নেশ্যনেল ডেস্ক, ২১ জুনঃ মধ্যপ্ৰদেশৰ মাণ্ডলাৰ ১২ বছৰীয়া এগৰাকী কিশোৰীয়ে প্ৰশংসনীয় যোগাসন প্ৰদৰ্শনৰ জৰিয়তে ৰবৰ গাৰ্ল উপাধি লাভ কৰিবলৈ সক্ষম হৈছে । মধ্যপ্ৰদেশৰ মাণ্ডলাৰ নিৱাসী মোলী সিং নামৰ এই ১২ বছৰীয়া কিশোৰীগৰাকীয়ে বিগত ৪ বছৰ ধৰি যোগচৰ্চা কৰি আছে আৰু বিভিন্ন যোগ প্ৰতিযোগিতাত পুৰস্কাৰ লাভ কৰিবলৈও সক্ষম হৈছে ।
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ এই ক্ষণত ই টিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ‘ৰবৰ গাৰ্ল’ মোলী সিঙে নিজৰ যোগাযাত্ৰাৰ কথা জানিবলৈ দিয়ে । তেওঁ কয় যে, তেওঁক তেওঁৰ মাকে পোনপ্ৰথমে যোগৰ সৈতে পৰিচয় কৰাই দিছিল আৰু তেতিয়াৰে পৰা ৩-৪ বছৰ ধৰি মোলীয়ে যোগৰ অনুশীলন কৰি আছে ।
কেন্দ্ৰীয় বিদ্যালয় মাণ্ডলাত ষষ্ঠ শ্ৰেণীত পঢ়ি থকা মোলীয়ে প্ৰকৃতিৰ সৈতে মুক্তমনে যোগাসন কৰি ভালপায় । আৰম্ভণিতে যোগাসনসমূহ কৰিবলৈ বহুত কষ্ট হৈছিল যদিও লাহে লাহে নিয়মীয়া অনুশীলনৰ দ্বাৰা নিজকে যোগৰ দিশত আগবঢ়াই নিবলৈ সক্ষম হয় কিশোৰীগৰাকীয়ে ।