অসম

assam

ৰাজস্থানৰ লগতে দেশৰ বিভিন্ন স্থানত ব্যাহত ইণ্টাৰনেট সেৱা

By

Published : Nov 9, 2019, 10:42 AM IST

ৰাজস্থানৰ লগতে দেশৰ বিভিন্ন স্থানত ব্যাহত ইণ্টাৰনেট সেৱা, 144 ধাৰা জাৰি,অতিৰিক্ত আৰক্ষী মোতায়েন প্ৰশাসনৰ,কটকটীয়া নিৰাপত্তা ব্যৱস্থা দেশৰ সকলোতে, বন্ধ আছে শিক্ষানুষ্ঠান আদি ৷

ৰাজস্থানৰ লগতে দেশৰ বিভিন্ন স্থানত ব্যাহত ইণ্টাৰনেট সেৱ

নিউজ ডেস্ক, 9 নৱেম্বৰ: সুদীৰ্ঘ অপেক্ষাৰ অন্তত কিছুসময়ৰ পিচতে ঘোষণা হ‘ব অযোধ্যা বিবাদৰ ৰায়দান ৷ ৰাজ্যখনৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজস্থান চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে ৷ ভৰতপুৰৰ বিভাগীয় আয়ুক্তই প্ৰদেশখনৰ সকলো ইণ্টাৰনেট সেৱা অস্থায়ীভাৱে ব্যাহত কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে ৷ ইফালে জিলা আয়ুক্তই ৰাজ্যখনৰ সকলো শিক্ষানুষ্ঠান বন্ধ ৰাখিবলৈ কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে ৷ বিশেষকৈ ছ‘চিয়েল মিডিয়াত উৰা বাতৰি প্ৰচাৰ আৰু হিংসাত্মক কাৰ্য ৰোধৰ বাবে চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰিছে ৷ ৰাজ্যখনত আজি পুৱা 6 বজাৰ পৰা ৰবিবাৰে পুৱা 6 বজালৈ 24 ঘণ্টীয়া ইণ্টাৰনেট সেৱা বন্ধ থাকিব ৷ বাকী ম'বাইল ফোন আৰু লেণ্ডলাইন সেৱা নিয়মীয়াকৈ চলি থাকিব ৷ তদুপৰি প্ৰশাসনীয় কৰ্তৃপক্ষই জনসাধাৰণক শান্তি-শৃংখলা অটুট ৰাখিবলৈ আহ্বান জনাইছে ৷ ৰাজ্যখনৰ জয়ছালমেৰএলেকাকে ধৰি আন আন এলেকাতো 144 ধাৰা জাৰিকৰা হৈছে ৷

ৰাজস্থানৰ বাহিৰেও মধ্য প্ৰদেশ,উত্তৰ প্ৰদেশ,জম্মু-কাশ্মীৰ,কৰ্ণাটক আৰু দিল্লীত সকলো শিক্ষানুস্থান বন্ধৰ নিৰ্দেশ জাৰি কৰিছে চৰকাৰে ৷ 144 ধাৰা অনুসৰি গোৱা,উত্তৰ প্ৰদেশ,জম্মু-কাশ্মীৰৰ পথসমূহত চাৰিজনতকৈ অধিক লোকে জুম বন্ধাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে চৰকাৰে ৷ অযোধ্যাৰ ৰায়দানৰ প্ৰভাৱ ভূপালকে ধৰি বেংগালুৰুতো পৰাৰ আশংকা ব্যক্ত কৰা হৈছে ৷ আৰক্ষী আয়ুক্ত ভাস্কৰ ৰাওৱে সদৰী কৰা মতে বেংগালুৰুত পুৱা 7 বজাৰ পৰা নিশা 12 বজালৈ 144 ধাৰা জাৰি কৰা হৈছে ৷

উত্তৰ প্ৰদেশৰ আলিগড় জিলাতো একেই পৰিৱেশ পৰিলক্ষিত হৈছে ৷ আলিগড়ৰ জিলা ন্যায়াধীশ চন্দ্ৰভূষণ সিঙয়ে কয় যে,সুৰক্ষাৰ স্বাৰ্থত জিলাখনত 9 নৱেম্বৰৰ নিশা 12 বজাৰ পৰা 24 ঘণ্টীয়া সকলো ইণ্টাৰনেট সেৱা অস্থায়ীভাৱে বন্ধ কৰা হৈছে ৷ পৰৱৰ্তী পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিহে ইণ্টাৰনেট সেৱা পুনৰ কাৰ্যকৰী কৰা হ‘ব ৷ জিলাখনত তিনিদিনৰ বাবে শিক্ষানুস্থান সমুহ বন্ধৰ নিৰ্দেশ দিয়া হৈছে ৷ তদুপৰি জিলাখনত অতিৰিক্ত আৰক্ষী মোতায়েন কৰা হৈছে ৷ মুঠতে জিলাখনত সুৰক্ষাৰ ক্ষেত্ৰত কোনো ক্ৰটি এৰা নাই প্ৰশাসনীয় কৰ্তৃপক্ষই ৷

ABOUT THE AUTHOR

...view details