অসম

assam

ETV Bharat / bharat

পলকতে 2019: কি পালো ? কি হেৰুৱালো ? - 2019 ৰ বিশ্বৰ ডাঙৰ ঘটনা

2019ৰ অন্ত পৰিবলৈ মাজত মাথো কেইটামান দিন বাকী ৷ বহু মিঠা-তিতা স্মৃতিৰে বিদায় মাগিব এই বছৰটোৱে ৷ 2019ত শিৰোনাম দখল কৰা কেইটামান গুৰুত্বপূৰ্ণ ঘটনালৈ চকু ফুৰাই চাওঁ আহক ৷

পলকত 2019: কি পালো? কি হেৰুৱালো?
পলকত 2019: কি পালো? কি হেৰুৱালো?

By

Published : Dec 27, 2019, 8:24 PM IST

1. শ্ৰীলংকা ধাৰাবাহিক বোমা বিস্ফোৰণ:

এই দশকৰ সবাতোকৈ ভয়াবহ বোমা বিস্ফোৰণৰ সাক্ষী হ'ল শ্ৰীলংকা ৷ 21 এপ্ৰিলত 9 জন আত্মঘাটী বোমাৰুৱে নৰসংহাৰ চলালে শ্ৰীলংকাত ৷ এই বিস্ফোৰণত 259 জন লোক নিহত হোৱাৰ লগতে আহত হৈছিল শতাধিক লোক ৷ বিস্ফোৰণৰ বাবে বোমাৰুৱে বাছি লৈছিল 3 টা গীৰ্জা, য'ত দেওবাৰে ইষ্টাৰ প্ৰৰ্থনাৰ অন্তত বহুলোক একত্ৰিত হৈছিল ৷ লগতে কেইবাখনো বিলাসী হোটেলতো সংঘটিত হৈছিল বোমা বিস্ফোৰণ ৷ আইএছআইএছে এই আক্ৰমণৰ দ্বায়িত্ব স্বীকাৰ কৰিছিল যদিও চৰকাৰে স্থানীয় উগ্ৰপন্থী সংগঠন National Thawheed Jamaath জড়িত আছিল বুলি অভিযোগ উত্থাপন কৰিছিল ৷ সেয়েহে 300 শতকৈও অধিক লোকক এই ঘটনাৰ লগত জৰিত থকাৰ সন্দেহত গ্ৰেপ্তাৰ কৰিছিল শ্ৰীলংকা আৰক্ষীয়ে ৷

2. হংকং প্ৰতিবাদ:

হংকঙত জুন মাহত প্ৰত্যাৰ্পণ বিধেয়কৰ বিৰুদ্ধে এক বিশাল প্ৰতিবাদৰ আৰম্ভ হৈছিল আৰু বৰ্তমান পৰ্যন্ত অব্যাহত আছে এই প্ৰতিবাদ ৷ এই বিধেয়কখনে সন্দেহযুক্ত অপৰাধীক চীনলৈ প্ৰত্যাৱৰ্তন কৰাৰ অনুমতি প্ৰদান কৰে ৷ যদিও চেপ্তেম্বৰত অনিৰ্দিষ্ট কালৰ বাবে এই বিধেখন বাতিল কৰা হৈছিল, তথাপিও বিধেয়কখন সম্পূৰ্ণৰূপে বাতিল কৰাৰ বাবে জনসাধাৰণে এতিয়াও অব্যাহত ৰাখিছে প্ৰতিবাদ ৷

3. কানাডা নিৰ্বাচন:

কানাডা নিৰ্বাচনত ভাল ফলাফল দেখুৱালে ভাৰতীয় মূলৰ প্ৰতিদ্বন্দীসকলে ৷ 1 অক্টোৱৰত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডেও নেতৃতাধীন লিবাৰেল পাৰ্টীয়ে জয়লাভ কৰে যদিও ভাৰতীয় মূলৰ জছমীত সিঙ নেতৃত্বাধীন New Democratic Party (NDP) এ 28 খন আসন লাভ কৰিবলৈ সক্ষম হয় ৷ নিৰ্বাচনত মুঠ 50 জন জন ভাৰতীয় মূলৰ লোকে প্ৰতিদ্বন্দীতা কৰাৰ বিপৰীতে জয়লাভ কৰিছিল 19 জন লোকে ৷ ইয়াৰ ভিতৰত 18 জন পাঞ্জাৱী বুলি জানিব পৰা গৈছে ৷

4. ইউকে নিৰ্বাচন:

ইউকে সাধাৰণ নিৰ্বাচনতো ভাল ফলাফল দেখুৱাবলৈ সক্ষম হল ভাৰতীয় মূলৰ প্ৰতিদ্বন্দীসকলে৷ 12 ডিচেম্বৰত অনুষ্ঠিত হোৱা এই নিৰ্বাচনত বৰিছ জনচন নেতৃত্বাধীন Conservative party এ জয়লাভ কৰে যদিও Conservative party আৰু Labour party ৰ বহু ভাৰতীয় মূলৰ সাংসদে জয়লাভ কৰে এই নিৰ্বাচনত৷

