নিউজ ডেস্ক, 19 মাৰ্চঃ কোভিড-19 মহামাৰীৰ বাবে সমগ্ৰ বিশ্বতে 9000ৰো অধিক লোকৰ মৃত্যু হৈছে ৷ আন্তঃৰাষ্ট্ৰীয় হকী ফেডাৰেশ্যনে ঘোষণা কৰিছে যে, মে'ৰ 17 তাৰিখলৈ সকলো প্ৰ' লীগৰ খেল স্থগিত কৰা হৈছে ৷ যোৱা শনিবাৰে আন্তঃৰাষ্ট্ৰীয় হকী ফেডাৰেশ্যনে কৰ'ণা মহামাৰীৰ বাবে 15 এপ্ৰিলৰ পৰা হ'বলগীয়া খেল সমূহ পিছুওৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷
মে'ৰ 17 তাৰিখলৈ স্থগিত হকী প্ৰ' লীগৰ খেল - আন্তঃৰাষ্ট্ৰীয় হকী ফেডাৰেশ্যন
যোৱা শনিবাৰে কোভিড-19 মহামাৰীৰ বাবে আন্তঃৰাষ্ট্ৰীয় হকী ফেডাৰেশ্যনে কৰ'ণা মহামাৰীৰ বাবে 15 এপ্ৰিলৰ পৰা হ'বলগীয়া খেল সমূহ পিছুওৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷
হকী প্ৰ' লীগৰ খেল
ভাৰতীয় পুৰুষ দলক 2 আৰু 3 মে'ত গ্ৰেট ব্ৰিটেইনত লৈ যোৱাৰ পূৰ্বে 25 আৰু 26 এপ্ৰিলত বাৰ্লিনত জাৰ্মানীৰ বিৰুদ্ধে এখন খেল অনুষ্ঠিত হ'বলগীয়া আছিল ৷ নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়াই ইতিমধ্যে ইউৰোপ যাত্ৰা নকৰাৰ সিদ্ধান্ত লৈছে ৷
Last Updated : Mar 19, 2020, 11:28 PM IST