আন্তৰ্জাতিক গ্ৰাম্য মহিলা দিৱস- 15 অক্টোবৰ
পোন প্ৰথমবাৰৰ বাবে "আন্তৰ্জাতিক গ্ৰাম্য মহিলা দিৱস" 2008 চনৰ 15 অক্টোবৰত পালন কৰা হৈছিল ৷ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই 2007 চনৰ ডিচেম্বৰ মাহত কৃষি আৰু গ্ৰাম্য উন্নয়ন বৃদ্ধি,গ্ৰাম্য দৰিদ্ৰতা নিৰ্মূলকৰণ আৰু খাদ্য নিৰাপত্তা বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা গ্ৰামাঞ্চলৰ মহিলাসকলৰ নামত এই দিৱস উদযাপন কৰাৰ সংকল্প লয় ৷
এই কাৰ্যসূচীৰ কেইটামান গুৰুত্বপূৰ্ণ লক্ষ্যঃ
1. গ্ৰামাঞ্চলৰ মহিলাসকলৰ উন্নয়নৰ বাবে এক পৰিৱেশৰ সৃষ্টি কৰা,মহিলাসকলৰ প্ৰয়োজন,অগ্ৰাধিকাৰ,বৰঙণি সন্দৰ্ভত বিশেষ মনোযোগ প্ৰদান কৰা ৷
2. গ্ৰামাঞ্চলৰ মহিলাসকলৰ ৰাজনৈতিক আৰু আৰ্থ-সামাজিক সবলীকৰণ আৰু সকলো প্ৰকাৰৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত সম্পূৰ্ণ আৰু সমান অংশগ্ৰহণ সম্পন্ন কৰা ৷
3. গ্ৰামাঞ্চলৰ মহিলাসকলৰ স্বাস্থ্য সম্পৰ্কে বিশেষ যতন লোৱা ৷ মহিলাসকলৰ গ্ৰামাঞ্চলত সম্ভৱ হ'ব পৰাকৈ উচ্চ পৰ্যায়ৰ স্বাস্থ্যৰ যতন লোৱা ৷ প্ৰজনন,যৌন স্বাস্থ্য,পৰিয়াল পৰিকল্পনা,জৰুৰীকালীন যতন ইত্যাদি সম্পৰ্কত মহিলাসকলক সজাগ কৰি তোলা ৷
4. লিংগ ৰক্ষণশীলতা আৰু লিংগ বৈষম্য আতৰাবলৈ গ্ৰামাঞ্চলৰ মহিলাসকলক লিংগ সংবেদনশীল শিক্ষা প্ৰদান কৰা ৷
ঘাই বিষয়বস্তুঃ
2018 - গ্ৰামাঞ্চলৰ মহিলা আৰু ছোৱালীবোৰক নাৰী সবলীকৰণ আৰু লিংগ সমানতাৰ বাবে সামাজিক নিৰাপত্তা,বহনক্ষম আন্তঃগাঁথনি,সেৱা প্ৰদান কৰা ৷
2019 -গ্ৰামাঞ্চলৰ মহিলা আৰু ছোৱালীবোৰৰ জলবায়ু স্থিতিস্থাপকতা গঠন ৷
ৰাষ্ট্ৰসংঘৰ মতে এই সম্পৰ্কত কিছু তথ্য আৰু বৈশিষ্ট্যঃ
দৰিদ্ৰতা আৰু ক্ষুধাঃ
দৰিদ্ৰতা আৰু ক্ষুধাৰ ক্ষেত্ৰত লিংগ অসমানতাই প্ৰভাৱ বিস্তাৰ কৰে ৷ ভোকাতুৰৰ ভিতৰত 60 শতাংশই মহিলা আৰু ছোৱালী ৷ উন্নয়নশীল দেশবোৰত কৃষিক্ষেত্ৰৰ 43 শতাংশ শ্ৰমিকেই মহিলা ৷ এওঁলোকক পুৰুষৰ সমানে সুবিধা প্ৰদান কৰিলে কৃষিক্ষেত্ৰৰ উৎপাদন ক্ষমতা বৃদ্ধি পাব ৷ বিশ্বত ভোকাতুৰৰ শতাংশ 12-17 শতাংশলৈ হ্ৰাস হৈ পৰিব ৷
শিক্ষা ঃ
বিশ্বৰ 796 মিলিয়ন অশিক্ষিত ব্যক্তিৰ ভিতৰত দুই-তৃতীয়াংশই মহিলা ৷ এক গোলকীয় সমীক্ষামতে,গ্ৰামাঞ্চলৰ মহিলাৰ মাত্ৰ 39 শতাংশইহে মাধ্যমিক শিক্ষাৰ পৰ্যায় পায় ৷
নিয়োগ-মজুৰিৰ বাবে বেছিভাগ দেশতেই গ্ৰামাঞ্চলত মহিলাসকলে ঋতুগত,অংশকালীন,কম মজুৰিৰ কাম পুৰুষতকৈ অধিক কৰে ৷ মহিলাসকলে একে কামৰ বাবে পুৰুষতকৈ কম মজুৰি লাভ কৰে ৷
মাতৃকালীন স্বাস্থ্য - 1990 আৰু 2008 ৰ ভিতৰত গৰ্ভাৱস্থাত প্ৰসৱৰ পূৰ্বে এবাৰকৈ হ'লেও যতন পোৱা গ্ৰামাঞ্চলৰ মহিলাৰ সংখ্যা 55 ৰ পৰা 66 লৈ বৃদ্ধি পায় ৷
এইডছৰ সংক্ৰমণ সম্পৰ্কে গ্ৰামাঞ্চলৰ মহিলাসকলে চহৰৰ মহিলাসকলৰ তুলনাত কমকৈ জানে ৷ বলিভিয়া,ইজিপ্ত,ইণ্ডোনেছিয়া আৰু ভাৰতত এই পাৰ্থক্য চিন্তনীয় ৷
পৰিৱেশ বহনক্ষমতা - 2008 চনত গ্ৰামাঞ্চলত থকা 743 মিলিয়ন লোকে অনুন্নত খোৱাপানীৰ উৎসৰ ওপৰত নিৰ্ভৰ কৰে ৷ এইক্ষেত্ৰত চহৰত বাস কৰা লোকৰ সংখ্যা 141 মিলিয়নহে ৷
ভাৰতৰ গ্ৰামাঞ্চলৰ মহিলা ঃ
1947 চনতেই স্বাধীনতা লাভ কৰা ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাৰ 68.84 শতাংশই গাঁৱত বাস কৰে ৷ 2011 চনৰ লোকপিয়ল মতে,গ্ৰামাঞ্চলৰ মহিলাৰ সাক্ষৰতাৰ হাৰ মাত্ৰ 58.8 শতাংশ ৷ ৰাষ্ট্ৰসংঘৰ এক অধ্যয়ন অনুসৰি, 2050 বৰ্ষলৈ ভাৰতত বিশ্বৰ সৰ্বাধিক গ্ৰামাঞ্চলৰ বাসিন্দা থাকিব ৷ ভাৰতীয় জনজীৱনক ভাৰাক্ৰান্ত কৰি থকা কেতবোৰ ৰাজনৈতিক,সামাজিক,অৰ্থনৈতিক কাৰকে এতিয়াও ক্ৰিয়া কৰি আছে ৷ নাৰীৰ বিৰুদ্ধে অপৰাধ, দুৰ্নীতি,আমোলাতন্ত্ৰৰ গাফিলতি,স্বজন-তোষণ আদিয়ে ভাৰতক ক্ষতি কৰি আহিছে ৷