5. জলবায়ু পৰিৱৰ্তন প্ৰতিবাদ:

জলবায়ু পৰিৱৰ্তন কৰ্মী গ্ৰেতা থানবাৰ্গৰ দ্বাৰা অনুপ্ৰাণিত হৈ ইতিহাসৰ সবাতোকৈ ডাঙৰ জলবায়ু পৰিৱৰ্তন প্ৰতিবাদ সাব্যস্ত কৰে জনসাধাৰণে ৷ 20 চেপ্তেম্বৰৰ পৰা 27 চেপ্তেম্বৰলৈ অনুষ্ঠিত হোৱা এই প্ৰতিবাদত পৃথিৱীৰ প্ৰায় 6 মিলিয়ন লোকে অংশগ্ৰহণ কৰে ৷ পৃথিৱীৰ 150 খন ৰাষ্ট্ৰত প্ৰায় 4,500 খন স্থানত জলবায়ু পৰিৱৰ্তনৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত হয় ৷

6. গ্ৰেতা থানবাৰ্গ

এনেকুৱা সময়ত যত জনসাধাৰণ জলবায়ু অৱনতিৰ প্ৰতি চিন্তিত সেই সময়ত এগৰাকী 16 বছৰীয়া কিশোৰী গ্ৰেতা থানবাৰ্গৰ দ্বাৰা অনুপ্ৰাণিত হৈছে বিশ্বৰ লাখ লাখ লোক ৷ তেওঁ জলবায়ু পৰিৱৰ্তনৰ হকে জনতাক ৰাজপথলৈ ওলাই আহিবলৈ আহ্বান জনাইছিল ৷ গ্ৰেতা থানবাৰ্গ এই পদক্ষেপৰ প্ৰতি সন্মান জনায় টাইম আলোচনীয়ে তেওঁক Time Magazine's Person of the Year 2019 ৰে সন্মানিত কৰে ৷

7. মুগাবী মৃত্যু:

6 চেপ্তেম্বৰত জিম্বাবুৱেৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰবাৰ্ট মুগাবীৰ ছিংগাপুৰৰ এখন হাস্পতালত মৃত্যু হয় ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 95 বছৰ ৷

8. শান্তিৰ নোবেল বঁটা:

ইথিওপিয়াৰ প্ৰধানমন্ত্ৰী এবি আহমেদ আলিয়ে লাভ কৰে 2019 চনৰ শান্তিৰ ন'বেল বঁটা ৷ চুবুৰীয়া ৰাষ্ট্ৰ এৰিট্ৰীয়াৰ সৈতে থকা সীমা বিবাদ নিষ্পত্তি কৰা আৰু শান্তি স্থাপন কৰাৰ উদ্দেশ্যে কৰা প্ৰচেষ্টাৰ বাবেই তেওঁক এই ন'বেল বঁটা প্ৰদান কৰা হয় ৷

9. আৰ্মাকো আক্ৰমণ:

14 চেপ্তেম্বৰত ছৌদি আৰৱত সংঘটিত হয় সবাতোকৈ ডাঙৰ ড্ৰোণ আক্ৰমণ ৷ এই ড্ৰোণ আক্ৰমণে Abqaiqz চহৰস্থিত বিশ্বৰ সবাতোকৈ বৃহৎ তেল শোধনাগাৰত এক বৃহৎ অগ্নিকাণ্ড সংঘটিত কৰে ৷

10. অৰ্থনীতিৰ ন'বেল বঁটা

14 অক্টোৱৰত ভাৰতীয় মূলৰ আমেৰিকান অৰ্থনীতিবিদ অভিজীত বেনাৰ্জীয়ে তেওঁৰ পত্নী এস্থাৰ ডাফল' আৰু মাইকেল ক্ৰীমাৰৰ সৈতে যুটীয়াভাৱে লাভ কৰে অৰ্থনীতিৰ ন'বেল বঁটা ৷ সমগ্ৰ বিশ্বৰ দৰীদ্ৰতা নিৰ্মূল কাৰৰ হকে জৰীপ চলোৱাৰ বাবেই তেওঁ লাভ কৰিছিল এই নোবেল বঁটা ৷

11. ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে মহাভিযোগ:

18 ডিচেম্বৰত আমেৰিকাৰ ৰাষ্ট্ৰৰ্পতি ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে গৃহীত হয় মহাভিযোগৰ প্ৰস্তাৱ। হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভত গৃহীত হয় এই প্ৰস্তাৱ। ট্ৰাম্পৰ বিৰুদ্ধে ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হয় ৷ আমেৰিকাৰ ইতিহাসত মহাভিযোগ উত্থাপন হোৱা ট্ৰাম্প তৃতীয়গৰাকী ৰাষ্ট্ৰপতি । প্ৰতিনিধি সভাত মহাভিযোগৰ অভিযোগ পত্ৰৰ ওপৰত ভোটদান হয়, য’ত ২৩০টা ভোটৰ ১৯৭টা মহাভিযোগৰ পক্ষত পৰে ।

ABOUT THE AUTHOR

...view details