয়া প্ৰতিবেদনত কোৱা হৈছে যে পৰৱৰ্তী 6 মাহত এনপিএ অৰ্থাৎ অসম্পাদিত সম্পদ অধিক বৃদ্ধি পাব ৷

প্ৰশ্নঃ আপুনি দেশৰ কৰ্মসংস্থাপনৰ স্থিতি আৰু সাধাৰণ জনতাৰ ইয়াৰ ওপৰত কম প্ৰভাৱক আপুনি কি দৃষ্টিৰে চায় ?

উত্তৰঃ কৰ্মসংস্থাপনৰ হ্ৰাস ক্ৰমে কমি আহিছে ৷ চি.এম.আই.ই.য়ে দেখুৱা তথ্য অনুসৰি বিগত কিছু বৰ্ষত কৰ্মসংস্থাপনৰ মাত্ৰা 3 কোটিৰ পৰা 6 কোটি লৈকে হ্ৰাস হৈছে ৷ আৰু চি.এম.আই.ই.ৰ তথ্যৰ বিপৰীতে আৰু কোনো তথ্য নাই ৷ আমি ব্যক্তিগত খণ্ডত কোনো নিযুক্তি দিয়া দেখিবলৈ পোৱা নাই ৷ সেইবাবে মোৰ চূড়ান্ত দৃষ্টিভংগী এয়ে যে কৰ্মসংস্থাপন বিমুদ্ৰাকৰণৰ পাচত হ্ৰাস পাইছে আৰু ই অব্যাহত আছে ৷ বৰ্তমান মন্দাৱস্থাত এইটো এটা যুক্তিকেন্দ্ৰিক উপসংহাৰ যে কৰ্মসংস্থাপন হ্ৰাস হ'ব ৷ কিন্ত চৰকাৰে ইয়াক মানি ল'ব বিচৰা নাই ৷ তথ্যৰ ভিত্তিত আমি জানো যে কৰ্মসংস্থাপন হ্ৰাস হৈছে আৰু ইতিমধ্যে হ্ৰাস হ'ল ৷

প্ৰশ্নঃবৰ্তমান মন্দাৱস্থাৰ বাবে ব্যক্তিগত কৰ হ্ৰাস কৰাটো এক উচিত সমাধান নেকি ?

উত্তৰঃ আয়কৰ হ্ৰাস কৰাৰ এইটো উচিত সময় নহয় ৷ যদি আপুনি কোনো ধৰণৰ আয়কৰ হ্ৰাস কৰিব বিচাৰিছে তেন্তে তোমালোকে অপ্ৰত্যক্ষ কৰো হ্ৰাস কৰিব লাগিব,যিটো সীমা শুল্ক পণ্য আৰু সেৱা কৰৰ অন্তৰ্গত ৷

লগতে পঢ়ক - দেশৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে 102 লাখ কোটি টকাৰ পাঁচ বছৰীয়া পৰিকল্পনা

Last Updated : Jan 1, 2020, 4:27 PM IST

ABOUT THE AUTHOR

...view details