নেশ্যনেল ডেস্ক, 12 জানুৱাৰীঃ নতুন দিল্লীৰ প্ৰগতি ময়দানত চলি থকা আন্তঃৰাষ্ট্ৰীয় গ্ৰন্থ মেলাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিষয়ত লিখা এখন গ্ৰন্থ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে ৷ এই কিতাপখনৰ আকৰ্ষণৰ মুখ্য কাৰণ হ’ল ইয়াৰ ওজন তথা দৈৰ্ঘ ৷ কিতাপখনৰ বিশেষত্ব হ’ল তাৰ দৈৰ্ঘ আৰু ওজন প্ৰধানমন্ত্ৰীগৰাকীৰ সমানৰ লগতে কিতাপখনৰ পৃষ্ঠা মোডীৰ বয়সৰ সমান ৷
ইণ্ডিয়া বুক অফ ৰেকৰ্ডত নাম অন্তৰ্ভূক্তঃ
এই কিতাপখনৰ নিৰ্মাতা হ’ল অপূৰ্ব শ্বাহ নামৰ এগৰাকী লোক ৷ তেওঁ ইটিভি ভাৰতৰ সাংবাদিকৰ আগত প্ৰকাশ কৰে যে এই কিতাপখনৰ কাম তেওঁ 2019 চনৰ পৰাই আৰম্ভ কৰিছিল আৰু ইয়াৰ ওজন প্ৰধানমন্ত্ৰীগৰাকীৰ ওজন অৰ্থাৎ 77 কিলো ৰখা হৈছে ৷ ইয়াৰোপৰি ইয়াৰ দৈৰ্ঘ 5.7 ৰখা হৈছে ৷ লগতে তেওঁ উল্লেখ কৰে যে, এই কিতাপখনত প্ৰধানমন্ত্ৰী মোডীৰ জীৱনৰ গুৰুত্বপূৰ্ণ বিষয় সন্নিৱিষ্ট কৰা হৈছে ৷ আনহাতে অপূৰ্ব শ্বাহ এই ব্যতিক্ৰমী কিতাপখনৰ বাবে ইণ্ডিয়া বুক অফ ৰেকৰ্ডত নিজৰ নাম অন্তৰ্ভূক্ত কৰাক লৈ সন্তোষ প্ৰকাশ কৰে ৷