তেজপুৰ,২১ জুন : ইটানগৰত ৰাজভৱনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰে অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল ব্ৰিগেদিয়াৰ ডঃ বি ডি মিশ্ৰ (অৱসৰ প্ৰাপ্ত) আৰু ৰাজ্যখনৰ প্ৰথম মহিলা নীলিমা মিশ্ৰই । কৰ'ণা ভাইৰাছ সংকটৰ ফলত এইবাৰ কেৱল পৰিয়ালৰ সৈতে যোগ কৰা দেখা গ'ল ৰাজ্যপালগৰাকীক।
ৰাজভৱনত যোগ দিৱস পালন অৰুণাচল প্ৰদেশৰ ৰাজ্যপালৰ - আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস
"নিজৰ দেহ মন সুস্থ থাকিলেহে সকলো দিশতে আগবাঢ়ি যাবলৈ সক্ষম হয় আৰু তাৰ বাবে সকলোৱে যোগ অভ্যাস কৰাটো অতিকৈ প্ৰয়োজনীয়"- ব্ৰিগেদিয়াৰ ডঃ বি ডি মিশ্ৰ ।
International Yoga Day: Arunachal Governor performs Yoga with family at Raj Bhawan,Itanagar
"নিজৰ দেহ মন সুস্থ থাকিলেহে সকলো দিশতে আগবাঢ়ি যাবলৈ সক্ষম হয় আৰু তাৰ বাবে সকলোৱে যোগ অভ্যাস কৰাটো অতিকৈ প্ৰয়োজনীয়" বুলি মন্তব্য কৰি সকলোকে যোগ কৰিবলৈ আহ্বান জনায় ব্ৰিগেদিয়াৰ ডঃ বি ডি মিশ্ৰই।
ৰাজ্যপাল মিশ্ৰই জনায় যে, তেওঁ ৪০ বছৰ বয়সত তামিলনাডুৰ কন্যাকুমাৰীৰ বিবেকানন্দ কেন্দ্ৰত ১৯৭৮ চনতে যোগ শিকিছিল। তাৰ পিছত একাদিক্ৰমে তেওঁ এই যোগ অভ্যাস কৰি আহিছে । তদুপৰি, যোগ দিৱসৰ এই দিনটোত দেশবাসীক যোগাভ্যাসৰ প্ৰতি আকৰ্ষিত কৰি তোলাৰ বাবে প্রধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰে ৰাজ্যপালগৰাকীয়ে।