অসম

assam

ETV Bharat / bharat

অনলাইন পৰীক্ষা : ইণ্টাৰনেট সংযোগৰ বাবে পাহাৰ বগাবলৈ বাধ্য শিক্ষাৰ্থী

মাৰ্চ মাহৰ পৰা ক'ৰণা ভাইৰাছৰ বাবে অনলাইন যোগে শিক্ষা গ্ৰহণ কৰি থকা ভালেসংখ্যক শিক্ষাৰ্থীয়ে তেওঁলোকৰ অৰ্ধবাৰ্ষিক পৰীক্ষা দিব লাগে আৰু প্ৰশ্ন কাকত সমাধানৰ বাবে দ্ৰুত ইণ্টাৰনেট সংযোগৰ প্ৰয়োজন। যিহেতু তেওঁলোকে তেওঁলোকৰ গাঁৱবোৰত শক্তিশালী ম'বাইল ইণ্টাৰনেট সংযোগ নাথাকে যাৰ বাবে তেওঁলোকে তেওঁলোকৰ পৰীক্ষা দিয়াৰ বাবে পাহাৰ বগাবলগীয়া হয় ৷

internet-connectivity-climb-mountains-bharmour
অনলাইন পৰীক্ষাঃ ইণ্টাৰনেট সংযোগৰ বাবে পাহাৰ বগাবলৈ বাধ্য শিক্ষাৰ্থী

By

Published : Dec 10, 2020, 6:00 PM IST

নিউজ ডেস্ক, 10 ডিচেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা ভাৰতৰ সকলো স্থানতে অধিক সংখ্যক সেৱাৰ ডিজিটেলীকৰণ আৰু ইন্টাৰনেট সেৱা উপলৱ্ধ কৰোৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ কিন্তু ইয়াৰ পাছতো ইন্টাৰনেট সেৱা লাভৰ বাবে শিক্ষাৰ্থীয়ে পাহাৰত আৰোহণ কৰাৰ ঘটনা পোহৰলৈ আহিছে ৷ অনলাইন পৰীক্ষাৰ বাবে যুৱ শিক্ষাৰ্থীসকলে ইণ্টাৰনেট সংযোগ লাভৰ বাবে পাহাৰত আৰোহণ কৰিবলৈ বাধ্য হোৱা ঘটনা সংঘটিত হৈছে হিমাচল প্ৰদেশত ৷

বিগত মাৰ্চ মাহৰ পৰা ক'ৰণা ভাইৰাছৰ বাবে অনলাইন যোগে শিক্ষা গ্ৰহণ কৰি থকা ভালেসংখ্যক শিক্ষাৰ্থীয়ে তেওঁলোকৰ ছয়মাহিলী পৰীক্ষা দিব লাগে আৰু প্ৰশ্ন কাকত সমাধানৰ বাবে দ্ৰুত ইণ্টাৰনেট সংযোগৰ প্ৰয়োজন। যিহেতু তেওঁলোকে তেওঁলোকৰ গাঁৱবোৰত শক্তিশালী ম'বাইল ইণ্টাৰনেট সংযোগ নাথাকে যাৰ বাবে তেওঁলোকে তেওঁলোকৰ পৰীক্ষা দিয়াৰ বাবে পাহাৰ বগাবলগীয়া হয় ৷

উল্লেখ্য যে, যুৱ শিক্ষাৰ্থীসকলে ইণ্টাৰনেট সংযোগ লাভ কৰাৰ আশাত এক নিৰ্দিষ্ট স্থানত উপনীত হ'বলৈ কেনেদৰে দীৰ্ঘ দূৰত্ব অতিক্ৰম কৰে তাৰ কোনো তথ্য সংশ্লিষ্ট ৰাজনৈতিক নেতা আৰু বিষয়াসকলৰ ওচৰত নাই ।

এই ঘটনা পাহাৰীয়া ৰাজ্য হিমাচল প্ৰদেশৰ আদিবাসী বসতি প্ৰধান অঞ্চল ভৰমোৰৰ ৷ হিমাচল প্ৰদেশৰ পাহাৰ সমূহত বৰ্তমান হাঁড় কঁপোৱা ঠাণ্ডা ৷ কিন্তু তাৰ পৰিপেক্ষিতত কেৱল পৰীক্ষা দিয়াৰ বাবেই শিক্ষাৰ্থী সকলে এনেদৰে যথেষ্ট প্ৰত্যাহ্বানৰ মাজতো পাহাৰ বগাই ইন্টাৰনেট সেৱা লাভ কৰিবলগীয়া হৈছে ৷ নিজৰ শৰীৰৰ গৰম কৰি ৰাখিবলৈ শিক্ষাৰ্থীয়ে জুইৰ আশ্ৰয় লোৱাও পৰিলক্ষিত হৈছে ৷

বালোথ গ্ৰাম পঞ্চায়তৰ প্ৰধান ৰতন চান্দ আৰু কুণ্ডেল প্ৰধান প্ৰভাতিয়ে কয় যে, তেওঁলোকে সমস্যাটো সমাধান কৰিবলৈ বিভিন্ন সময়ত সংশ্লিষ্ট কৰ্তৃপক্ষক অনুৰোধ কৰিছে কিন্তু অঞ্চলটোত ইণ্টাৰনেট সংযোগ উন্নত কৰাৰ বাবে একো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই ।

ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে জনজাতীয় অঞ্চলত অফলাইন পৰীক্ষা অনুষ্ঠিত কৰাৰ প্ৰতিশ্ৰুতি দিছিল, য'ত ইণ্টাৰনেট সংযোগ এটা সমস্যা আছিল ৷ কিন্তু সময়ত এয়া হোৱা নাছিল যাৰ ফলতে ইণ্টাৰনেট সংযোগৰ বাবে এই অঞ্চলৰ শিক্ষাৰ্থীসকলে দীৰ্ঘ দূৰত্ব অতিক্ৰম কৰিব লগা হৈছে । উল্লেখ্য যে, এই ঘটনা পোহৰলৈ অহাৰ পাছত বিভাগীয় বিষয়া সকলে উক্ত ঘটনাৰ তদন্ত কৰা হ‘ব বুলি আশ্বাস প্ৰদান কৰিছে ৷

লগতে পঢ়ক: ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ কাৰ্যসূচীসমূহ

ABOUT THE AUTHOR

...view details